গ্ৰেপ্তাৰ হ'ব নেকি অ'ৰী ? বৈষ্ণো দেৱী মন্দিৰলৈ গৈ কি কৰিলে অ'ৰীয়ে ?

বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈ বিপদত পৰিছে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ অ'ৰী। তেওঁৰ বিৰুদ্ধে জম্মুৰ কাটৰা থানাত ৰুজু হৈছে গোচৰ। ডি এমৰ নিৰ্দেশ অমান্য কৰি জম্মুৰ কাট্ৰাৰ ৫ তাৰকাযুক্ত হোটেলত বন্ধু-বান্ধৱীৰ সৈতে সুৰাপান কৰাৰ অভিযোগ উত্থাপন হৈছে ।

author-image
Asomiya Pratidin
New Update
অ'ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

অ'ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

ডিজিটেল ডেস্ক: অ'ৰীক চিনি নোপোৱা লোক কিজানি খুব কমহে ওলাব। বলীউডৰ চেলিব্ৰিটিৰ সৈতে বিভিন্ন ভংগীমাৰে ফটো উঠি হঠাৎ ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছিল অ'ৰী।  পিছে বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈ বিপদত পৰিছে এইজন ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ অ'ৰী। তেওঁৰ বিৰুদ্ধে জম্মুৰ কাটৰা থানাত ৰুজু হৈছে এক গোচৰ। ডি এমৰ নিৰ্দেশ অমান্য কৰি জম্মুৰ কাট্ৰাৰ ৫ তাৰকাযুক্ত হোটেলত বন্ধু-বান্ধৱীৰ সৈতে সুৰাপান কৰাৰ অভিযোগ উত্থাপন হৈছে অৰীৰ বিৰুদ্ধে। ৫ তাৰকা হোটেলত মদ খোৱাৰ ছবি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এনে পৰিস্থিতিত জম্মু-কাশ্মীৰ আৰক্ষীয়ে ১৫ মাৰ্চত  অ'ৰীৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে।

Advertisment

সুৰা নিষিদ্ধ হোৱাৰ পিছতো অ'ৰীয়ে বন্ধুৰ লগত সুৰাপান কৰাৰ বাবে এতিয়া ৰোষত পৰা দেখা গৈছে। অ'ৰীৰ লগত আছিল  হৃতিক সিং, ৰাশি দত্ত, ৰক্ষিতা ভোগল, সগুন কোহলী আৰু অনাস্তাচিলা আৰ্জামাস্কিনা। এওঁলোকো এই গোচৰৰ সৈতে জড়িত হৈছে। 

ধৰ্মীয় স্থানত ড্ৰাগছ বা মদৰ দৰে বস্তু সহ্য নকৰাৰ আদৰ্শ দাঙি ধৰিবলৈ এছ এছ পি ৰিয়াছি পৰমবীৰ সিঙে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ কঠোৰ নিৰ্দেশনা দিছে। 

Jammu Kashmir jammu orry