মাত্ৰ আধা ঘণ্টাত নিৰ্ণয় হ'ব মহুৱা মৈত্ৰৰ ৰাজনৈতিক ভৱিষ্যত !

মাত্ৰ আধা ঘণ্টাত নিৰ্ণয় হ'ব মহুৱা মৈত্ৰৰ ৰাজনৈতিক ভৱিষ্যত !
মাত্ৰ আধা ঘণ্টাত নিৰ্ণয় হ'ব মহুৱা মৈত্ৰৰ ৰাজনৈতিক ভৱিষ্যত !

ডিজিটেল ডেস্কঃ কি হ'ব তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ ৰাজনৈতিক ভৱিষ্যত? ৫ বছৰীয়া কাৰ্যকাল সমাপ্ত নোহোৱাৰ পূৰ্বেই খাৰিজ কৰা হ'ব নেকি বাকপটু সাংসদগৰাকীৰ সংসদৰ সদস্যপদ? দেশৰ ৰাজনীতিৰ খবৰ ৰখাসকলৰ মনত এই প্ৰশ্ন নিশ্চয়কৈ আহিছে।

'উপহাৰ তথা ধনৰ বিনিময়ত প্ৰশ্ন' অভিযোগত অভিযুক্ত তৃণমূল সাংসদগৰাকীৰ সাংসদ পদ খাৰিজ কৰিবৰ বাবে দাবী উত্থাপন হৈ আহিছিল। সংসদৰ শীতকালীন অধিৱেশনতে তেওঁৰ পদ খাৰিজ কৰাৰ সম্ভাৱনা আছিল যদিও শীতকালীন অধিৱেশনৰ চাৰিটা দিন অতিক্ৰম কৰিলে যদিও এই পৰ্যন্ত তেওঁৰ বিষয়ে কোনো কথাই আলোচনা হোৱা নাই।

শুকুৰবাৰে গ্ৰহণ কৰিব পাৰে ব্যৱস্থা

শুকুৰবাৰে সংসদৰ এথিক্স কমিটীয়ে সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে। সূত্ৰৰ খবৰ অনুসৰি সংসদৰ কাৰ্যক্ৰমণিকাত শুকুৰবাৰৰ দিনটোত মহুৱা মৈত্ৰৰ বিষয়টোৱেও স্থান লাভ কৰিছে। এই প্ৰসংগত আলোচনাৰ বাবে আঘা ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে অধ্যক্ষ ওম বিৰলাই।

খাৰিজ হ'ব মহুৱা মৈত্ৰৰ সাংসদ পদ

লোকসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীৰ বিৰুদ্ধে এথিক্স কমিটীয়ে প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল। ধাৰণা কৰা হৈছিল এই প্ৰতিবেদন আৰু মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ উত্তাল হ'ব সংসদ।

কিন্তু ৫ ৰাজ্যৰ ভিতৰত ৩ ৰাজ্যতে বিজেপিৰ অভূতপূৰ্ণ বিজয় হোৱা বিষয়টোক লৈয়ে ব্যস্ত থাকিল বিজেপি। উল্লেখ্য মহুৱা মৈত্ৰৰ বিৰুদ্ধে টকা লৈ পুঁজিপতি গৌতম আদানীৰ বিৰুদ্ধে সংসদত প্ৰশ্ন কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই লৈ ইতিমধ্যে সংসদৰ এথিক্স কমিটীৰো মুখামুখী হৈছে মহুৱা। সূত্ৰ অনুসৰি এই এথিক্স কমিটীয়ে প্ৰস্তুত কৰা প্ৰতিবেদনত মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰস্তাৱ দিছে।

লোকসভাৰ অধ্যক্ষই নিৰ্ধাৰণ কৰিছে সময়

শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মহুৱাৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰস্তাৱৰ আলোচনাৰ বাবে আধা ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ তৃণমূল কংগ্ৰেছৰ নেতা সুদীপ বন্দোপাধ্যায়ক এই বিষয়ে জনাইছে ওম বিৰলাই।

সুদীপ বন্দোপাধ্যায়ে দাবী কৰিছে, এই প্ৰস্তাৱ লৈ বিস্তাৰিতভাৱে আলোচনা কৰিব লাগিব। ইণ্ডিয়া গোটৰ সদস্যসকলে মহুৱাৰ সাংসদ পদ খাৰিজৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিব।

চৰকাৰী পক্ষই প্ৰস্তাৱ আকাৰে দাখিল কৰিব প্ৰতিবেদন

জানিব পৰা মতে বুধবাৰে শাসকীয় বিজেপিৰ এজন সদস্যই প্ৰস্তাৱ আকাৰে এথিক্স কমিটীৰ প্ৰতিবেদন দাখিল কৰিব। পাছত আত্মপক্ষ সমৰ্থনৰ বাবে মহুৱা মৈত্ৰক কিছু সময় দিয়া হ'ব।

ইয়াৰ পাছত প্ৰয়োজন সাপেক্ষে ধ্বনি ভোটৰ জৰিয়তে এই প্ৰস্তাৱ গৃহীত কৰা হ'ব পাৰে।

মাত্ৰ আধা ঘণ্টাত নিৰ্ণয় হ'ব মহুৱা মৈত্ৰৰ ৰাজনৈতিক ভৱিষ্যত !
কিনকনীয়া বৰষুণে গুৱাহাটীলৈ আনিছে শীতঃ দাৰ্জিলিঙত বছৰৰ প্ৰথম তুষাৰপাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in