/asomiyapratidin/media/media_files/2025/02/10/dCGSOVopAARlVADlSGxe.jpg)
ডিজিটেল ডেস্কঃ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদাই ৰাজ্যসভাত দিয়া এক লিখিত উত্তৰত জনাইছে যে, ইলেক্ট্ৰনিক্স উৎপাদনৰ বাবে উৎপাদন সংযুক্ত প্ৰণালী (PLI) য়ে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে এই প্ৰণালীয়ে মুঠ ১০,২১৩ কোটি টকাৰ বিনিয়োগ লাভ কৰিছে।
মন্ত্ৰীগৰাকীৰ মতে, এই উৎপাদন সংযুক্ত প্ৰণালীৰ জৰিয়তে মুঠ ৬,৬২,২৪৭ কোটি টকাৰ উৎপাদন আৰু ১,৩৭,১৮৯ টা প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি হৈছে।
মোবাইল ফোন উৎপাদনত অভূতপূৰ্ব বৃদ্ধি
তেওঁ দিয়া তথ্য অনুসৰি ২০১৪-১৫ বিত্তীয় বৰ্ষত প্ৰায় ৬০ নিযুত মোবাইল ফোন উৎপাদন হৈছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত মোবাইল উৎপাদন বৃদ্ধি পাইছে ৩৩০ নিযুতলৈ। অৰ্থাৎ যোৱা ১০ বছৰত মোবাইল ফোন উৎপাদনৰ সংখ্যা ৫ গুণতকৈও অধিক বৃদ্ধি হৈছে।
মূল্যৰ ফালৰ পৰা চাবলৈ গ’লে, ২০১৪-১৫ চনত মোবাইল ফোন উৎপাদনৰ মূল্য আছিল মাত্ৰ ১৯,০০০ কোটি টকা। ২০২৩-২৪ বিত্তীয় বৰ্ষত এই বৃদ্ধি হৈছে ৪,২২,০০০ কোটি টকালৈ।
মন্ত্ৰীগৰাকীয়ে কয়, "চৰকাৰৰ ইলেক্ট্ৰনিক্স উৎপাদন প্ৰসাৰণ নীতিৰ বাবে ভাৰত এতিয়া মোবাইল ফোন ৰপ্তানীকাৰী দেশলৈ পৰিণত হৈছে। ২০১৪-১৫ চনত ভাৰত আছিল মোবাইল ফোন আমদানীকাৰীৰ দেশ।‘’
তেওঁ জনোৱা অনুসৰি PLI প্ৰণালীৰ আৰম্ভণিৰ সময়ত মোবাইল ফোন ৰপ্তানি ২০২০-২১ চনত ২২,৮৬৮ কোটি টকাৰ পৰা বৃদ্ধি হৈ ২০২৩-২৪ চনত ১,২৯,০৭৪ কোটি টকা হয়গৈ।
ভাৰত হ’বলৈ আগবাঢ়িছে স্বয়ংসম্পূৰ্ণ হ’বলৈ
২০১৫ চনত ভাৰতত বিক্ৰী হোৱা ৭৪ শতাংশ মোবাইলেই আমদানি কৰা হৈছিল। কিন্তু এতিয়া ভাৰতত ব্যৱহৃত ৯৯.২ শতাংশই মোবাইলেই দেশত উৎপাদন কৰা হৈছে।
মোবাইল ফোনৰ উপৰিও, মোবাইল ফোনৰ বিভিন্ন বেটেৰী, চাৰ্জাৰ, PCBA, কেমেৰা মডিউল, ডিসপ্লে মডিউল, এনক্লোজাৰ, USB কেবল, ফেৰাইট আৰু গ্লাছ কভাৰ আদিৰ উৎপাদনো ভাৰতত আৰম্ভ হৈছে। মন্ত্ৰীয়গৰাকীয়ে কয়, "ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে মোবাইল ফোন উৎপাদনৰ সম্পূৰ্ণ ইকোচিষ্টেম ভাৰতত গঢ় লৈ উঠিছে। বিদ্যমান উপাদান উৎপাদনকাৰীসকলে তেওঁলোকৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিছে আৰু নতুন ব্যৱসায়ীসকলক ভাৰতক এক সম্ভাৱনাময় বজাৰ হিচাপে বিবেচনা কৰিছে।"
ক্ষুদ্ৰ উদ্যোগৰ অৱদান
চৰকাৰে ঘৰুৱা বজাৰৰ বাবে উৎপাদন কৰা ক্ষুদ্ৰ উদ্যোগসমূহৰ অৱদানকো স্বীকৃতি জনাইছে। PLI প্ৰণালীৰ অধীনত ঘৰুৱা মোবাইল ফোন উৎপাদনকাৰীসকলে ২০২৪ চনৰ ডিচেম্বৰলৈকে মুঠ ৭৮৭ কোটি টকাৰ বিনিয়োগ কৰিছে। যাৰ ফলত ৩৪,১১১ কোটি টকাৰ উৎপাদন হৈছে আৰু ২৫,২৮৮ টা প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি হৈছে।
২০২০ চনত 'আত্মনিৰ্ভৰ ভাৰত' আৰু 'মেক ইন ইণ্ডিয়া'ৰ অংশ হিচাপে চৰকাৰে এক ডজনতকৈও অধিক খণ্ডত PLI প্ৰণালী আৰম্ভ কৰিছিল। যাৰ লক্ষ্য আছিল ভাৰতীয় উৎপাদনকাৰীসকলক বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰি তোলা, বিনিয়োগ আকৰ্ষণ কৰা, ৰপ্তানি বৃদ্ধি কৰা, ভাৰতক গোলকীয় যোগান শৃংখলাত সংযুক্ত কৰা আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা।
PLI প্ৰণালীৰ সাফল্যই ভাৰতক ইলেক্ট্ৰনিক্স উৎপাদনৰ ক্ষেত্ৰত এখন মুখ্য খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিছে আৰু ভাৰতক স্বয়ংসম্পূৰ্ণ হোৱাৰ দিশত আগবঢ়াই নিছে।