প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা সম্পৰ্কীয় শীৰ্ষ বৈঠক...

ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী বাসগৃহ শীৰ্ষ প্ৰতিৰক্ষা সম্পৰ্কীয় এক শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে।

author-image
Tushar Pratim
New Update
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা সম্পৰ্কীয় শীৰ্ষ বৈঠক...

ডিজিটেল ডেস্কঃ ১১ মে’ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী বাসগৃহ শীৰ্ষ প্ৰতিৰক্ষা সম্পৰ্কীয় এক শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানকে ধৰি স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ মুৰব্বীসকল উপস্থিত আছে।

Advertisment

এই বৈঠক এনে এক সময়ত অনুষ্ঠিত হৈছে যি সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতিৰ বুজাবুজিত উপনীত হৈছে আৰু ড’নাল্ড ট্ৰাম্পে বাণিজ্য বৃদ্ধি আৰু কাশ্মীৰ সমস্যা সমাধানৰ ওপৰত মধ্যস্থতা কৰাৰ প্ৰস্তাৱ দিছে। যুদ্ধ বিৰতিৰ পিছত সীমান্তত পাকিস্তানে পুনৰ প্ৰৰোচিতভাৱে গুলী বৰ্ষণ কৰাৰ খবৰ প্ৰকাশ পাইছিল যদিও নিশাৰ পৰা পৰিস্থিতি স্বাভাৱিক হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।

উল্লেখ্য যে, শনিবাৰে প্ৰথমে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক্সৰ জৰিয়তে ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছিল। পাছত ভাৰত-পাকিস্তানেও আনুষ্ঠানিক ভাৱে যুদ্ধ বিৰতিৰ কথা ঘোষণা কৰিছিল।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে যুদ্ধ বিৰতিৰ কথা উল্লেখ কৰি এই কথাও কৈছিল যে ভাৰতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধাৰাবাহিকভাৱে দৃঢ় আৰু আপোচবিহীন স্থিতি অটুট ৰাখিছে আৰু তেনে স্থিতি অব্যাহত থাকিব। ভাৰতৰ এনে স্থিতিৰ বিপৰীতে পাকিস্তানে যুদ্ধ বিৰতি উলংঘন কৰি গুজৰাটৰ কিছু অংশ শ্ৰীনগৰ, ৰাজস্থানকে ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত ড্ৰোণ আক্ৰমণৰ চেষ্টা চলাইছিল আৰু গুলী বৰ্ষণো কৰিছিল। ফলত সীমান্ত অঞ্চলত পুনৰ ব্লেকআউট জাৰি কৰিবলগীয়া হৈছিল।
 

নৰেন্দ্ৰ মোডী ৰাজনাথ সিং