সংসদৰ বিশেষ অধিৱেশন আৰম্ভঃ কাইলৈৰ পৰা নতুন সংসদ ভৱনৰ কাৰ্যক্ৰমণিকা..

সংসদৰ বিশেষ অধিৱেশন আৰম্ভঃ কাইলৈৰ পৰা নতুন সংসদ ভৱনৰ কাৰ্যক্ৰমণিকা..

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ সংসদৰ বিশেষ অধিৱেশন। ৫ দিনৰ বাবে হ'ব এই অধিৱেশন। এই অধিৱেশনত যোৱা ৭৫ সংসদৰ বছৰৰ যাত্ৰাৰ বিষয়ে আলোচনা কৰা হ'ব সংসদত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যসভাত জ্যেষ্ঠ বিজেপি নেতা পিয়ুষ গোৱালে এই আলোচনা আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য মতে, মঙলবাৰে পুৱা ১১ বজাত কেন্দ্ৰীয় প্ৰেক্ষাগৃহত লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ এখন সভা অনুষ্ঠিত হ'ব আৰু "ভাৰত সংসদৰ চহকী উত্তৰাধিকাৰক স্মৰণ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প"ৰ বাবে এক অনুষ্ঠান অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ পিছতেই এই বৈঠক নতুন সংসদ ভৱনলৈ স্থানান্তৰ কৰা হ’ব। সংবিধান সভাৰ দ্বাৰা আৰম্ভ হ'ব নতুন সংসদ ভৱনৰ কাৰ্যক্ৰমণিকা।

এই বিশেষ অধিৱেশনত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) বিধেয়ক, ডাকঘৰৰ বিধেয়ক, অধিবক্তা (সংশোধনী) বিধেয়ক, আৰু সাময়িকী প্ৰেছ আৰু পঞ্জীয়ন বিধেয়ক আদি বিভিন্ন বিধেয়ক উত্থাপিত হোৱাৰ সম্ভাৱনা আছে।

সংসদৰ বিশেষ অধিৱেশন আৰম্ভঃ কাইলৈৰ পৰা নতুন সংসদ ভৱনৰ কাৰ্যক্ৰমণিকা..
আজি বিশ্বকৰ্মা পূজা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in