বৃন্দাবনৰ নিধিবনলৈ নিশা গ'লে মানুহে হেৰুৱাই মানসিক সন্তুলন, নহ'লে অনিবাৰ্য মৃত্যু

এই ৰহস্যময় ঠাই সমূহক লৈ প্ৰত্যেকে বেলেগে বেলেগ ধাৰণা কৰে । এনে ধৰণৰ এখন ঠাই আছে মথুৰাৰ বৃন্দাবনত।

author-image
Asomiya Pratidin
New Update
বৃন্দাবনৰ নিধিবনলৈ নিশা গ'লে মানুহে হেৰুৱাই মানসিক সন্তুলন, নহ'লে অনিবাৰ্য মৃত্যু

ডিজিটেল ডেস্কঃ পৃথিৱীত এনে বহু ঠাই আছে যাক লৈ ৰহস্য এতিয়াও অব্যাহত আছে। এই ৰহস্যময় ঠাই সমূহক লৈ প্ৰত্যেকে বেলেগে বেলেগ ধাৰণা কৰে । এনে ধৰণৰ এখন ঠাই আছে মথুৰাৰ বৃন্দাবনত।

Advertisment

বৃন্দাবনস্থিত নিধিবনক লৈ প্ৰচলিত আছে এনে বহু কাহানী। শ্ৰীকৃষ্ণৰ লীলাৰ বিষয়ে নজনা মানুহ প্ৰায় কমেই ওলাব।শ্ৰী কৃষ্ণৰ লীলাৰ লগতে জড়িত হৈ আছে এই নিধিবন।

উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত নিধিবন। বহুলোকে  বিশ্বাস কৰে যে এই নিধিবনত এতিয়াও শ্ৰীকৃষ্ণই ৰাসলীলা কৰে। প্ৰতিটো নিশাই শ্ৰীকৃষ্ণই কৰে গোপীসকলৰ লগত ৰাসলীলা।

প্ৰচলিত বিশ্বাস অনুসৰি, প্ৰতিটো নিশাই শ্ৰীকৃষ্ণই ৰাধাৰ লগত আহে এই নিধিবনলৈ। লগতে আহে গোপীসকল। যাৰ বাবে সন্ধিয়াৰ পৰা ভক্তৰ বাবে বন্ধ কৰি দিয়া নিধিবনৰ দুৱাৰ।

কেৱল ইমানেই নহয়,সন্ধিয়াৰ পাছত এই বনত চৰাই, পশু-পক্ষীকো দেখিবলৈ পোৱা নাযায়। কোৱা হয়, সন্ধিয়াৰ পাছত যদি কোনোবাই নিধিবনৰ ভিতৰলৈ যাব বিচাৰে তেন্তে তেওঁৰ মৃত্যু নহয়, নহ'লে মানসিক সন্তুলন হেৰুৱাই পেলায়।

এই নিধিবনৰ ওচৰে-পাজৰে থকা লোকসকলে ঘৰত খিৰিকী নলগায়। কিয়নো তেওঁলোকে বিশ্বাস কৰে যিয়ে এই নিধিবনৰ ফালে নিশা চাবলৈ চেষ্টা কৰে তেওঁৰ মৃত্যু অনিবাৰ্য।

অৱশ্যে বহুত এই কথাক নস্যাৎ কৰে। তেওঁলোকৰ মতে একাংশ লোকে ভক্তক ভ্ৰমিত কৰিবলৈ এনেধৰণৰ প্ৰচাৰ কৰে। ইয়াৰ কোনো সত্যাসত্য নাই।বাস্তু শাস্ত্ৰ মতেও এই ধাৰণাৰ কোনো ভিত্তি নাই। অৱশ্যে কি সত্য, কি অসত্য সেই সন্দৰ্ভত কোনো তথ্য আমাৰ হাতত নাই। এয়া মাত্ৰ মানুহৰ এক বিশ্বাস যি বছৰ বছৰ ধৰি প্ৰচলন হৈ আহিছে।

Also Read: আগন্তুক নিৰ্বাচনৰ বাবে সাজু অন্তৰ্কন্দলেৰে জৰ্জৰিত কংগ্ৰেছ...

nidhiban