'যদি পাকিস্তানৰ লগত আলোচনা হয় তেন্তে POK ৰ ওপৰতহে হ'ব'- প্ৰধানমন্ত্ৰী মোডী

সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশৰ প্ৰতিজন নাগৰিক, প্ৰতিটো ৰাজনৈতিক দলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে থিয় দিলে। সন্ত্ৰাসবাদক দমন কৰিবলৈ সেনাক পূৰ্ণ কৰ্তৃত্ব দিলো।

author-image
Tushar Pratim
New Update
'যদি পাকিস্তানৰ লগত আলোচনা হয় তেন্তে POK ৰ ওপৰতহে হ'ব'- প্ৰধানমন্ত্ৰী মোডী

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নিশা ৮ বজাৰ লগে লগে অপাৰেচন সিন্দূৰ সন্দৰ্ভত দেশবাসীক সম্বোধন কৰে। দেশবাসীক উদ্দেশ্যি তেওঁ কয়, আমি যোৱা দিন কেইটাত দেশৰ শক্তি আৰু সংযম সকলোৱেই দেখিছো। দেশৰ সশস্ত্ৰ বাহিনী, চোৰাংচোৱা সংস্থা আৰু বিজ্ঞানীসকলক প্ৰণাম জনাইছো। সাহসী সেনাই অপাৰেচন সিন্দূৰৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বীৰত্ব প্ৰদৰ্শন কৰিলে।

Advertisment

সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশৰ প্ৰতিজন নাগৰিক, প্ৰতিটো শ্ৰেণী, প্ৰতিটো ৰাজনৈতিক দলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে থিয় দিলে। আমি সন্ত্ৰাসবাদক দমন কৰিবলৈ সেনাক পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। অপাৰেচন সিন্দূৰ ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। সন্ত্ৰাসবাদী আকপ তেওঁলোকৰ মালিকে এতিয়া বুজি পাইছে সেন্দূৰ মোহাৰি পেলোৱাৰ মূল্য কিমান। ভাৰতীয় সেনা বাহিনীয়ে পাকিস্তানত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত, তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁত আক্ৰমণ চলালে। সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনাও কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্তও ল’ব পাৰে।

পাকিস্তানৰ বাহাৱালপুৰ আৰু মুৰিদকেক বিশ্বৰ সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় আখ্যা দি মোডীয়ে আৰু কয়, বিশ্বৰ য’তেই বৃহৎ আক্ৰমণ সংঘটিত হৈছে সেই সকলোবোৰে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিৰ সৈতে জড়িত হৈ আছে। বাহাৱালপুৰ আৰু মুৰিদকে বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় হৈ আহিছে।

পাকিস্তান গভীৰ হতাশাত ভূগিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, ভাৰতৰ এনে কাৰ্যৰ বাবে পাকিস্তান গভীৰ হতাশাত ভূগিছে। হতাশাই আগুৰি ধৰাত বিভ্ৰান্ত হৈ পৰিছে। ভাৰতে কল্পনাতিত ভাৱে পাকিস্তানক ধ্বংস কৰিলে। সেয়ে তেওঁলোক পলাবলৈ উপায় বিচাৰিবলৈ ধৰিলে। ১০ মে’ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ সেনাৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি সন্ত্ৰাসবাদক বৃহৎ পৰিসৰত ধ্বংস কৰি পেলালো।

এতিয়াৰ বাবে প্ৰতিশোধমূলক ব্যৱস্থা স্থগিত ৰখাৰ কথা উল্লেখ কৰি তেওঁ আৰু কয়, আমি এতিয়াৰ বাবে আমাৰ প্ৰতিশোধমূলক ব্যৱস্থা স্থগিত ৰাখিছো। পাকিস্তানে কেনে মনোভাৱ প্ৰদৰ্শন কৰে আমি আগন্তুক দিনত লক্ষ্য ৰাখিম। ভাৰতীয় সেনাৰ তিনিওটা বাহিনী আৰু বি এছ এফ সষ্টম হৈ আছে। ছাৰ্জিকেল আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত অপাৰেচন সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতি। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ’ব। আমি নিজৰ চৰ্ত অনুসৰি উত্তৰ দিমেই। সন্ত্ৰাসবাদৰ শিপা গজা প্ৰতিটো ঠাইতে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। ভাৰতে নিখুঁত আৰু নিৰ্ণায়কভাৱে আক্ৰমণ কৰিব। সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰ আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক পৃথক দৃষ্টিৰে নাচাম।

পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে আৰু কয়, আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো। আমি আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিলোঁ। এই অভিযানৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰই নিজক প্ৰমাণ কৰিলে, যি সমগ্ৰ বিশ্বই দেখিছে। আমি সকলোৱে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ থাকিব লাগিব। এয়াই আমাৰ আটাইতকৈ ডাঙৰ শক্তি। এয়া যুদ্ধৰ যুগ নহয় যদিও এয়া সন্ত্ৰাসবাদৰ যুগো নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা।

প্ৰধানমন্ত্ৰীয়ে কয়, পাকিস্তানৰ সেনা আৰু চৰকাৰে সন্ত্ৰাসবাদক লালন-পালন কৰি আছে। ইয়েই এদিন পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ আন কোনো উপায় নাই। সন্ত্ৰাস আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে। সন্ত্ৰাস আৰু বাণিজ্য একেলগে কৰিব নোৱাৰি। আনকি পানী আৰু তেজো একেলগে বৈ যাব নোৱাৰে।

যদি পাকিস্তানৰ লগত আলোচনা হয়, তেন্তে সেয়া হ’ব পাকিস্তান অধিকৃত কাশ্মীৰৰ ওপৰতহে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়,  যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ’ব সন্ত্ৰাসবাদৰ ওপৰত। যদি পাকিস্তানৰ সৈতে আলোচনা হয় তেন্তে সেয়া হ’ব পাক অধিকৃত কাশ্মীৰৰ ওপৰত। দেশৰ সশস্ত্ৰ বাহিনীক আকৌ এবাৰ প্ৰণাম জনাইছো। দেশৰ ঐক্যক প্ৰণাম জনাইছো।

 

অপাৰেচন সিন্দুৰ পাকিস্তান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী