Advertisment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইণ্টাৰ্নশ্বিপ আঁচনি-২০২৪ লৈ ৮১ শতাংশ ভাৰতীয় কৰ্পোৰেটৰ সহাৰি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইণ্টাৰ্নশ্বিপ আঁচনি-২০২৪ য়ে ভাৰতীয় কৰ্পোৰেট খণ্ডৰ পৰা ৮১ শতাংশ সমৰ্থন লাভ কৰিছে।এই আঁচনিক এতিয়া কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ) কাৰ্যকলাপৰ সৈতে একত্ৰিত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইণ্টাৰ্নশ্বিপ আঁচনি-২০২৪ লৈ ৮১ শতাংশ ভাৰতীয় কৰ্পোৰেটৰ সহাৰি

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইণ্টাৰ্নশ্বিপ আঁচনি-২০২৪ য়ে ভাৰতীয় কৰ্পোৰেট খণ্ডৰ পৰা ৮১ শতাংশ সমৰ্থন লাভ কৰিছে। এই আঁচনিক এতিয়া কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ) কাৰ্যকলাপৰ সৈতে একত্ৰিত কৰা হৈছে। বৃহস্পতিবাৰে প্ৰকাশিত এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে।

Advertisment

প্ৰধানমন্ত্ৰী ইণ্টাৰ্নশ্বিপ আঁচনিখন ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা হৈছিল। এই আঁচনিৰ অধীনত শীৰ্ষ ৫০০ টা কোম্পানীয়ে অহা পাঁচ বছৰত এক কোটি যুৱক-যুৱতীক ইন্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰিব।

আঁচনিখনৰ অধীনত প্ৰতিজন ইণ্টাৰ্নক মাহিলী ৫ হাজাৰ  টকাৰ বৃত্তি প্ৰদান কৰা হ'ব, আৰু কোম্পানীবোৰে বৃত্তি আৰু প্ৰশিক্ষণ ব্যয়ৰ এটা অংশ বহন কৰিবলৈ তেওঁলোকৰ চি এছ আৰ পুঁজি ব্যৱহাৰ কৰিব লাগিব।

টিমলিজ এডটেকৰ "ফ্ৰম লাৰ্ণিং টু আৰ্ন: দ্য চিএছআৰ ইন ট্ৰান্সফৰ্মিং এডুকেশ্বন টু এমপ্লয়িবিলিটি" শীৰ্ষক এক প্ৰতিবেদন অনুসৰি, ৮১ শতাংশ কোম্পানীয়ে প্ৰধানমন্ত্ৰীৰ ইণ্টাৰ্নশ্বিপ আঁচনি-২০২৪ সম্প্ৰসাৰণৰ পক্ষপাতী। এই প্ৰতিবেদন ৯৩২ টা কোম্পানীৰ মতামতৰ ওপৰত আধাৰিত।

প্ৰতিবেদনখনত এইটোও কোৱা হৈছে যে বেছিভাগ কোম্পানীয়ে (৭৩ শতাংশ) দক্ষতা বিকাশৰ সৈতে আঁচনিখন কাৰ্যকৰী কৰি ৰখাৰ বাবে ১ ৰ পৰা ৬ মাহৰ হ্ৰস্ব-ৰ পৰা মধ্যম্যাদী ইণ্টাৰ্নশ্বিপ উপযুক্ত বুলি বিবেচনা কৰে।

প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে ৩২.৪৩ শতাংশ কোম্পানীয়ে প্ৰভাৱ সৰ্বাধিক কৰাৰ বাবে বিশ্ববিদ্যালয় আৰু অন্যান্য কৰ্পোৰেটৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰাৰ পক্ষপাতী। 
ইয়াৰ উপৰিও, ৫৪ শতাংশতকৈয়ো অধিক কোম্পানীয়ে ১ ৰ পৰা ২ বছৰৰ ভিতৰত চি এছ আৰ চালিত ইণ্টাৰ্নশ্বিপৰ পৰা বিনিয়োগৰ ওপৰত পৰিমাপযোগ্য সামাজিক লাভ আশা কৰে।

৭৬ শতাংশতকৈ অধিক কোম্পানীয়ে তেওঁলোকৰ ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীত প্ৰযুক্তি-সম্পৰ্কীয় ভূমিকাক অগ্ৰাধিকাৰ দিছে। যি ডিজিটেল ভাৱে দক্ষ প্ৰতিভাৰ প্ৰতি উদ্যোগটোৰ মনোযোগ প্ৰদৰ্শন কৰে।

প্ৰতিবেদনত কোৱা হৈছে যে প্ৰায় ৭৩ শতাংশ কোম্পানীয়ে কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকৰ কমেও ১০ শতাংশ ইণ্টাৰ্নক পূৰ্ণ-সময়ৰ কৰ্মচাৰী হিচাপে নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

টীমলিজ এডটেকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া শান্তনু ৰোছে কয়, "প্ৰধানমন্ত্ৰীৰ ইণ্টাৰ্নশ্বিপ আঁচনি হৈছে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে কৰ্মশক্তিৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ এক শক্তিশালী উদাহৰণ। বেছিভাগ কোম্পানীয়ে কাৰিকৰী দক্ষতাৰ সৈতে প্ৰতিভাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আছে আৰু ইণ্টাৰ্নসকলক পূৰ্ণ-সময়ৰ কৰ্মচাৰী হিচাপে লোৱাৰ প্ৰতিশ্ৰুতি দিছে। আমি এক কৌশলগত পৰিৱৰ্তন দেখিছোঁ যি পৰম্পৰাগত চি এছ আৰতকৈ অধিক প্ৰভাৱ পেলাইছে। 

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী