/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/a50b7e75-5658-41aa-8e50-94119b244e1c/madhya_pradesh.jpg)
ডিজিটেল ডেস্ক : স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বৰ্ষজুৰি অনুষ্ঠিত হৈ থকা স্বাধীনতাৰ অমৃত মহোৎসৱৰ সমান্তৰালকৈ শাসনাধিষ্ঠ দলৰ বিভিন্ন নেতাই সময়ে সময়ে চলাই আহিছে উন্নয়নৰ প্ৰচাৰ । তেনে অৱস্থাতেই মধ্য প্ৰদেশত ঘটিল এক চাঞ্চল্যকৰ ঘটনা । ৰোগীৰ ভঙা হাড় জোৰা লগাবলৈ ব্যৱহাৰ কৰা প্লাষ্টাৰৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হ'ল ডাঠ কাগজ । মধ্য প্ৰদেশৰ ভিন্দ জিলাৰ ৰৌন প্ৰাথমিক চিকিৎসা কেন্দ্ৰত সংঘটিত হ'ল এই ঘটনা । ডাঠ কাগজখিলা বান্ধি ৰোগী গৰাকীক পৰৱৰ্তী সময়ত স্থানান্তৰ কৰা হয় জিলা চিকিৎসালয়লৈ ।
তথ্য অনুসৰি, ভুক্তভোগী যুৱক গৰাকী আঘাট প্ৰাপ্ত হৈছিল এটি পথ দুৰ্ঘটনাত । তাৰ পাছতেই ৰৌন প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হৈছিল যুৱক গৰাকীক ।
এই সন্দৰ্ভত, ভিন্দ জিলাৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া জে এছ ৰাজপুতে দিয়া মন্তব্য অনুসৰি এনে ধৰণৰ জৰুৰীকালীন চিকিৎসাৰ ক্ষেত্ৰত প্ৰাথমিক চিকিৎসা কেন্দ্ৰ সমূহত প্ৰয়োজনীয় নূন্যতম ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত ৰোগীক প্ৰেৰণ কৰা হয় জিলা চিকিৎসালয়লৈ।
তেনে ক্ষেত্ৰত, প্ৰাথমিক কেন্দ্ৰ এটাত শল্য চিকিৎসক এগৰাকী উপস্থিত নাথাকিলেও নূন্যতম প্লাষ্টাৰৰ ব্যৱস্থাও কিয় উপলব্ধ নহয় প্ৰাথমিক চিকিৎসা কেন্দ্ৰ সমূহত ?