পেহেলগাম আক্ৰণৰ সৈতে জড়িত স্থানীয় লোক! ২০ জনীয়া এক তালিকা প্ৰস্তুত নিয়াৰ...

পেহেলগাম আক্ৰমণৰ তদন্তৰ সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি বৈছাৰণ উপত্যকাত পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণত বহু স্থানীয় লোকই সহযোগিতা কৰিছিল সন্ত্ৰাসবাদী দলটোক। 

author-image
Tushar Pratim
New Update
পেহেলগাম আক্ৰণৰ সৈতে জড়িত স্থানীয় লোক! ২০ জনীয়া এক তালিকা প্ৰস্তুত নিয়াৰ

ডিজিটেল ডেস্কঃ  যোৱা ২২ এপ্ৰিলত জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে এই আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ তালিকা প্ৰকাশ কৰিছিল নিয়াই। তাৰ পাছতেই স্পষ্ট হৈছিল এই সন্ত্ৰাসবাদী দলটোত আছিল পাকিস্তানৰ দুই সন্ত্ৰাসবাদীৰ লগতে স্থানীয় দুই সন্ত্ৰাসবাদীও। 

Advertisment

কিন্তু এই ঘটনাৰ তদন্তৰ যিমানেই আগবাঢ়িছে সিমানেই নতুন নতুন তথ্য উন্মোচিত হ’বলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ প্ৰকাশিত এক তথ্যই সমগ্ৰ ঘটনা সন্দৰ্ভত বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। প্ৰকাশিত তথ্য অনুসৰি বৈছাৰণ উপত্যকাত পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণত বহু স্থানীয় লোকই সহযোগিতা কৰিছিল সন্ত্ৰাসবাদী দলটোক। 

কেৱল সেয়াই নহয়, পেহেলগামৰ পৰা ৰাজৌৰীলৈকে এই বিস্তীৰ্ণ অঞ্চল পৰ্যন্ত বহু লোক এই আক্ৰমণৰ সৈতে পৰোক্ষভাৱে জড়িত হৈ আছে বুলি সন্দেহ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই। উল্লেখ্য যে, নিয়াই এই ঘটনাৰ তদন্ত নিজৰ হাতত লোৱাৰ পাছতে এই পৰ্যন্ত ১০০ জনৰো অধিক স্থানীয় লোকক আটক কৰি সোধপোছ কৰিছে। 

নিয়াৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি তাৰ ভিতৰত ২০ জন লোকৰ এক বিশেষ তালিকা প্ৰস্তুত কৰা হৈছে। এই ২০ জন লোকে লস্ক-ই-তৈবাৰ হৈ ‘অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ’ হিচাপে কাম কৰি আহিছিল বুলি সন্দেহ কৰা হৈছে। 

এই ২০ জন লোকক বিশেষভাৱে নিয়াই জেৰা কৰিব বুলিও জানিব পৰা গৈছে। খবৰ অনুসৰি জম্মুৰ কোট ভোলৱাল কাৰাগাৰত বন্দী হৈ থকা লস্কৰ-ই-তৈবাৰ সৈতে জড়িত ‘অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ’ নিছাৰ আহমেদ ওৰফে হাজি আৰু মুস্তাক হুছেইনকো জেৰা কৰিব নিয়াই। 

২০২৩ চনত এই দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই সময়ত এই দুজনে সেনাৰ এক কনভয়ত সন্ত্ৰাসবাদী আক্ৰমণত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল। তদন্তকাৰী নিয়াৰ সন্দেহ অনুসৰি ৰাজৌৰী, পুঞ্চ আৰু পেহেলগাম আক্ৰমণৰ সৈতে আছে যোগসূত্ৰ। 

ৰাজৌৰী আৰু পুঞ্চ জিলাত আক্ৰমণৰ সৈতে জড়িতসকলেই পেহেলগাম আক্ৰমণৰ সৈতে জড়িত হৈ আছে বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এয়া এতিয়াও স্পষ্ট হোৱা নাই। 

তদন্তকাৰী নিয়াৰ সন্দেহ পেহেলগাম আক্ৰমণৰ পূৰ্বে আক্ৰমণকাৰীসকলে প্ৰায় ১০ দিন বৈছাৰণ উপত্যকাৰ কোনোবা পাহাৰীয়া অঞ্চলৰ গোহাত আত্মগোপন কৰি আছিল। সেই সময়ত তেওঁলোকক যিসমূহ খাদ্য তথা অন্যান্য সা-সুধিবাৰ প্ৰয়োজন হৈছিল সেইসমূহ কোনে যোগান ধৰিছিল সেই বিষয়েও তদন্ত কৰি থকা হৈছে। 

এই বিষয়টোৰ তদন্ত কৰিবলৈকে নিয়াই অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ হিচাপে কাম কৰাসকলৰ এক তালিকা প্ৰস্তুত কৰি তদন্ত আগবঢ়াই নিছে। সন্দেহ কৰা অনুসৰি এই ঘটনাৰ আক্ৰমণকাৰীসকল এতিয়াও পেহেলগামৰ কাষৰীয়া বৈছাৰণকে ধৰি আন কেতবোৰ পাহাৰীয়া ঘন হাবিৰ এলেকাত আত্মগোপন কৰি আছে।  

সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি বৈছাৰণ উপত্যকাৰ ২০ কিলোমিটাৰ ব্যাসাৰ্ধত কিমান মোবাইল টাৱাৰ আছে, ২০ এপ্ৰিল ৰ পৰা এই পৰ্যন্ত কিমান ফোন কল কৰা হৈছে, সেই সকলো তথ্য পৰীক্ষা কৰা হৈছে। যাতে আক্ৰমণকাৰীৰ অৱস্থান চিহ্নীত কৰিব পাৰি। 

ইফালে নিয়াৰ সূত্ৰতে প্ৰকাশিত আন এক খবৰ অনুসৰি আক্ৰণণৰ ঠিক আগে আগে পেহেলগামত দুটা আল্ট্ৰা ষ্টেট ছিগনেল সক্ৰিয় হৈ আছিল। এই প্ৰযুক্তিৰ মাধ্যমেৰে মোবাইল সংযোগ কৰি অডিঅ’, ভিডিঅ’ আৰু এছ এম এছ কৰিব পাৰি। এই প্ৰযুক্তিত মোবাইলত কোনো ছিম কাৰ্ডৰ প্ৰয়োজন  নহয়। সেয়ে নিয়াই সন্দেহ কৰিছে এই প্ৰযুক্তি ব্যৱহাৰ কৰিয়েই নিজৰ মাজত সংযোগ স্থাপন কৰিছিল আক্ৰমণকাৰী আৰু তেওঁলোকক সহযোগ কৰি থকাসকলৰ মাজত। 

 

সন্ত্ৰাসবাদী আক্ৰমণ জম্মু কাশ্মীৰ পেহেলগাম