ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ গতি শক্তি উদ্যোগৰ অধীনত নেটৱৰ্ক পৰিকল্পনা গ্ৰুপ (এন পি জি)ৰ ৮৫ সংখ্যক সভাত সম্প্ৰতি ৫ টা ৰূপান্তৰমূলক আন্তঃগাঁথনি প্ৰকল্প পৰ্যালোচনা কৰা হৈছে। ইয়াৰ ভিতৰত দুটা ৰে'লপথ প্ৰকল্প আৰু তিনিটা পথ উন্নয়ন প্ৰকল্প ৰৈছে। এই প্ৰকল্পসমূহে পৰিবহণ, বাণিজ্য আৰু সংযোগ ব্যৱস্থাক উল্লেখনীয় ভাৱে শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
ৰে'লপথ প্ৰকল্পসমূহৰ ভিতৰত যাত্ৰীবাহী আৰু মালবাহী পৰিবহণ ব্যৱস্থাক শক্তিশালী কৰণৰ প্ৰকল্প দুটাৰ ভিতৰত আছে দাঙ্গোৱাপছী-জাৰোলী তৃতীয়, চতুৰ্থ লাইন আৰু বুৰহৱাল-গণ্ডা কাচেৰী চতুৰ্থ লাইন।
ঝাৰখখণ্ড আৰু উৰিষ্যাৰ মাজত বিদ্যমান কৰিডৰৰ কাষত ৮৫.৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দাঙ্গোৱাপছী-জাৰোলী তৃতীয়, চতুৰ্থ লাইন প্ৰকল্প নিৰ্মাণ কৰা হৈচে। এই লাইনত লোহাখনিৰ পৰা উদ্যোগ অঞ্চল আৰু পাৰাদ্বীপ পৰ্যন্ত খনিজ আৰু অন্যান্য সামগ্ৰী পৰিবহণ সহজ হৈ পৰিব।
উত্তৰ প্ৰদেশত নিৰ্মাণ কৰা বুৰহৱাল-গণ্ডা কাচেৰী চতুৰ্থ লাইন প্ৰকল্পই বিদ্যমান ডাবল আৰু তৃতীয় লাইনৰ সৈতে একত্ৰিত হ’ব। এই প্ৰকল্পই বাৰাবাকি, বাহৰাইছ আৰু গণ্ডা জিলাৰ মাজত সংযোগ বৃদ্ধি কৰিব। মালবাহী আৰু যাত্ৰী পৰিবহণক দ্ৰুততৰ কৰি তুলিব।
আঞ্চলিক সংযোগ আৰু বাণিজ্য উন্নয়নৰ বাবে লোৱা পথ প্ৰকল্প তিনিটাৰ ভিতৰত আছে বাৰবাকি-বাহৰাইচ এন এইছ-৯২৭ কৰিডৰ, কানপুৰ-কাবাৰাই গ্ৰীণ ফিল্ড হাইৱে আৰু ছিংহানা-তিতানৱাৰ এক্সেছ কণ্ট্ৰোলড হাইৱে।
বাৰবাকি-বাহৰাইচ এন এইছ-৯২৭ কৰিডৰ প্ৰকল্পই ১০১.৫৪ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটো চাৰি লেনৰ পৰা ছয় লেনলৈ উন্নীত কৰা হ’ব। ই লক্ষ্ণৌ, শ্ৰাবস্তী বিমানবন্দৰ, এন এইছ ২৭ আৰু ভাৰত নেপাল সীমান্তক সংযুক্ত কৰিব।
১১৮.৮ কিলোমিটাৰ দীঘল গ্ৰীণফিল্ড পথটোৱে কানপুৰ ৰিং ৰোডক কাবাৰাইৰ সৈতে সংযোগ কৰিব আৰু সাতটা ৰে’ল ষ্টেচন আৰু তিনিটা বিমানবন্দৰ সংযোগ কৰিব। ই উত্তৰ প্ৰদেশৰ কানপুৰ, হামিৰপুৰ আৰু মহোবা জিলাৰ অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশত সহায় কৰিব।
ৰাজস্থানৰ ৪০.৭২৫ কিলোমিটাৰ দৈৰ্ঘৰ সিংঘানা-টাইটানৱাৰ এক্সেছ কণ্ট্ৰোলড ঘাইপথ প্ৰকল্প এক প্ৰৱেশ-নিয়ন্ত্ৰিত পথ হ'ব। চিকাৰ, নাগাউৰ, যোধপুৰ আৰু দিল্লী অঞ্চলৰ মাজত যোগাযোগ উন্নত কৰিব।
এই প্ৰকল্পসমূহৰ ৰূপায়ণে ভাৰতৰ আন্তঃগাঁথনি উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে আঞ্চলিক সংযোগ বৃদ্ধি, অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।