আক্ৰমণৰ পূৰ্বৰে পৰা পেহেলগামত পিয়াপি দি আছিল আক্ৰমণকাৰীয়ে, সুধি ফুৰিছিল মানুহবোৰৰ ধৰ্ম!

এগৰাকী মহিলা পৰ্যটকে দাবী কৰিছিল এজন ঘোঁৰা আৰোহীয়ে তেওঁলোকক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধিছিল। এনে দাবীৰ পাছতে শুকুৰবাৰে আৰক্ষীয়ে ঘোঁৰা চলোৱা এজন ব্যক্তিক আটক কৰিছে। 

author-image
Tushar Pratim
New Update
আক্ৰমণৰ পূৰ্বৰে পৰা পেহেলগামত পিয়াপি দি আছিল আক্ৰমণকাৰীয়ে, সুধি ফুৰিছিল মানুহবোৰৰ ধৰ্ম!

ডিজিটেল ডেস্কঃ ২২ এপ্ৰিল, ২০২৫ মঙলবাৰে জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা ঘটনাৰ পাছত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ’ বিয়পি পৰিছে।কিছুমানে আক্ৰমণৰ সেই সময়ৰ দৃশ্য শ্বেয়াৰ কৰাৰ বিপৰীতে আন কিছুমানে সেই অঞ্চলৰ মনোৰম দৃশ্যসমূহ শ্বেয়াৰ কৰিছে। তাৰোপৰি আন কিছুমান লোকে আকৌ আন কেতবোৰ বিতৰ্কিত বিষয় শ্বেয়াৰ কৰিছে। 

Advertisment

তেনে এক ভাইৰেল ভিডিঅ’ত এগৰাকী মহিলা পৰ্যটকে দাবী কৰিছিল এজন ঘোঁৰা আৰোহীয়ে তেওঁলোকক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধিছিল। মহিলাগৰাকীৰ এনে দাবীৰ পাছতে শুকুৰবাৰে গাণ্ডাৰবল আৰক্ষীয়ে ঘোঁৰা চলোৱা এজন ব্যক্তিক আটক কৰিছে। 

জানিব পৰা মতে আৰক্ষীয়ে সেই লোকজনক জেৰা অব্যাহত ৰাখিছে। অৱশ্যে মহিলাগৰাকীয়ে যিগৰাকী ব্যক্তিয়ে তেওঁলোকক ধৰ্মৰ বিষয়ে প্ৰশ্ন কৰিছিল সেই ব্যক্তিজনকেই আৰক্ষীয়ে আটক কৰিছে নে আন কোনোবা লোকক আটক কৰিছে সেয়া স্পষ্ট কৰা নাই। 

গাণ্ডাৰবল আৰক্ষীৰ সূত্ৰত প্ৰকাশিত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি ধৃত সন্দেহযুক্ত লোকজনৰ নাম আয়াজ আহমেদ জংগাল। তেওঁৰ পিতৃৰ নাম নবী জংগল। তেওঁ গণ্ডাৰবলৰ গোহিপোৰা ৰাইজানৰ বাসিন্দা। 

তেওঁ পৰ্যটকক খচ্চৰ যাত্ৰাত লৈ গৈছিল সোণমাৰ্গৰ থাজৱাছ হিমবাহলৈ। আৰক্ষীৰ সূত্ৰ অনুসৰি পেহেলগাম আক্ৰমণৰ সৈতে আয়াজৰ কোনো সম্পৰ্ক আছে নে নাই আৰু ধৃত ব্যক্তিজন মহিলাগৰাকীয়ে উল্লেখ কৰাজনেই হয়নে নহয় সেই বিষয়ে তদন্ত চলি আছে।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে পেহেলগাম আক্ৰমণৰ লগত জড়িত তিনিজন লোকৰ স্কেচ্চ। সেই স্কেচ দেখাৰ পিছত একতা তিৱাৰী নামৰ এগৰাকী মহিলা পৰ্যটকে দাবী কৰে যে যোৱা ২০ এপ্ৰিলত পেহেলগামত সেই তিনিজন পুৰুষৰ ভিতৰত এজনক লগ পাইছিল।

একতা নামৰ এই মহিলাগৰাকী উত্তৰ প্ৰদেশৰ জৌনপুৰৰ পৰা কাশ্মীৰ ভ্ৰমণলৈ গৈছিল ২০ জনীয়া এটা দলৰ সৈতে।
একতাই দাবী কৰিছে প্ৰকাশিত স্কেচ্চ অনুসৰি পেহেলগাম আক্ৰমণত তেওঁ দেখা এজন ব্যক্তি জড়িত আছিল। 

একতাৰ দাবী যে মানুহজনে তেওঁক তেওঁৰ ধৰ্মৰ বিষয়েও সুধিছিল। লগতে তেওঁ কয় যে, তেওঁ বৈছাৰ উপত্যকাত থকা সেই ব্যক্তিজনৰ ফটো তুলিছিল। কিন্তু নামটো সুধিবলৈ পাহৰিলে।

ভিডিঅ’টোত একতাই দাবী কৰিছে যে, তেওঁৰ বন্ধুসকলেও ব্যক্তিজনক চিনি পাইছিল। কিন্তু ভয়ত কোনেও মুখ মেলিব পৰা নাই। একতাই কয় যে, আক্ৰমণকাৰীয়ে তেওঁৰ নাম আৰু ধৰ্ম সুধিছিল। 

একতা কেতিয়াবা আজমেৰ শ্বৰীফ বা অমৰনাথলৈ গৈছে নেকি বুলিও তেওঁ সুধিলে। সুধিছিল তেওঁৰ হিন্দু বা মুছলমান বন্ধু কিমান?  তেওঁ অমৰনাথলৈ যাব বিচাৰে নে নাই বুলিও সুধিছিল। 

সেই লোকজনে দাবী কৰিছিল যে তেওঁৰ অমৰনাথ যাত্ৰাৰ ব্যৱস্থা কৰি দিব পাৰিব। একতাই কোৰান পঢ়িছে নেকি বুলিও প্ৰশ্ন কৰিছিল সেই ব্যক্তিজনে। 

একতাই কৈছে, তেওঁ সেই ব্যক্তিজনক উত্তৰত কৈছিল তেওঁ উৰ্দু পঢ়িব নোৱাৰে। গতিকে কোৰান পঢ়া নহ’ল। সেই সময়ত সেই লোকজনে হিন্দীত লিখা কোৰান উপলব্ধ বুলি জনাইছিল। 

একতাই দাবী কৰিছে তেওঁৰ সৈতে এইদৰে কথা পতা সেই লোকজনলৈ কথাৰ মাজতে আহিছিল এটা ফোন। সেই ফোনত কথা পতাৰ সময়ত তেওঁ কোৱা শুনিছিল, "প্লেন এ ব্ৰেক। প্লেন বি ৩৫ বন্দুক প্ৰেৰণ কৰা হৈছে। উপত্যকাৰ ঘাঁহনিত আছে।" 

অৱশ্যে একতাই তেওঁৰ কথা শুনি থকা বুলি জানিবলৈ পাৰি সেই লোকজনে হিন্দীৰ পৰিবৰ্তে আন এক ভাষাত কথা পাতিবলৈ আৰম্ভ কৰে। একতা নামৰ এই মহিলাগৰাকীয়ে আৰু দাবী কৰে যে এই কথা শুনাৰ পিছত তেওঁ মানুহজনক পাকিস্তানী বুলি ভাবিছিল। 

সেয়ে এতিয়া প্ৰশ্ন উত্থাপন হয়, এই সকলোবোৰ শুনি তেওঁ আৰক্ষীক খবৰ নিদিলে কিয়? একতাই দাবী কৰিছে, পৰ্যটনস্থলীত আৰক্ষীৰ কোনো লোক নাছিল। 

পেহেলগামৰ সেই পৰ্যটনস্থলী পোৱাৰ পূৰ্বে ৭-৮ কিলোমিটাৰ আগেয়ে এটা চেকপোষ্ট আছিল। ঘূৰি আহোঁতে সেই চেকপইণ্টতো কোনো নাছিল। 

একতাই বাৰে বাৰে দাবী কৰি আহিছে যে পেহেলগামত আৰক্ষীয়ে যিসকলৰ স্কেচ্চ প্ৰকাশ কৰিছে, তেওঁলোকৰ ভিতৰত তেওঁ মাত্ৰ এজনকহে লগ পাইছিল। এতিয়া একতাৰ এই দাবীৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ধৃত আয়াজক জেৰা অব্যাহত ৰাখিছে আৰক্ষী তথা সুৰক্ষা বাহিনীয়ে। তদন্তকাৰীয়ে এই আক্ৰমণৰ সৈতে সঁচাকৈয়ে তেওঁ জড়িত নেকি সেয়া নিৰ্ণয় কৰিবলৈ চেষ্টা চলাইছে।

 

জম্মু কাশ্মীৰ পেহেলগাম