/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/18521f15-bc34-43bd-80bd-39ee4ed60a43/AP_FOR_WEB_modi.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে বিৰোধী বা সচেতন মহল।
২৬ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰিপাব্লিক চাবমিটত অংশগ্ৰহণ কৰি এখন সভা সম্বোধন কৰিছিল। এই সভাতেই তেওঁ আত্মহত্যাক লৈ কৌতুক কৰা বুলি অভিযোগ উত্থাপন কৰিছে একাংশই।
এক কাৰ্যক্ৰম সম্বোধন কৰি মোডীয়ে কৈছিল যে, ''সৰুতে মই এটা কৌতুক শুনিছিলো। সেইটো মই আপোনালোকক ক'ব বিচাৰো। এজন অধিবক্তা আছিল । তেওঁৰ জীয়ৰীয়ে আত্মহত্যা কৰে আৰু এখন চুইচাইড নোটত লিখি থৈ যায় যে মই জীৱনৰ পৰা ভাগৰি গৈছো, মই আৰু জীয়াই থাকিব নিবিচাৰো। মই কুৱাত জাঁপ মাৰি আত্মহত্যা কৰিম। অধ্যাপক জনে পুৱা দেখে যে তেওঁৰ কন্যা ঘৰত নাই আৰু চিঠিখন লাভ কৰে। তেতিয়া পিতৃৰ ভীষণ খং উঠে যে তেওঁ ইমান বছৰ কষ্ট কৰি পঢ়ালে কিন্তু এতিয়াও বানান ভুল''।
Depression and suicide, especially among the youth IS NOT a laughing matter.
According to NCRB data, 164033 Indians committed suicide in 2021. Of which a huge percentage were below the age of 30. This is a tragedy not a joke.
The Prime Minister and those laughing heartily at… pic.twitter.com/yoPt5c8Kx7— Priyanka Gandhi Vadra (@priyankagandhi) April 27, 2023
ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে কংগ্ৰেছ। প্ৰিয়ংকা গান্ধীয়ে ইয়াৰ বিষয়ে টুইট কৰি কয় যে,''হতাশা বা আত্মহত্যা কৰাতো কোনো কৌতুক নহয়।এনচিআৰবিৰ তথ্য অনুসৰি, ১৬৪০৩৩ ভাৰতীয়ই ২০২১ চনত আত্মহত্যা কৰিছিল। যাৰ ভিতৰত একাংশ ৩০ বছৰৰ তলৰ আছিল। এইটো এটা ট্ৰেজেডী কৌতুক নহয়''। প্ৰধানমন্ত্ৰী আৰু তেওঁৰ কৌতুকক লৈ হাঁহি থকা সকল অসংবেদনশীল, ৰুগীয়া মানসিকতাৰ। ইয়াৰোপৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও ইয়াৰ বিৰোধিতা কৰা দেখা যায়।
Also Read: জেললৈ যাবলৈ সাজু, কিন্তু অনা অসমীয়াৰ চৰ গোৰ সহ্য নকৰোঃ শৃংখল চলিহা