/asomiyapratidin/media/media_files/2025/04/30/GPRmjooWdiJ9VnO5cGTi.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজত বৰ্ধিত উত্তেজনাৰ মাজতে সীমান্তৰ নিয়ন্ত্ৰণৰেখাৰ কাষৰ একাধিক অঞ্চলত যুদ্ধ বিৰতি উলংঘন কৰি পাক সেনাৰ গুলী বৰ্ষণ অব্যাহত আছে। উল্লেখ্য যে, পেহেলগাম আক্ৰমণৰ এটা সপ্তাহ অতিক্ৰম কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰতিৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়া, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকৰ পাছতে সেনা বাহিনীক পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে।
এনে পদক্ষেপে যিকোনো সময়তে যে, সন্ত্ৰাসবাদী আৰু ইয়াৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে সেনাই কঠোৰ সিদ্ধান্ত ল’ব সেয়া স্পষ্ট হৈ পৰিছে। দুয়ো দেশৰ মাজত সৃষ্টি হোৱা এই উত্তেজনাৰ সময়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে নিৰ্দোষী হিচাপে প্ৰতিপন্ন কৰিবলৈ আৰু সন্ত্ৰাসবাদৰ সন্দৰ্ভত ধোঁৱা তুলসীৰ পাত সজাবলৈ পাকিস্তানে পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে যদিও সীমান্তত দেশখনৰ এই দুমুখীয়া স্থিতি স্পষ্ট হৈছে।
এফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শান্তিৰ বাণী বিলোৱা পাকিস্তানে সীমান্তত অহৰহ যুদ্ধ বিৰতি উলংঘন কৰি গুলী চালনা অব্যাহত ৰাখিছে। সন্ত্ৰাসবাদীয়ে ২৭ জনকৈ লোকক নিৰ্মম হত্যা কৰাৰ পাছত সমগ্ৰ ভাৰত শোকাহত হৈ থকাৰ সময়তো সীমান্তত গুলী চালনা অব্যাহত ৰখা পাকিস্তানে আজিও সীমান্তৰ কেইবাটাও স্থানত গুলী বৰ্ষণ কৰাৰ খবৰ পোৱা গৈছে।
ভাৰতীয় সেনাই জাৰি কৰা এক বিবৃতিত স্পষ্টকৈ কয়, মঙলবাৰৰ নিশাৰ পৰা বুধবাৰৰ পুৱা পৰ্যন্ত ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখাৰ কাষত জম্মু-কাশ্মীৰৰ নওছেৰা, সুন্দৰবাণী আৰু আখনুৰ ছেক্টৰক গুলী বৰ্ষণ কৰিছে পাকিস্তান সেনাই।
ভাৰতীয় সেনাই উল্লেখ কৰা মতে পাক সেনাই বিনা প্ৰৰোচনাত ইচ্ছাকৃতভাৱে নিয়ন্ত্ৰণ ৰেখাৰ কাষত গুলী বৰ্ষণ অব্যাহত ৰাখিছে। অৱশ্যে পাক সেনাৰ এনে কাৰ্যৰ প্ৰত্যুত্তৰো দিছে ভাৰতীয় সেনাই।
সোমহাকে নিষা কাশ্মীৰৰ কুপৱাৰা আৰু বাৰামুল্লা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওপৰতো বিনা প্ৰৰোচনাত গুলী বৰ্ষণ কৰিছিল পাক সেনাই। কাশ্মীৰৰ আখনুৰ ছেক্টৰৰ বিপৰীত প্ৰান্তৰ পৰাও গুলী চলাইছিল পাক সেনাই। এই প্ৰতিটো আক্ৰমণৰে প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই।
সন্দেহ কৰা হৈছে পেহেলগামত আক্ৰমণ সংঘটিত কৰা পাক মদদপুষ্ট সন্ত্ৰাসবাদীক স্বদেশলৈ উভতাই নিয়াৰ বাবেই এইদৰে বিভিন্ন স্থানত গুলী চালনা কৰি ভাৰতীয় সেনাৰ দৃষ্টি আঁতৰাই ৰাখিবলৈকে ইছলামাবাদৰ নিৰ্দেশত এই কৌশল গ্ৰহণ কৰিছে পাক সেনাই।
উল্লেখ্য যে, পেহেলগামৰ ঘটনাৰ পাছতে ভাৰত-পাক সম্পৰ্ক সম্পূৰ্ণ অৱনতি ঘটিছে। দুয়োখন দেশৰ মাজত কূটনৈতিক যুদ্ধ অব্যাহত থকাৰ সময়তে নিয়ন্ত্ৰণ ৰেখাৰ ওপৰতো উত্তেজনা বৃদ্ধি পাইছে।
এনে পৰিস্থিতিত যোৱা বৃহস্পতিবাৰৰ পৰা নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত গুলী বৰ্ষণ অব্যাহত ৰাখিছে পাক সেনাই। মন কৰিবলগীয়া যে, পাক সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত পূৰ্বেও এইদৰে বিভিন্ন সময়ত গুলী বৰ্ষণ কৰি যুদ্ধ বিৰতি উলংঘন কৰি আহিছে। অথচ সেই পাকিস্তানেই আকৌ ভাৰতেহে উত্তেজনা বৃদ্ধি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।