/asomiyapratidin/media/media_files/2025/04/28/2jNj6gFr9QvqRNSnqenI.jpg)
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰ বিধানসভাই সোমবাৰে সৰ্বসন্মতিক্ৰমে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এক প্ৰস্তাৱৰ জৰিয়তে সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰি প্ৰগতিত বাধাৰ সৃষ্টি কৰা অসৎ পৰিকল্পনাক বিফল কৰাৰ বাবে দৃঢ়তাৰে যুঁজ দিয়াৰ সংকল্প গ্ৰহণ কৰে।বিধানসভাৰ বিশেষ অধিৱেশনৰ সময়ত উপ-মুখ্যমন্ত্ৰী সুৰিন্দৰ চৌধুৰীয়ে উত্থাপন কৰা প্ৰস্তাৱ মৌখিক ভোটৰ জৰিয়তে গৃহীত হয়।
অধিৱেশনৰ আৰম্ভণিতে সদনৰ সদস্যসকলে যোৱা সপ্তাহত আক্ৰমণত নিহত ২৬ জন লোকলৈ শ্ৰদ্ধাঞ্জলি জনাই দুই মিনিটৰ বাবে মৌন প্ৰাৰ্থনা কৰে। এই প্ৰস্তাৱত কোৱা হৈছে যে, “জম্মু-কাশ্মীৰৰ বিধানসভাই নিজৰ সকলো নাগৰিকৰ বাবে শান্তি, উন্নয়ন, আৰু সৰ্বাংগীন সমৃদ্ধিৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে নিজৰ অটল প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে। জাতিৰ আৰু জম্মু-কাশ্মীৰৰ সাম্প্ৰদায়িক সম্প্ৰীতি আৰু প্ৰগতি বিঘ্নিত কৰিব বিচৰাসকলৰ অসৎ পৰিকল্পনাক দৃঢ়তাৰে পৰাস্ত কৰিব।”
অধিবেশনত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি স্বীকাৰ কৰে যে পৰ্যটকসকলক নিৰাপদে উভতাই পঠিওৱাত তেওঁ ব্যৰ্থ হৈছে। তেওঁ কয়, "জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰী হিচাপে মই এই লোকসকলক ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোকক সুৰক্ষিতভাৱে ঘৰলৈ ঘূৰাই পঠোৱাটো মোৰ দায়িত্ব আছিল। মই তেওঁলোকক ঘূৰাই পঠিয়াব নোৱাৰিলোঁ।"
আব্দুল্লাই আৰু কয় যে তেওঁৰ ওচৰত ক্ষমা খুজিবলৈ কোনো শব্দই নাই। তেওঁ কয় যে জম্মু-কাশ্মীৰৰ নিৰাপত্তাৰ দায়িত্ব নিৰ্বাচিত চৰকাৰৰ নহয়।কিন্তু মই এই সুযোগ (সন্ত্রাসবাদী আক্ৰমণ) ব্যৱহাৰ কৰি ৰাজ্যৰ দাবী উত্থাপন নকৰো। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ ব্যৱহাৰ কৰি মই কেনেকৈ ৰাজ্যৰ দাবী উত্থাপন কৰিম?
সমগ্ৰ দেশতে এই ভয়ংকৰ আক্ৰমণৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি তেওঁ কয়, "উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ, অৰুণাচলৰ পৰা গুজৰাট আৰু জম্মু-কাশ্মীৰৰ পৰা কেৰালালৈকে সমগ্ৰ দেশ এই আক্ৰমণৰ ফলত প্ৰভাৱিত হৈছে।‘’ আব্দুল্লাই কয় যে, ২১ বছৰৰ ব্যৱধানৰ অন্তত পেহেলগামত এইধৰণে সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ সংঘটিত হৈছে।
মুখ্যমন্ত্রীগৰাকীয়ে অৱশ্যে এই অমানৱীয় আৰু কুৎসিত আক্রমণৰ সন্মুখতো কাশ্মীৰৰ পৰা আশাৰ নতুন ৰশ্মি ওলাইছে বুলি উল্লেখ কৰে৷ তেওঁ কয়, "বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে মই এনে প্ৰতিবাদৰ সাক্ষী হৈছিলো যি সঁচা অৰ্থত ঐক্যবদ্ধ আছিল। কোনো ৰাজনৈতিক দল বা নেতাই সেই প্ৰতিবাদী সভা, সমদলৰ আয়োজন কৰা নাই।
কোনো সংগঠিত বেনাৰ বা মমবাতিৰ পোহৰত সমদলৰ পৰিকল্পনা কৰা হোৱা নাছিল। এই ক্ষোভ আৰু শোক আছিল স্বতঃস্ফূৰ্ত। এই ক্ষোভ জনসাধাৰণৰ হৃদয়ৰ পৰা পোনে পোনে প্ৰতিফলিত হৈছে। প্ৰতিটো মছজিদতে মৌনতা পালন কৰিছে।"
আব্দুল্লাই এই পৰিৱৰ্তনক উৎসাহিত আৰু শক্তিশালী কৰিব লাগিব বুলিও জোৰ দিয়ে। তেওঁ লগতে কয় যে আমি জনসাধাৰণৰ মাজৰ পৰাই উদ্ভৱ হোৱা এই ঐক্য, মমতা আৰু স্থিতিস্থাপকতাৰ মনোভাৱক বৃদ্ধি আৰু লালন-পালন কৰিব লাগিব।
প্ৰস্তাৱটো উত্থাপন কৰাৰ সময়ত পূৰ্বে বিধানসভাত ভাষণ দি উপ-মুখ্যমন্ত্ৰী চৌধুৰীয়ে কয় যে, “২০২৫ চনৰ ২২ এপ্ৰিলত পেহেলগামত নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত হোৱা বৰ্বৰ আৰু অমানৱীয় আক্ৰমণৰ বাবে এই সদন স্তম্ভিত আৰু গভীৰ শোক প্ৰকাশ কৰিছে।”
নিৰীহ লোকৰ প্ৰাণ হেৰুৱাই পেলোৱা জঘন্য আৰু কাপুৰুষালি কাৰ্য্যক সদনে বিনা দ্বিধায় নিন্দা কৰা বুলি তেওঁ পুনৰ কয়। প্ৰস্তাৱটোৰ উদ্ধৃতি দি চৌধুৰীয়ে কয় যে, “এনে সন্ত্ৰাসবাদী কাৰ্য্য কাশ্মীৰিয়তৰ নীতি-নিয়ম, আমাৰ সংবিধানত সন্নিৱিষ্ট মূল্যবোধ আৰু দীৰ্ঘদিন ধৰি জম্মু-কাশ্মীৰ আৰু আমাৰ জাতিৰ বৈশিষ্ট্যপূৰ্ণ ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ মনোভাৱৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ।”
এই সদনে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে সম্পূৰ্ণ সংহতিৰে থিয় দিছে বুলিও উল্লেখ কৰা হৈছে। তেওঁ কয়, "যিসকলে অপূৰণীয় ক্ষতিৰ সন্মুখীন হৈছে তেওঁলোকৰ প্ৰতি আমি গভীৰ শোক প্ৰকাশ কৰিছো আৰু তেওঁলোকৰ দুখৰ অংশীদাৰ আৰু তেওঁলোকৰ প্ৰয়োজনৰ সময়ত তেওঁলোকক সমৰ্থন কৰাৰ আমাৰ সামূহিক সংকল্পক দৃঢ়তাৰে প্ৰকাশ কৰিছো।"
ইয়াৰ উপৰিও এই শোকাৱহ দুৰ্ঘটনাৰ এদিন পিছত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকৰ পিছত কেন্দ্ৰই ঘোষণা কৰা কূটনৈতিক ব্যৱস্থাক বিধানসভাই সমৰ্থন জনোৱাৰ কথাও উল্লেখ কৰা হৈছে।
ইয়াত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আৰু তাত বাস কৰা বা ভ্ৰমণ কৰা নাগৰিকসকলৰ সুৰক্ষা, মৰ্যাদা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ, আৰু তেওঁলোকৰ হাৰাশাস্তি, বৈষম্য বা ভয়-ভাবুকি ৰোধৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
প্ৰস্তাৱটোত কোৱা হৈছে যে এই সদনে সমগ্ৰ দেশৰ সকলো ৰাজনৈতিক দল, ধৰ্মীয় আৰু সম্প্ৰদায়ৰ নেতা, যুৱ সংগঠন, নাগৰিক সমাজৰ গোট, আৰু সংবাদ মাধ্যমক শান্তি বজাই ৰাখিবলৈ, হিংসা আৰু বিভাজনকাৰী বাক্যবাণক এৰি চলিবলৈআৰু শান্তি, ঐক্য আৰু সাংবিধানিক মূল্যবোধক বজাই ৰাখিবলৈ সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনাইছে।
বিষয়টোৰ ওপৰত ভাষণ দি অধ্যক্ষ আব্দুল ৰহিম ৰাথেৰে পৰ্যটকৰ বাবে এক নিৰাপদ আৰু অনুকূল পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত সদনৰ সকলো সদস্যই সহযোগিতা কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
আপোনজনক হেৰুৱা পৰিয়ালসমূহক সন্মান জনোৱাৰ ক্ষেত্ৰত সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনায়, তেওঁলোকৰ ত্যাগ অসাৰ নহয় বুলি নিশ্চিত কৰে। ৰাথাৰে কয় যে আমি চৰকাৰক আহ্বান জনাইছো যে অঞ্চলটোৰ বাহিৰৰ পৰা অহা পৰ্যটক, বাসিন্দা, আৰু ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হওক।
সদনত ভাষণ দি কংগ্ৰেছ বিধানসভাৰ নেতা জি এ মিৰেও এই আক্ৰমণক অমানৱীয় আৰু বৰ্বৰ বুলি অভিহিত কৰি কঠোৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ এই কাপুৰুষ কাৰ্য্যৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদৰ ওপৰত আলোকপাত কৰি শান্তি পুনৰুদ্ধাৰ আৰু জাতিৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰী প্ৰচেষ্টাক কংগ্ৰেছে সম্পূৰ্ণ সমৰ্থন দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।