১০০ ৰো অধিক পিএফআই সদস্য গ্ৰেপ্তাৰ! সংগঠনোৰ মূল উদ্দেশ্য দেশৰ বাবে বিপদজনক...

দেশত পিএফআইৰ সদস্যৰ বিৰুদ্ধে অব্যাহত আছে নিয়াৰ অভিযান। ইতিমধ্যে প্ৰায় ১০০ জন লোক গ্ৰেপ্তাৰ হৈছে। কিন্তু পি এফ আই ক'ত কেনেকৈ গঠন হৈছিল। আছে গুৰুতৰ অভিযোগ।

author-image
Asomiya Pratidin
New Update
১০০ ৰো অধিক পিএফআই সদস্য গ্ৰেপ্তাৰ! সংগঠনোৰ মূল উদ্দেশ্য দেশৰ বাবে বিপদজনক...

over 100 pfi leaders arrested

ডিজিটেল ডেস্ক: সমগ্ৰ দেশ জুৰি পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া(পিএফআই)ৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(নিয়া)ই অভিযান অব্যাহত ৰাখিছে। দেশৰ ১০ খন ৰাজ্যত নিয়াই চলোৱা এই অভিযানত সহায় আগবঢ়াইছে ইডিয়ে। বৃহস্পতিবাৰে সমগ্ৰ দেশতে এই অভিযান তীব্ৰতৰ কৰিছে তুলিছে নিয়াই।

Advertisment

নিয়াই অভিযান চলোৱা ৰাজ্য সমূহৰ ভিতৰত আছে উত্তৰ প্ৰদেশ, কেৰালা, অন্ধ্ৰ প্ৰদেশ, অসম, তেলেংগনা, কৰ্ণাটক, তামিলনাডু আদি। বৰ্তমানলৈ এই ৰাজ্য সমূহত প্ৰায় ১০০ ৰো অধিক পি এফ আই সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা সমূহৰ ভিতৰত আছে- কেৰালাত ২২ জন, মধ্য প্ৰদেশ আৰু কৰ্ণাটকৰত ২০ জনকৈ, অন্ধ্ৰপ্ৰদেশত ৫ জন, অসমত ৯ জন, দিল্লীত ৩ জন, মধ্য প্ৰদেশত ৪ জন, পডুচেৰীত ৩ জন, তামিলনাডুত ১০ জন, উত্তৰ প্ৰদেশত ৮ জন আৰু ৰাজস্থানত ২ জন।

এই অভিযানটো নিয়াৰ বৰ্তমানলৈ সৰ্ববৃহৎ অভিযান বুলি কোৱা হৈছে।  সন্ত্ৰাসবাদীৰ পুঁজি যোগান ধৰা, প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা আৰু উগ্ৰপন্থী গোটত যোগদান কৰিবলৈ আনক উতসাহিত কৰাৰ অভিযোগত জড়িত সকলৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে।

এই সন্দৰ্ভত পি এফ আই এক বিবৃতিৰ জৰিয়তে কয় যে  "পিএফআইৰ ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় নেতাসকলৰ ঘৰত অভিযান চলি আছে। ৰাজ্যিক সমিতিৰ কাৰ্যালয়তো তালাচী চলোৱা হৈছে। আমি ফেচিষ্ট শাসনৰ বিৰোধী কণ্ঠস্বৰ বন্ধ কৰিবলৈ সংস্থা সমূহ ব্যৱহাৰ কৰাৰ পদক্ষেপৰ তীব্ৰ প্ৰতিবাদ কৰিছো।

 গৃহ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি দেশৰ প্ৰায় ৫০ টা স্থানত এই অভিযান চলোৱা হৈছে। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে পিএফআইৰ অধ্যক্ষ অম চলাম। এতিয়াও অব্যাহত আছে এই অভিযান।

ইয়াৰ পূৰ্বে  নিয়াই ১৮ ছেপ্টেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগনাৰ ২৩ টা স্থানত তালাচী চলাইছিল। যত কৰাটে প্ৰশিক্ষণৰ নামত পিএফআইয়ে প্ৰশিক্ষণ চলাই আছিল। নিয়াই গোপন সূত্ৰৰ ভিত্তিত এই স্থান সমূহত অভিযান চলাইছিল।

পি এফ আই কি ?

পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া (পিএফআই) ১৭  ফেব্ৰুৱাৰী ২০০৭ চনত গঠন কৰা হৈছিল। দক্ষিণ ভাৰতৰ তিনিটা মুছলমান সংগঠনক একত্ৰিত কৰি এই সংগঠনটো গঠন কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল কেৰালাৰ নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট, কৰ্ণাটক ফ'ৰাম ফৰ ডিগনিটি আৰু তামিলনাডুৰ মণিথা নীথি পাচৰাই।

 পি এফ আই দাবী কৰিছে যে বৰ্তমান পৰ্যন্ত ২৩ খন ৰাজ্যত এই সংগঠনটো সক্ৰিয় হৈ আছে। বিশেষকৈ কৰ্ণাটক, কেৰালা অৰ্থাত দক্ষিণ ভাৰতীয় ৰাজ্য সমূহত এই সংগঠনটো অধিক সক্ৰিয় হৈ আছে। ইয়াৰ কেইবাট শাখাও আছে।এই সংগঠনটো গঠনৰ পাছতেই ইয়াৰ বিৰুদ্ধে অসামাজিক কাৰ্যকালাপ অথবা ৰাষ্ট্ৰ বিৰোধী কাম কাজ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

অভিযোগ অনুসৰি এই সংগঠনোৱে দেশখনক এখন মুছলমান ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰে। সংগঠনটোৰ বিৰুদ্ধে এনে কিছুমান পৰিকল্পনাৰ অভিযোগ আছে যি দেশৰ বাবে ক্ষতিকাৰক।

আজি দেশৰ বিভিন্ন স্থানত গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিছে একাংশই। কেৰালাৰ লগতে অসমতো চলিছে প্ৰতিবাদ।

assam nia arrested ed PFI