ডিজিটেল ডেস্কঃ ভাৰতৰ উৎপাদন আৰু বাণিজ্য ক্ষেত্ৰত বিদেশী বিনিয়োগ বৃদ্ধি পাইছে। এই বৃদ্ধিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই কথা উল্লেখ কৰিছে উদ্যোগ চেম্বাৰ চি আই আই (Chamber CII)-এ।
Chamber CII ৰ মতে বিভিন্ন খণ্ডৰ বাবে "মেক ইন ইণ্ডিয়া" আৰু প্ৰডাকচন লিংকড ইনচেণ্টিভ (PLI) আঁচনিয়ে বিদেশী বিনিয়োগকাৰীসকলক ভাৰতত ব্যৱসায় কৰিবলৈ উৎসাহিত কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ লিখা এখন পত্ৰত Chamber CII ৰ সঞ্চালক প্ৰধান চন্দ্ৰজিৎ বেনাৰ্জীয়ে কয় যে, বৰ্ধিত ৰাজহুৱা বিনিয়োগে দেশৰ আন্তঃগাঁথনি উন্নত কৰি তুলিছে। যাৰ ফলত ঘৰুৱা উদ্যোগ অধিক প্ৰতিযোগিতামূলক হৈ পৰিছে।
তেওঁ আৰু উল্লেখ কৰিছে যে, ভাৰতৰ নীতি পৰিৱৰ্তন আৰু গোলকীয় ৰাজনীতিয়ে ভাৰতক এক অনুকূল স্থিতিত ৰাখিছে। য'ত বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে তেওঁলোকৰ ভৌগোলিক আধাৰত বৈচিত্ৰতা আনিব বিচাৰিছে।
২০১৪-১৫ বিত্তীয় বৰ্ষত ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (FDI) আছিল ৪৫.১৪ বিলিয়ন ডলাৰ। ২০২৩-২৪ বিত্তীয় বৰ্ষত এই সংখ্যা ৭০.৯৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে।
এই বৰ্ধিত সংখ্যাই ভাৰতত বিদেশী প্ৰতিষ্ঠানক তেওঁলোকৰ ব্যৱসায় স্থাপন কৰাত আগ্ৰহ বৃদ্ধিৰ ইংগিত দিয়ে। পত্ৰখনত আৰু কোৱা হৈছে, "PLI আঁচনিয়ে বৃহৎ পৰিমাণৰ বিনিয়োগক আকৰ্ষিত কৰিছে আৰু ভাৰতৰ অটো, ইলেক্ট্ৰনিকছ, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ, জাহাজ, ৰে'লৱে আদিৰ দৰে খণ্ডত উৎপাদন ক্ষমতা দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে।"
উল্লেখ্য যে, ভাৰতীয় উদ্যোগ চেম্বাৰ চি আই আই চমুকৈ Chamber CII হৈছে এক বেচৰকাৰী, অলাভজনক সংগঠন। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ বিকাশৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰা।