/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/draupadi.jpg)
ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনা সন্দৰ্ভত সংসদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈয়ে আছে। ইয়াৰ মাজতে বিৰোধী মৰ্চা ইণ্ডিয়াৰ একাংশ নেতাই সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক। ২১ গৰাকীকৈ সাংসদে মণিপুৰৰ ঘটনা সন্দৰ্ভত সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিগৰাকীক।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এই কথা জনায়। তেওঁ টুইট কৰি কয় যে, "মণিপুৰ ভ্ৰমণ কৰিব লগীয়া 'ইণ্ডিয়া'ৰ সংগঠক দলসমূহৰ ২১ জন সাংসদে ২ আগষ্টৰ পুৱা ১১:৩০ বজাত মাননীয় ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব। তেওঁৰ সৈতে ইণ্ডিয়াৰ সকলো সংগঠক দলৰ সদনৰ নেতাও থাকিব।
কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মঙলবাৰে এক বিশেষ আহ্বান জনাইছিল। হিংসাপীড়িত মণিপুৰৰ পৰিস্থিতিৰ বিষয়টো উত্থাপন কৰিবলৈ বিৰোধীৰ হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা সময় বিচাৰিছিল। জানিব পৰা মতে মণিপুৰ বিষয়টো ৰাষ্ট্ৰপতিৰ আগত উপস্থাপন কৰিব বিৰোধীয়ে।বিৰোধী দলসমূহৰ মিত্ৰতা 'ইণ্ডিয়া'ৰ অংশীদাৰসকলৰ ২১ জনীয়া সাংসদৰ এটা প্ৰতিনিধি দলে ২৯-৩০ জুলাইত মণিপুৰ ভ্ৰমণ কৰিছিল।
উল্লেখ্য যে, মে' মাহৰ পৰা মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনা।এতিয়ালৈকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।
Also Read: অসম আৰক্ষীৰ CID ৰ শীৰ্ষ বিষয়াক বদলি