/asomiyapratidin/media/media_files/2025/05/03/xyCcd0GNoWba5AqD75Yh.jpg)
ডিজিটেল ডেস্কঃ মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষই আজি দুবছৰ অতিক্ৰম কৰিলে। ২০২৩ চনৰ পৰা চলি থকা এই সংঘাতৰ পৰা আজিও মু্ক্ত হোৱা নাই মণিপুৰ।
বৰ্তমান ৰাষ্ট্ৰপতিৰ শাসনত থকা উত্তৰ পূৰ্বাঞ্চলৰ এই ক্ষুদ্ৰ পাহাৰীয়া ৰাজ্যখনৰ পৰিস্থিতি এতিয়াও সুস্থিৰ হোৱা নাই। সেয়ে মণিপুৰৰ পৰিস্থিতি নিয়্ন্ত্ৰণ কৰিব নোৱাৰাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহত ব্যৰ্থতা হিচাপে প্ৰমাণিত হৈছে বুলি দাবী কৰিছে কংগ্ৰেছে।
শনিবাৰে এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত বিজেপিয়ে মণিপুৰত বৃহৎ সমাবেশেৰে চৰকাৰ গঠন কৰিছিল। ঠিক দুবছৰ পূৰ্বে ৰাজ্যখনত সাম্প্ৰদায়িক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ৰমেশে কয়, ২০২৩ চনৰ ৩ মে’ৰ পৰা যি আৰম্ভ হৈছিল সেয়া আছিল তথাকথিত ডাৱল ইঞ্জিন চৰকাৰৰ নিজেই সৃষ্টি কৰা পতনৰ আৰম্ভণি।
তেওঁ অভিযোগ কৰি কয়, ৰাজ্যখনত কংগ্ৰেছে উত্থাপন কৰিবলৈ লোৱা অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হোৱাৰ ভয়তে মোডী চৰকাৰে মুখ্যমন্ত্ৰীক পদত্যাগ কৰিবলৈ বাধ্য কৰে আৰু অৱশেষত ২০২৫ ৰ ১৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি শাসন জাপি দিয়া হয়। জনতাৰ দাবীৰ ২০ মাহৰ পাছতহে ৰাষ্ট্ৰপতিৰ শাসন দিয়া হৈছিল।
মণিপুৰত ‘ৰাজনৈতিক খেল’ চলি থকাৰ অভিযোগ কৰি জয়ৰাম ৰমেশে কয়, মনিপুৰৰ যন্ত্ৰণা আৰু কষ্ট অব্যাহত আছে। ৰাজ্যখনত ৰাজনৈতিক খেল চলি আছে। পৰিস্থিতি স্বাভাৱিক কৰাৰ, দুয়োটা সম্প্ৰদায়ৰ মাজত সমিলমিলৰ কোনো গম্ভীৰ প্ৰচেষ্টা দেখা নাযায়। ৬০,০০০তকৈ অধিক গৃহহীন মানুহ এতিয়াও অত্যন্ত কষ্টকৰ অৱস্থাত আশ্ৰয় শিবিৰতে বাস কৰি আছে।
তেওঁ কয়, “সৰ্বাধিক গুৰুত্বপূর্ণ কথাটো হ'ল প্ৰধানমন্ত্ৰীয়ে মনিপুৰক ধাৰাবাহিকভাৱে উপেক্ষা কৰিছে। তেওঁ ৰাজ্যখনৰ কোনো এজন লোকৰ সৈতে সাক্ষাৎ কৰা নাই। তেওঁ বিশ্বজুৰি ভ্ৰমণ কৰিছে, কিন্তু মনিপুৰলৈ অহাৰ সময়, ইচ্ছা বা সংবেদনশীলতা দেখুওৱা নাই।
তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহকো সমালোচনা কৰি কয়, “মণিপুৰ পৰিচালনাৰ দায়িত্ব প্ৰধানমন্ত্ৰীয়ে যাক দিছে তেওঁ সম্পূৰ্ণৰূপে বিফল হৈছে। মণিপুৰবাসীয়ে আশা কৰি আছে প্ৰধানমন্ত্ৰীয়ে ইম্ফল ভ্ৰমণ কৰি ৰাজ্যখনৰ চাৰিওফালে গৈ কিছু সান্তনা প্ৰদান কৰিব। তেওঁলোক ইয়াৰ বাবে অপেক্ষা কৰি আছে।
স্মৰ্তব্য, ২০২৩ চনৰ মে’ মাহৰ পৰা ইম্ফল উপত্যকাৰ মেইটেই আৰু পাহাৰ অঞ্চলৰ কুকি-জো জনগোষ্ঠীৰ মাজত সংঘটিত জাতিগত হিংসাত এই পৰ্যন্ত ২২০ জনতকৈ অধিক লোক নিহত হৈছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈছে।