/asomiyapratidin/media/media_files/2025/05/07/wlNgGW4Mp69lJLdzuFbY.jpg)
ডিজিটেল ডেস্কঃ ৭ মে’ ২০২৫, বুধবাৰে পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ লগতে পাকিস্তানৰ ভূ-খণ্ডত ভাৰতে আক্ৰমণ কৰি ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ পাছতে ভাৰতৰ জনসাধাৰণে সন্তুষ্টি প্ৰকাশ কৰি সামাজিক মাধ্যমত বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰ মাজতেই ভাৰতৰ ২৮ সংখ্যক প্ৰাক্তন সেনা প্ৰধান মনোজ নৰৱণে এক্সৰ জৰিয়তে এটা পোষ্টত উল্লেখ কৰিছে- ‘অভি পিকচাৰ বাকী হ্যে...’।
তেওঁৰ এই এক্সৰ পোষ্ট এতিয়া চৰ্চাৰ মাজলৈ আহিছে। তেওঁ এই কথাৰ জৰিয়তে ইংগিত দিছে পাকিস্তানৰ ওপৰত ভাৰচৰ এনে ধৰণৰ কাৰ্যকলাপ আহিবলগীয়া সময়ৰ এক আভাস হে মাত্ৰ
সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বুধবাৰে সমগ্ৰ দেশতে যুদ্ধ সুৰক্ষাৰ অনুশীলন চলাবলৈ নিৰ্দেশ জাৰি কৰাৰ পাছত ৭ মে’ৰ নিশা প্ৰায় ১ বজাত ভাৰতীয় সেনাই আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ ঘাটিত। এই আক্ৰমণৰ বাবে যি অভিযান চলালে তাৰ নাম দিয়া হ’ল অপাৰেচন সিন্দুৰ।
২২ এপ্ৰিলত পেহেলগামত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে চলোৱা হত্যা লীলাৰ প্ৰতিশোধ অপাৰেচন সিন্দুৰ। পাকিস্তানত সামৰিক আক্ৰমণ সম্পূৰ্ণ হোৱাৰ কিছু সময়ৰ পাছতে ভাৰতীয় সেনাই এক্সৰ জৰিয়তে এটা পোষ্টত কয় “ন্যায় প্ৰদান কৰা হৈছে।জয় হিন্দ!”।
আনহাতে আজি কৰ্ণেল ছফিয়া কুৰেশী আৰু উইং কমাণ্ডাৰ ভ্যমিকা সিঙৰ সৈতে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতৰ কঠোৰ সঁহাৰিৰ কথা বিশ্ববাসীৰ আগত উল্লেখ কৰে।
এই প্ৰেছ ব্রিফিঙৰ সময়ত মিশ্ৰীয়ে কয় যে, পাকিস্তানে দেশখনৰ সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনিৰ বিৰুদ্ধে কাম কৰাত ব্যৰ্থ হৈছে আৰু পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে পাকিস্তানৰ সম্পৰ্ক স্পষ্টভাৱে প্ৰতিষ্ঠা হৈছে। পেহেলগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ৰেজিষ্টেন্স ফ্ৰণ্ট নামৰ এটা গোটে। এই গোটটো লস্কৰ-ই-তৈবাৰ সৈতে জড়িত।
তেওঁ লগতে কয়, ‘পাকিস্তানে সন্ত্ৰাসবাদীৰ বাবে নিৰাপদ আশ্ৰয়স্থল হিচাপে বিশ্বত এক পৰিচয় গঢ়ি তুলিছে। মিশ্ৰীয়ে কয় যে ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে সন্ত্ৰাসবাদীয়ে অধিক পৰিকল্পিত আক্ৰমণৰ ইংগিত দিয়া নিৰ্ভৰযোগ্য ইনপুট লাভ কৰিছে, যাৰ ফলত নিৰ্ণায়ক সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
Abhi picture baki hai…
— Manoj Naravane (@ManojNaravane) May 7, 2025