মঙলবাৰৰ পৰা গুজৰাটত কংগ্ৰেছৰ 'পৰিৱৰ্তন সংকল্প যাত্ৰা'...

author-image
Asomiya Pratidin
New Update
মঙলবাৰৰ পৰা গুজৰাটত কংগ্ৰেছৰ 'পৰিৱৰ্তন সংকল্প যাত্ৰা'...

ডিজিটেল ডেস্ক : মঙলবাৰৰ পৰা গুজৰাটত অনুষ্ঠিত হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ 'পৰিৱৰ্তন সংকল্প যাত্ৰা' । এই যাত্ৰাত সামৰি লোৱা হ'ব ১৪৫ খন জনসভা আৰু ৯৫টা পদযাত্ৰা যাৰ জৰিয়তে প্ৰায় ৫ হেজাৰ কিলোমিটাৰৰো অধিক পথ অতিক্ৰম কৰিব কংগ্ৰেছৰ নেতা সকলে । আশা কৰা হৈছে যে ৪.৫০ কোটিৰো অধিক লোক এই যাত্ৰাৰ সৈতে জড়িত হ'ব ।

Advertisment

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছে সোমবাৰে আয়োজন কৰাৰ কথা আছিল 'পৰিৱৰ্তন সংকল্প যাত্ৰা'ৰ । কিন্তু ৰবিবাৰে সন্ধিয়া গুজৰাটৰ মৰবী নদীৰ ওপৰত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাটিৰ বাবে য'ত বৰ্তমানলৈ ১৩২ গৰাকী লোকৰ প্ৰাণহানি হৈছে, স্থগিত ৰখা হয় এই কাৰ্যসূচী । তাৰ পৰিৱৰ্তে মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠান ।

পূৰ্বৰ পৰিকল্পনা অনুসৰি, ৩১ অক্টোবৰৰ দিনা গুজৰাটৰ জম্বুসাৰ, ভাদগাম আদি অঞ্চলৰ পৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী আৰু প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজন কৰাৰ কথা আছিল এই 'পৰিৱৰ্তন সংকল্প যাত্ৰা'ৰ ।

ইয়াৰ ওপৰিও, ১০ লাখতকৈও অধিক দলীয় কৰ্মীয়ে এই যাত্ৰাত যোগদান কৰিব বুলিও ব্যক্ত কৰে দলটোৰ শীৰ্ষ নেতাসকলে । তদুপৰি দলটিৰ শীৰ্ষ নেতা যেনে, ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলট, ছত্তিশগড়ৰ মুখ্য মন্ত্ৰী ভূপেষ বাঘেল, মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী দিগ্ববিজয় সিং তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শচীন পাইলট উপস্থিত থাকিব এই যাত্ৰাত ।

এই যাত্ৰাৰ পূৰ্বৰে পৰাই গুজৰাট বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই অহা কংগ্ৰেছ দলে ঘোষণা কৰিছিল যে, ৰাজ্যখন বিজেপি মুক্ত হ'লে ১০ লাখ টকালৈ বিনামূলীয়া চিকিৎসা সেৱা, কৃষক সকলৰ ৩ লাখ টকালৈ ঋণ মাফ, ৰাজহুৱা খণ্ডত ১০ লাখ নিযুক্তি আৰু ৩ হেজাৰ খন চৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব গুজৰাটত । এনে ধৰণৰ লক্ষ্য সন্মুখত লৈয়ে যাত্ৰাৰ জৰিয়তে প্ৰচাৰ চলাব কংগ্ৰেছে ।

indian national congress gujrat