/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e261d1c7-7031-457e-909c-db6a0c2ffcde/rtttt.jpg)
ডিজিটেল ডেস্কঃ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰে৷ জিলা প্ৰশাসনৰ কেবাজনো বিষয়াৰ সৈতে কৰা পৰিদৰ্শন কালত উপায়ুক্তগৰাকীয়ে কাৰাগাৰখনৰ ৱাৰ্ডসমূহৰ লগতে চিকিৎসালয় আৰু আন আন সুবিধাসমূহৰ বুজ লয়৷
জিলা উপায়ুক্তগৰাকীয়ে কাৰাগাৰ চৌহদত এটা খোৱাপানী যোগান প্ৰকল্প উদ্বোধন কৰাৰ লগতে বিভিন্ন সংস্থাই যোগান ধৰা অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী কাৰাগাৰ কৰ্তৃপক্ষক প্ৰদান কৰে৷ জিলা উপায়ুক্তগৰাকীয়ে কয়দীসকলক সম্বোধন কৰি তেওঁলোকৰ অভাৱ- অভিযোগসমূহৰ বুজ লয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/43b696ea-368b-49ca-a403-2458d8da55b4/ad6d56fc_80f0_4344_b91f_fe21c59a82a6.jpg)
তেওঁ মানৱীয় প্ৰভাৱ আৰু সংশোধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ কয়দীসকলে জিলা উপায়ুক্তৰ সন্মুখত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে৷ কাৰাগাৰৰ ভিতৰত দক্ষতা বিকাশ, বৃত্তিমুখী, সৃষ্টিশীল আৰু সাহিত্যিক কৰ্মৰ লগত জড়িত কয়দীসকলৰ কাম-কাজ চাই উপায়ুক্তগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে৷
Also Read: বৃন্দাবনৰ নিধিবনলৈ নিশা গ'লে মানুহে হেৰুৱাই মানসিক সন্তুলন, নহ'লে অনিবাৰ্য মৃত্যু