ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শীঘ্ৰে লাভ কৰিব নতুন দায়িত্ব! অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশগৰাকীৰ ওপৰত নতুন দায়িত্ব অৰ্পণ কৰাৰ মন মেলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে।
অৱশ্যে এই নতুন দায়িত্ব লাভৰ ক্ষেত্ৰত ডি ৱাই চন্দ্ৰচূড়ৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে। কেৱল তেওঁলোক দুয়োৱেই নহয়, আন আন বিৰোধী ৰাজনৈতিক দলসমূহেও ডি ৱাই চন্দ্ৰচূড়ক এই নতুন দায়িত্ব দিয়াৰ ক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰিছে।
যোৱা ১ জুলাইৰ পৰা খালী হৈ আছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ আসনখন। পূৰ্বৰ অধ্যক্ষ অৰুণ মিশ্ৰই ৩০ জুনত আয়োগৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তাৰ পাছৰে পৰা এই পদ খালী হৈ আছে।
ডি ৱাই চন্দ্ৰচূড়ে মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত এতিয়া তেওঁকেই এই পদত নিয়োগ কৰাৰ মন মেলিছে মোডী আৰু শ্বাহে। অতি শেহতীয়াকৈ এই পদত নতুন নিযুক্তিৰ বাবে চাৰিজনীয়া নিযুক্তি কমিটীৰ এক বৈঠকো সম্পন্ন হৈ যায়।
এই বৈঠকতে মোডী আৰু শ্বাহে ডি ৱাই চন্দ্ৰচূড়কে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াৰ আগ্ৰহ প্ৰকাশ কৰে। কিন্তু ইয়াৰ বিৰোধিতা কৰিছে আন দুজন সদস্য ক্ৰমে বিৰোধী দলপতি ৰাহুল গান্ধী আৰু ৰাজ্য সভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেয়ে।
বিৰোধীয়ে চন্দ্ৰচূড়ক এই পদ দিয়াৰ ক্ষেত্ৰত তীব্ৰ বিৰোধিতা কৰিছে। কেৱল বিৰোধীয়েই আন আন চিভিল ছচাইটিয়েও ইয়াৰ বিৰোধিতা কৰিছে। জানিব পৰা মতে নিযুক্তি কমিটীৰ দুই সদস্য ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেয়ে কিয় ডি ৱাই চন্দ্ৰচূড়ক এই পদত নিযুক্তি দিব নালাগে সেই সন্দৰ্ভত সবিশেষ প্ৰতিবেদনো প্ৰেৰণ কৰিব।
মন কৰিবলগীয়া যে, এই পদত পূৰ্বেও দুগৰাকীকৈ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ক্ৰমে কে জি বালাকৃষ্ণন আৰু এইছ এল ডাট্টুৱে কাৰ্যনিৰ্বাহ কৰিছিল। এইবাৰ সদ্য অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক এই পদৰ বাবে নিৰ্বাচিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে কমিটীৰ দুজনকৈ সদস্যই।
উল্লেখ্য যে, মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তো ডি ৱাই চন্দ্ৰচূড় বহু কেইবাৰ সমালোচিত হৈছিল। বিশেষকৈ তেওঁৰ প্ৰধানমন্ত্ৰীকে ধৰি একাংশ বিজেপি নেতাৰে ৰক্ষা কৰি অহা ঘনিষ্ঠ সম্পৰ্কও চৰ্চাৰ বিষয় হৈ আছিল। অৱসৰৰ মাত্ৰ কিছু দিন পূৰ্বে চন্দ্ৰচূড়ৰ এক ঘৰুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডী উপস্থিত হোৱা আৰু তেওঁলোক দুয়োৰে ঘনিষ্ঠতা সমালোচনাৰ বিষয় হৈ পৰিছিল।
এতিয়া বহুতেই ক'ব বিচাৰিছে ডি ৱাই চন্দ্ৰচূড়ক প্ৰধানমন্ত্ৰীয়ে উপহাৰ হিচাপে এই দায়িত্ব দিবলৈ বিচাৰিছে। ইয়াৰ পূৰ্বে মুখ্য ন্যায়াধীশ হিচাপে অৱসৰগ্ৰহণ কৰাৰ পাছতে ৰাজ্যসভাৰ সাংসদ হিচাপে দায়িত্ব লাভ কৰিছিল ৰঞ্জন গগৈয়ে। সেই একে সময়তো এই ধৰণৰ সমালোচনা হৈছিল।