৫ বছৰৰ বাবে দেশত নিষিদ্ধ হ'ল পি.এফ.আই...

দেশত নিষিদ্ধ হ'ল মৌলবাদী ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি.এফ.আই

author-image
Asomiya Pratidin
New Update
৫ বছৰৰ বাবে দেশত নিষিদ্ধ হ'ল পি.এফ.আই...

PFI Banned

ডিজিটেল ডেস্ক : দেশত নিষিদ্ধ হ'ল মৌলবাদী ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি.এফ.আই। পি.এফ.আইক সন্ত্ৰাসবাদীৰ পুঁজি আৰু অন্যান্য কাৰ্যকলাপৰ বাবে ভাৰতত পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ ঘোষণা কৰিছে সংগঠনটোক।

Advertisment

উল্লেখ্য যে সংগঠনটোক ইউ.এ.পি.এ আইনৰ অধীনত নিষিদ্ধ কৰা হৈছে। পিএফআইৰ উপৰিও ইয়াৰ ৮ ভগ্নী সংগঠন ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন, কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া, অল ইণ্ডিয়া ইমাম কাউন্সিল, নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন, নেচনেল উইমেনফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন (কেৰালা)কো নিষিদ্ধ কৰা হৈছে।

উল্লেখ্য যে উত্তৰ প্ৰদেশকে ধৰি ৭খন ৰাজ্যত ২৩০ জনৰো অধিক পি.এফ.আই সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাকে ধৰি নিৰাপত্তা সংস্থাসমূহে মঙলবাৰে পুনৰ উগ্ৰ ইছলামিক সংগঠন পিএফআইৰ সন্ত্ৰাসবাদী পুঁজি আৰু অন্যান্য কাৰ্যকলাপৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে।

উত্তৰ প্ৰদেশ, কৰ্ণাটক, গুজৰাট, দিল্লী, মহাৰাষ্ট্ৰ, অসম আৰু মধ্য প্ৰদেশত ২৩০ৰো অধিক পি.এফ.আই গ্ৰেপ্তাৰ কৰা হৈছে। এই ক্ষেত্ৰত পি.এফ.আয়ে মন্তব্য কৰে যে "এয়া কেৱল কেন্দ্ৰীয় চৰকাৰৰ আমাক লক্ষ্য কৰি লোৱা কাৰ্যৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ বন্ধ কৰাৰ এক প্ৰয়াস আৰু ই স্বৈৰাচাৰী শাসনত হোৱাটো স্বাভাৱিক,"।

PFI banned india