প্ৰধান মন্ত্ৰীৰ ৰোজগাৰ মেলাক ক্ষুৰধাৰ সমালোচনা বিৰোধীৰ...

author-image
Asomiya Pratidin
New Update
প্ৰধান মন্ত্ৰীৰ ৰোজগাৰ মেলাক ক্ষুৰধাৰ সমালোচনা বিৰোধীৰ...

ডিজিটেল ডেস্ক : দেশৰ প্ৰায় ১০ হেজাৰ নিবনুৱা যুৱকক সংস্থাপন দিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা ৰোজগাৰ মেলাক কঠোৰ সমালোচনা কৰে বিৰোধীয়ে । নৰেন্দ্ৰ মোডীৰ এই পদক্ষেপক এক সস্তীয়া নিৰ্বাচনী প্ৰচাৰ আখ্যা ভাৰতীয় জাতীয় কংগ্ৰেছৰ । প্ৰতি বছৰে ২ কোটি সংস্থাপনৰ প্ৰতিশ্ৰুতিৰ পাছত কেৱল ১০ হেজাৰ সংস্থাপনৰ বাবে এন বৃহৎ মেলাৰ আয়োজনক তীক্ষ্ণ বাক্য বানেৰে থকা সৰকা কৰে বিজেপিৰ বিৰোধী প্ৰত্যকটো দলেই ।

Advertisment

উল্লেখ্য যে, শনিবাৰে এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উদ্বোধন কৰে এই ৰোজগাৰ মেলাৰ । উদ্বোধনৰ পাছত ৰোজগাৰ মেলা সন্দৰ্ভত প্ৰধান মন্ত্ৰীয়ে দিয়া ভাষ্য অনুসৰি, মুদ্ৰাস্ফিতি আৰু নিবনুৱাৰ সংকটে দেশক জুৰুলা কৰাৰ সময়তেই এই সংস্থাপনৰ পদক্ষেপ অত্যন্ত জৰুৰী ।

আনহাতে, প্ৰত্যেক বছৰে ২ কোটিকৈ সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া প্ৰধান মন্ত্ৰী গৰাকীক বিগত ৮ বছৰত ১৬ কোটি সংস্থাপন দিয়াৰ তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনায় কংগ্ৰেছে ।

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ মুখপ‍াত্ৰ ডেৰেক অ' ব্ৰায়েনৰ ভাষ্য অনুসৰি, দেশৰ কোটি কোটি যুৱকক সংস্থাপন দিয়াত চৰম ভাৱে বিফল হৈছে প্ৰধান মন্ত্ৰী গৰাকী আৰু সেই বাবেই এনে প্ৰচাৰৰ জৰিয়তে নিজৰ বিফলতাক গাপ দিয়া চেষ্টা চলোৱা হৈছে ।

narendra modi rojgar mela indian national congress