জাৰ্মান চেঞ্চলৰক প্ৰধানমন্ত্ৰী মোডীয়ে তুলি দিলে মেঘালয়, নাগালেণ্ডৰ শ্বল...

জাৰ্মান চেঞ্চলৰক প্ৰধানমন্ত্ৰী মোডীয়ে তুলি দিলে মেঘালয়, নাগালেণ্ডৰ শ্বল...
জাৰ্মান চেঞ্চলৰক প্ৰধানমন্ত্ৰী মোডীয়ে তুলি দিলে মেঘালয়, নাগালেণ্ডৰ শ্বল...

ডিজিটেল ডেস্কঃ ভাৰত ভ্ৰমণৰত জাৰ্মান চেঞ্চলৰ ওলাফ স্ক'লজক বিশেষ উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। জাৰ্মান চেঞ্চলৰগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাত কৰাৰ সময়ত তেওঁৰ হাতত তুলি দিলে দুখন বিশেষ বস্ত্ৰ।

তাৰে এখন মেঘালয়ৰ শ্বল আৰু এখন নাগালেণ্ডৰ শ্বল। জনজাতীয় এই দুয়োখন বস্ত্ৰ উপহাৰ হিচাপে লাভ কৰি অভিভূত হৈ পৰে জাৰ্মান চেঞ্চলৰগৰাকী।

উল্লেখযোগ্য যে দুয়োখন ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতৰ। ৬০ জনীয়া মেঘালয় বিধানসভাৰ বাবে ২৭ ফেব্ৰুৱাৰীত আৰু ৬০ খন আসনৰ নাগালেণ্ড বিধানসভাৰ আসনৰ বাবে নাগালেণ্ডত একেদিনাই ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

২ মাৰ্চত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল। তাৰ পূৰ্বেই মেঘালয় আৰু নাগালেণ্ডলৈ প্ৰধানমন্ত্ৰী নিজেই আহি নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল। জাৰ্মান চেঞ্চলৰ গৰাকীৰ হাতত দুয়োখন ৰাজ্যক প্ৰতিনিধিত্ব শ্বল তুলি দি প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যদুখনৰ ভোটাৰকো যে প্ৰভাম্বিত কৰিব সেয়া নিশ্চিত।

জাৰ্মান চেঞ্চলৰক প্ৰধানমন্ত্ৰী মোডীয়ে তুলি দিলে মেঘালয়, নাগালেণ্ডৰ শ্বল...
সেনা বিষয়াই হত্যা কৰিছিল বন্দনাশ্ৰীক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in