সংসদৰ শীতকালীন অধিৱেশন : উত্থাপন হ'ব ১৬ খন নতুন বিল

সংসদৰ শীতকালীন অধিৱেশন : উত্থাপন হ'ব ১৬ খন নতুন বিল

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ ডিছেম্বৰ মাহৰ ৭ তাৰিখৰ পৰা ১৭ দিনীয়াকৈ অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন । কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ নেতৃত্বত অনুষ্ঠিত হ'ব লগীয়া এই অধিৱেশনত উত্থাপন কৰা হ'ব ১৬ খনকৈ নতুন প্ৰস্তাৱ । গুজৰাট নিৰ্বাচনৰ বাবে পলমকৈ অনুষ্ঠিত হোৱা এই অধিৱেশন ২৯ ডিছেম্বৰলৈ চলি থকাৰ মাজতেই তথ্য অনুসৰি, অধিৱেশনৰ পূৰ্বে এক সংবাদ মেলৰ আয়োজন কৰিছে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।       

ইয়াৰ ওপৰিও চলিত বৰ্ষত পৰলোকগামী হোৱা ৰাজনৈতিক নেতা সকলৰ উদ্দেশ্যি প্ৰথমবাৰৰ বাবে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে লোকসভাই ।

উল্লেখ্য যে, এই ১৬ টা নতুন প্ৰস্তাৱৰ ভিতৰত আছে ট্ৰেড মাৰ্কৰ সংশোধনী প্ৰস্তাৱ, সামগ্ৰীত উৎপাদনস্থলীৰ ভৌগোলিক চিহ্ন প্ৰদানৰ প্ৰস্তাৱ আৰু বাতিল তথা সংশোধনী প্ৰস্তাৱ,২০২২ ।      

ইয়াৰ ওপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ জল ব্যৱস্থাৰ বাবেও উত্থাপন কৰা হ'ব আন এক প্ৰস্তাৱ । এই প্ৰস্তাৱত ব্ৰহ্ম্মপুত্ৰ বৰ্ডৰ সৈতে সংযোগ কৰা হ'ব আন এক কাৰ্যকৰী সমিতিক ।

মঙলবাৰে, দেশৰ সমূহ মুখ্য দলৰ সৈতে কেন্দ্ৰীয় চৰকাৰ মিলিত হৈছিল এক বৈঠকত অধিৱেশনৰ পূৰ্বে । এই বৈঠকত নেতৃত্ব দিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । এই বৈঠকত ই ডাব্লিউ এছ সংৰক্ষণ ব্যৱস্থাৰ আৰু অধিক তৎপৰতাৰে কাৰ্যক্ষম কৰি তুলিবলৈ সিদ্ধান্ত লোৱা হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in