/asomiyapratidin/media/media_files/2025/04/30/vr1SoR0SJRZnxyRt0XcF.jpg)
ডিজিটেল ডেস্কঃ সাম্ভাব্য যুদ্ধ পৰিস্থিতিক লৈ উত্তেজনা বৃদ্ধি পাইছে ভাৰত-পাকিস্তানত। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ ভূমিত লালিত-পালিত হৈ বাৰে বাৰে ভাৰতৰ আভ্যন্তৰণত প্ৰৱেশ কৰি পাক সন্ত্ৰাসবাদীয়ে ভাৰতৰ শান্তি বিঘ্নিত কৰাৰ লগতে সাধাৰণ নাগৰিকৰ পৰা সুৰক্ষা বাহিনীলৈ বহু লোকৰ প্ৰাণ কাঢ়িছে।
শেহতীয়া উদাহৰণ পেহেলগামৰ বৈছাৰণ ভেলীৰ আক্ৰমণৰ ঘটনা। ইয়াৰ পাছতেই পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে ভাৰত। সমান্তৰালকৈ পাকিস্তানক পেহেলগামৰ ঘটনাৰ পাছতেই বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ সংস্থাই গৰিহণা দিছে।
অৱশ্যে ৰাষ্ট্ৰসংঘই দুয়োখন দেশৰ যুদ্ধ উত্তেজনা হ্ৰাস কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে। কিন্তু সন্ত্ৰাসবাদৰ বাবেই বিশ্বজুৰি পৰিচিত পাকিস্তানে বাৰে বাৰে নিজকে ধোঁৱা তুলসীৰ পাত হিচাপে প্ৰমাণ কৰিবলৈ এটাৰ পাছত এটাকৈ ভাৰত বিৰোধী ভুৱা অভিযোগ উত্থাপন কৰিছে।
পাকিস্তানৰ এনে অভিযোগে অৱশ্যে দেশনৰ প্ৰকৃত স্বৰূপক ঢাকি ৰাখিব পৰা নাই। ইতিমধ্যে বিশ্বজুৰি পাকিস্তানে সন্ত্ৰাসবাদেৰ জৰিয়তে যি কুখ্যাতী অৰ্জন কৰিছে সেই কুখ্যাতীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদৰ থকা মধুচন্দ্ৰিকাক প্ৰমাণ কৰিছে।
পাকিস্তানৰ ভূমিৰ পৰা বিশ্বৰ ভিন্ন প্ৰান্তলৈ শিপাই থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰা কেৱল ভাৰতেই যে ক্ষতিগ্ৰস্ত হৈছে তেনে নহয়। মানৱ সমাজৰ অভিশাপ স্বৰূপ পাকিস্তানৰ এই সন্ত্ৰাসবাৰে বিশ্বৰ কেইবাখনো দেশক প্ৰভাৱিত কৰাই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়িছে।
সেই দেশসমূহৰ তালিকাত ৰাছিয়া, ইৰাণ, ব্ৰিটেইন, আমেৰিকা, বাংলাদেশ আদিৰ দৰে বিভিন্ন দেশ আছে। আজিৰ পৰা কেইটামান মাহৰ পূৰ্বে ২০২৪ চনৰ ২২ মাৰ্চত ৰাছিয়াৰ মস্কোৰ উপকণ্ঠ অঞ্চলৰ কনচাৰ্ট হলত হোৱা আক্ৰমণত অতি কমেও ১৪৫ জন লোকৰ মৃত্যু হৈছিল। ৪ জন সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল সেই আক্ৰমণ।
চলিত বছৰৰ এই এপ্ৰিল মাহতে মস্কো সেই আক্ৰমণৰ ঘটনাৰ তদন্তত পোহৰলৈ আহিছে সেই সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে আছে পাকিস্তানৰ সম্পৰ্ক। ৰাছিয়াৰ তদন্তত প্ৰকাশ পোৱা মতে সেই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাজিক পাকিস্তানৰ নাগৰিক।
পাকিস্তানস্থিত চুন্নী উগ্ৰপন্থী সংগঠন জয়ছ উল আদলে চিস্তান আৰু বেলুচিস্তান প্ৰদেশত ইৰাণৰ নিৰাপত্তা বাহিনীক সঘনাই আক্ৰমণ কৰি আহিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ২০২৪ চনৰ ১৬ জানুৱাৰীত ইৰানে পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ভিতৰত থকা জৈছ উল আদলৰ ঘাটিসমূহক লক্ষ্য কৰি মিছাইল আৰু ড্ৰোন আক্ৰমণ কৰিছিল। ইৰানে পাকিস্তানে সীমা অতিক্ৰম কৰি আক্ৰমণ কৰা চুন্নী উগ্ৰপন্থীক আশ্ৰয় দিয়া আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।
২০০৫ চনৰ ৭ জুলাইত চাৰিটা আত্মঘাতী বোমাৰুৱে লণ্ডনত আক্ৰমণ কৰিছিল। সেই ঘটনাত ৫২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৭০ জনতকৈ অধিক লোক আহত হৈছিল। এই আক্ৰমণ সংঘটিত কৰা চাৰিজন ব্ৰিটিছ ইছলামিক সন্ত্ৰাসবাদীয়ে পাকিস্তানত প্ৰশিক্ষণ আৰু শিক্ষা লাভ কৰিছিল।
তিনিওজন আক্ৰমণকাৰী মহম্মদ ছিদ্দিক খান, শ্বেহজাদ তনবীৰ আৰু জেৰমেইন লিণ্ডছেই ২০০৩ চনৰ পৰা ২০০৫ চনৰ ভিতৰত পাকিস্তানত পাৰ কৰিছিল।
২০১১ চনত পাকিস্তানৰ এবটাবাদত আমেৰিকাই অল কায়দাৰ নেতা ওছামা বিন লাডেনক হত্যা কৰিছিল। পাকিস্তানত আত্মগোপন কৰি আছিল কুখ্যাত সন্ত্ৰাসবাদী লাডেনে। ইয়াৰ পাছতে পাকিস্তান যে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক সেই কথা স্পষ্ট হৈছিল।
বছৰ বছৰ ধৰি ওছামা বিন লাডেনে পাকিস্তানৰ সামৰিক একাডেমীৰ ওচৰৰ এটা কেম্পাছত বেনামীভাৱে বাস কৰি আছিল। অথচ পাকিস্তানে সেই কথা অস্বীকাৰ কৰি আহিছিল। লাডেনে যে আই এছ আইৰ সহযোগিতাতে সেইদৰে আত্মগোপন কৰি আছিল সেয়াও স্পষ্ট হৈছিল।
জামাত-উল-মুজাহিদীন বাংলাদেশক পুঁজি আৰু প্ৰশিক্ষণ দিয়াৰ অভিযোগ আছে পাকিস্তানৰ আই এছ আইৰ বিৰুদ্ধে। ২০১৬ চনত ঢাকাত সংঘটিত হোৱা গুলশ্বান কেফে আক্ৰমণৰ সময়ত ২০ জন পণবন্দীক হত্যা কৰিছিল এই সন্ত্ৰাসবাদী সংগঠনটোৱে।
সেইদৰেই আফগানিস্তানৰ সৈতেও আছে পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰত্যক্ষ সম্পৰ্ক। অৱশ্যে এতিয়া আফগানিস্তানৰ তালিবানৰ সৈতে পাকিস্তানৰ সম্পৰ্ক অৱনতি ঘটাই নহয়, আই এছ আইৰ সৈতে প্ৰত্যক্ষ সংঘাতো আৰম্ভ হৈছে। আফগানিস্তানক সন্ত্ৰাসবাদীৰ ঘাটিলৈ ৰূপান্তৰ কৰাত প্ৰত্যক্ষ সম্পৰ্ক আছে পাকিস্তানৰ।