/asomiyapratidin/media/media_files/2025/04/22/inb1hkZoJNPM8uepxZOV.jpg)
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয় সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে কৰা মন্তব্যৰ বিতৰ্ক অব্যাহত আছে। তাৰ মাজতেই তেওঁ সংসদ আৰু উচ্চতম ন্যায়ালয়ৰ ক্ষমতা সন্দৰ্ভত আন এক মন্তব্য কৰি গোটেই বিতৰ্কক এন নতুন মাত্ৰা প্ৰদান কৰিছে।
জগদীপ ধনখড়ৰ মতে সংসদেই সৰ্বোচ্চ। সংসদৰ ওপৰত আন কাৰো কৰ্তৃত্ব নাই। তেওঁৰ যুক্তি সংসদলৈ নিৰ্বাচিত হোৱা সাংসদসকলে সাধাৰণ জনতাক প্ৰতিনিধিত্ব কৰে।
সাংসদেই সকলো, তেওঁলোকৰ ওপৰত কোনো নাই। মঙলবাৰে দিল্লী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি জগদীপ ধনখড়ে এই কথা কয়।
অনুষ্ঠানত তেওঁ উচ্চতম ন্যায়ালয়ৰ সন্দৰ্ভত পূৰ্বে কৰা মন্তব্যৰ আঁত ধৰি কয় যে, যিকোনো সাংবিধানিক বিষয়াই কোৱা প্ৰতিটো শব্দই সৰ্বোচ্চ জাতীয় স্বাৰ্থৰ দ্বাৰা পৰিচালিত হয়।
অনুষ্ঠানত ধনখড়ে সংবিধান কেনেকুৱা হ’ব আৰু তাত কি সংশোধনী কৰিব লাগে সেই সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ সাংসদসকলৰে আছে বুলি কৈ তাৰ ওপৰত কোনো নাই বুলি মন্তব্য কৰে। উপ-ৰাষ্ট্ৰপতিৰ এই বক্তব্যৰ পাছতে পুনৰ তেওঁ সমালোচিত হৈছে।
জগদীপ ধনখড়ে তেওঁৰ ভাষণত সংবিধানৰ প্ৰস্তাৱনাৰ সন্দৰ্ভত দুটা গুৰুত্বপূৰ্ণ ৰায়দানৰ কথাও উল্লেখ কৰে। তেওঁ ১৯৬৭ চনৰ আই চি গোলকনাথ গোচৰ আৰু ১৯৭৩ চনৰ কেশৱানন্দ ভাৰতী গোচৰৰ কথা উল্লেখ কৰে।
১৯৭৫ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ সময়ত আদালতৰ ভূমিকাক লৈও ধনখৰে প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, উচ্চতম ন্যায়ালয়ে কয় প্ৰস্তাৱনা সংবিধানৰ অংশ নহয়। আন এটা গোচৰত উচ্চতম ন্যায়ালয়ে কয়, প্ৰস্তাৱনা সংবিধানৰ অংশ।
জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ বিষয়ত উচ্চতম ন্যায়ালয়েও ৯খন উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত বাতিল কৰিছে বুলিও তেওঁ কয়। যাক তেওঁ "গণতান্ত্ৰিক ইতিহাসৰ আটাইতকৈ ক'লা সময়" আৰু মৌলিক অধিকাৰৰ নিলম্বন বুলি অভিহিত কৰে।
উল্লেখযোগ্য যে, ৰাজ্যিক বিধানসভাই গৃহীত কৰা বিধেয়কসমূহত ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালসকলে সন্মতি দিয়াৰ সময়সীমা নিৰ্ধাৰণ কৰি উচ্চতম ন্যায়ালয়ে দিয়া গুৰুত্বপূৰ্ণ ৰায়দানৰ কিছুদিন পিছতে ধনখড়ে অভিযোগ কৰিছিল যে সংবিধানৰ ১৪২ নং অনুচ্ছেদটো গণতান্ত্ৰিক শক্তিৰ বিৰুদ্ধে পাৰমাণৱিক ক্ষেপণাস্ত্ৰলৈহে পৰিণত হৈছে। যি ন্যায়পালিকাৰ বাবে ২৪ ঘণ্টাই উপলব্ধ। তাৰোপৰি তেওঁ ৰাষ্ট্ৰপতিক উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিব নোৱাৰে বুলিও মন্তব্য কৰি গোটেই বিষয়টোক বিতৰ্কৰ মাজল লৈ গৈছিল।