আজি নিৰ্মলা সীতাৰমণে দাখিল কৰিব আটাইতকৈ কঠিন বাজেটখন...

আজি সংসদত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। উল্লেখ্য যে, শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিবেশন।

author-image
Asomiya Pratidin
New Update
আজি নিৰ্মলা সীতাৰমণে দাখিল কৰিব আটাইতকৈ কঠিন বাজেটখন...

ডিজিটেল ডেস্কঃ আজি সংসদত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। উল্লেখ্য যে, শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিবেশন। ৰাষ্ট্ৰপতিৰ অভিভাষণেৰে আৰম্ভ হোৱা এই বাজেট অধিবেশন ৪ এপ্ৰিললৈকে চলিব। 

মন কৰিবলগীয়া যে, এই বাজেটখন হ'ব প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন কেন্দ্ৰীয় বাজেট। সেয়ে স্বাভাৱিকতে এই বাজেটক লৈ কিছু প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে। কিয়নো ইয়াৰ পূৰ্বৰ দুটা কাৰ্যাকালৰ সময়ছোৱাত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰত বিজেপিৰ আছিল একক সংখ্যা গৰিষ্ঠতা। কিন্তু এইবাৰ সেই সংখ্যাগৰিষ্ঠতা নাই।  

ইফালে বাজেট দাখিলৰ পূৰ্বে শুকুৰবাৰে বিত্তমন্ত্ৰণালয়ে প্ৰকাশ কৰিলে ২০২৫ বৰ্ষৰ বাবে অৰ্থনৈতিক সমীক্ষা। এই সমীক্ষাই অৱশ্যে বাজেটত কি কি প্ৰভাৱ পৰিব পাৰে তাৰো এক ইংগিত দিছে। 

এই সমীক্ষা অনুসৰি ২০২৫-১৬ বিত্তীয় বৰ্ষত দেশৰ জিডিপিৰ হাৰ নিম্নমুখী হোৱাৰ ইংগিত পোৱা গৈছে। অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশৰ জিডিপি ৬.৩ শতাংশৰ পৰা ৬.৮ শতাংশৰ মাজত থাকিব।

তাৰোপৰি অৰ্থনৈতিক বিকাশৰ হাৰ আগন্তুক বৰ্ষতো ধীৰ গতিতে থাকিব। সমান্তৰালকৈ নিৰ্মাণ খণ্ডত দুৰ্বল চাহিদা আৰু ঘৰুৱা ঋতুগত পৰিস্থিতিৰ বাবে  চাপ অব্যাহত থাকিব বুলিও প্ৰকাশ কৰিছে।

অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন অনুসৰি দেশৰ অৰ্থনীতিৰ মৌলিক ভিত্তিসমূহ যথেষ্ট শক্তিশালী হৈ আছে। বিদেশী মুদ্ৰাৰ ভাণ্ডাৰো যথেষ্ট শক্তিশালী। কিন্তু উদ্যোগ ক্ষেত্ৰত উৎপাদন হ্ৰাস পাইছে। ইয়াৰ বাবে সমীক্ষাত উল্লেখ কৰিছে বিশ্বজুৰি সৃষ্টি হোৱা দুৰ্বল চাহিদা আৰু জলবায়ুৰ পৰিবৰ্তনকে দায়ী কৰা হৈছে। 

অৰ্থনৈতিক সমীক্ষা অনুসৰি স্থিৰ ঘৰুৱা চাহিদাৰ বাবে ব্যক্তিগত ব্যয় বিশেষ বৃদ্ধি হোৱা নাই। কিন্তু আন্তৰ্জাতিক খণ্ডত চাহিদা হ্ৰাস হোৱাৰ বাবে উৎপাদনৰ সূচক হ্ৰাস পাইছে।

এই সমীক্ষাত খাদ্যৰ মুদ্ৰাস্ফীতি যথেষ্ট উদ্বেগজনক বুলিও স্বীকাৰ কৰিছে। ২০২৫ বৰ্ষৰ শেষৰ তিনিমাহত অৱশ্যে খাদ্যৰ মুদ্ৰাস্ফীতি হ্ৰাস পাব বুলিও ধাৰণা কৰা হৈছে। বিশেষজ্ঞৰ মতে খৰিফ শস্য বজাৰলৈ আহিলে শাক-পাচলিৰ মূল্য হ্ৰাস পাব।  

তাৰোপৰি সমীক্ষাত ২০২৬ বিত্তীয় বৰ্ষৰ প্ৰথম অৱস্থাত ৰবি শস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। সেয়ে খাদ্যৰ মুদ্ৰাস্ফীতি হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে। বিনিয়োগৰ ক্ষেত্ৰত মন্থৰতা আহিব বুলি প্ৰতিবেদনত উল্লেখ আছে। অৱশ্যে বিনিয়োগৰ ক্ষেত্ৰত এই মন্থৰতা হ’ব অস্থায়ী। 

বাজেট নিৰ্মলা সীতাৰমণ সংসদৰ অধিৱেশন