/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/bcae72a6-04be-4962-8e20-514868f9bc54/perfume_ied.jpg)
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত প্ৰথমবাৰলৈ সুগন্ধি বোমাৰে আতংক বিয়পাবলৈ আৰম্ভ কৰিছে সন্ত্ৰাসবাদীয়ে । সচৰাচৰ ব্যৱহাৰ কৰা আই ই ডিৰ সলনি সন্ত্ৰাসবাদীয়ে এইবাৰ সুগন্ধিযুক্ত আই ই ডি ব্যৱহাৰ কৰাৰ তথ্য লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে । ১৩ দিন পূৰ্বে অৰ্থাৎ ২১ জানুৱাৰীৰ দিনা জম্মু-কাশ্মীৰৰ নাৰৱাল অঞ্চলত ২০ মিনিটৰ ব্যৱধানত দুটাকৈ বোমাৰ বিষ্ফোৰণ ঘটিছিল ।
এই বোমা দুটা আছিল সুগন্ধিযুক্ত আই ই ডি । জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে এক সংবাদ মেলযোগে জানিবলৈ দিয়ে এই কথা । নাৰৱালৰ বোমা বিষ্ফোৰণত জড়িত আৰিফ নামৰ এজন জেহাদী পূৰ্বেও এনেধৰণৰ কূটাঘাতত জড়িত হৈ আছিল । সচৰাচৰ সুগন্ধিযুক্ত আই ই ডি খোলাৰ লগে লগে অথবা হেঁচা দিয়াৰ লগে লগে ইয়াৰ বিষ্ফোৰণ ঘটে ।
আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীৰ মন্তব্য অনুসৰি, ২০১৬ চনত শিক্ষক ৰূপে চৰকাৰী বিদ্যালয়ত কাম কৰা আৰিফে পৰৱৰ্তী সময়ত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল । বিগত ডিছেম্বৰ মাহত আৰিফে পাকিস্তানৰ পৰা ড্ৰ'ণযোগে তিনিটাকৈ সুগন্ধিযুক্ত আই ই ডি লাভ কৰিছিল ।
আৰু পঢ়ক : ডিমা হাচাও জিলাৰ মানায়ংহাদি গাৱত কৃষিবিপ্লৱৰে উজ্বলিছে তিনি যুৱক...