মৃত্যুৰ পাছতো ৪ জনক নতুন জীৱন দি গ'ল বিজেন্দ্ৰ শৰ্মাই...

: মৃত্যুৰ পাছতো এজন ব্যক্তিৰ বাবে জীৱন ৰক্ষা পৰিল ৪ জনকৈ লোকৰ। এই ঘটনা দিল্লীৰ।

author-image
Asomiya Pratidin
New Update
মৃত্যুৰ পাছতো ৪ জনক নতুন জীৱন দি গ'ল বিজেন্দ্ৰ শৰ্মাই...

ডিজিটেল ডেস্ক: মৃত্যুৰ পাছতো এজন ব্যক্তিৰ বাবে জীৱন ৰক্ষা পৰিল ৪ জনকৈ লোকৰ। এই ঘটনা দিল্লীৰ। দিল্লীৰ এইমছত "ব্ৰেইন ডেড" বুলি ঘোষণা কৰা এজন ৫০ বছৰীয়া ব্যক্তিৰ পৰিয়ালে অংগ দান কৰি ৪ জনক এক নতুন জীৱন প্ৰদান কৰে।

Advertisment

এক চৰকাৰী বিবৃতি অনুসৰি, বিজেন্দ্ৰ শৰ্মাৰ নামৰ লোকজনৰ অংগ নোটোৰ জৰিয়তে ৰোগী সকলক দান কৰা হয়। লোকজনৰ হৃদযন্ত্ৰ নয়দাক এজন ৰোগীৰ দেহত সংৰোপন কৰা হয়। আনহাতে তেওঁৰ যকৃত আইএলবিএছ চিকিৎসালয়ত এজন ৰোগীৰ দেহত সংৰোপণ কৰা হয়।

দিল্লীৰ এইমছ আৰু আৰ্মি হস্পিটেল (গৱেষণা আৰু ৰেফাৰেল)ত দুজন ৰোগীৰ দেহত তেওঁৰ বৃক্ক সংৰোপণ কৰা হয়। আনহাতে তেওঁৰ "কৰ্ণিয়া" এইমছৰ নেচনেল আই বেংকত ৰখা হৈছে।

উল্লেখ্য যে, লোকজন ৩০ জানুৱাৰীত এক পথ দুৰ্ঘটনাত পতিত হৈছিল। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শৰ্মাক ৩১ জানুৱাৰীত ব্ৰেইন ডেড ঘোষণা কৰে চিকিৎসকে। তাৰ পাছতে ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে অংগ দানৰ সিদ্ধান্ত গ্ৰহণ কৰে।

delhi