Advertisment

সংসদৰ বাহিৰত প্ৰতিবাদৰ নামত ঠেলা-হেঁচাত লিপ্ত শাসক-বিৰোধী ...

বৃহস্পতিবাৰে সংসদৰ বাহিৰত বিৰোধী আৰু শাসক পক্ষই সাব্যস্ত কৰা প্ৰতিবাদে পুনৰ নতুন বিতৰ্কৰ সূচনা হৈছে। কংগ্ৰেছৰ অভিযোগ বিজেপি সাংসদসকলে ঠেলা-হেঁচা কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেক, বিজেপিৰ অভিযোগ ৰাহুল গান্ধীৰ হেঁচাত আহত বিজেপি সাংসদ।

author-image
Asomiya Pratidin
New Update
সংসদৰ বাহিৰত প্ৰতিবাদৰ নামত ঠেলা-হেঁচাত লিপ্ত শাসক-বিৰোধী...

সংসদৰ বাহিৰত প্ৰতিবাদৰ নামত ঠেলা-হেঁচাত লিপ্ত শাসক-বিৰোধী...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সংসদৰ বাহিৰত বিৰোধী আৰু শাসক পক্ষই সাব্যস্ত কৰা প্ৰতিবাদে পুনৰ নতুন বিতৰ্কৰ সূচনা হৈছে। এফালে কংগ্ৰেছে অভিযোগ কৰিছে বিজেপি সাংসদসকলে জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেক ঠেলা-হেঁচা কৰাৰ লগতে হাতত লাঠি লৈ একপ্ৰকাৰে কংগ্ৰেছ তথা বিৰোধী সাংসদসকলৰ বিৰুদ্ধে খেদি অহাৰ দৰে আহিছিল।

Advertisment

আনফালে বিজেপিয়ে দাবী কৰিছে ৰাহুল গান্ধীয়ে বিজেপি সাংসদ প্ৰতাপচন্দ্ৰ ছাৰংগীক গতিয়াই দিয়াৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হ’বলগীয়া হৈছে। আনকি বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিব বুলিও ইংগিত প্ৰদান কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই ইংগিত প্ৰদান কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙ্গলবাৰে সংবিধানৰ বিতৰ্কত নিজৰ ভাষণৰ মাজতে সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰাৰ পাছতে দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে। বৃহস্পতিবাৰে সংসদত অমিত শ্বাহৰ সেই মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে।

সেই একে সময়তে আকৌ বিজেপিয়ে কংগ্ৰেছেহে আম্বেদকাৰক অপমান কৰাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে। দুয়ো পক্ষৰ প্ৰতিবাদৰ মাজতে পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে দুয়ো পক্ষৰ মাজত ঠেলা-হেঁচাৰ সৃষ্টি হয়।

দুয়ো পক্ষৰ এনে ঠেলা-হেঁচাত বিজেপি সাংসদ প্ৰতাপচন্দ্ৰ ছাৰংগী আহত হোৱাৰ অভিযোগ উত্থাপন হৈছে। তেওঁক পৰৱৰ্তী সময়ত হাস্পতালত ভৰ্তি কৰোৱা হয়।

ওৰিষ্যাৰ এই সাংসদগৰাকীয়ে অভিযোগ কৰা মতে তেওঁক বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে হেঁচা মাৰি দিয়াৰ ফলতে পৰি আহত হৈছে। তেওঁ কয়, ৰাহুল গান্ধীয়ে এজন সাংসদক ঠেলা মৰাত তেওঁ আহি মোৰ গাৰ ওপৰত পৰে। ফলত মই মাটিত বাগৰি পৰো।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই প্ৰসংগত কয়, প্ৰতাপচন্দ্ৰৰ উপৰিও আমাৰ সাংসদ মুকেশ ৰাজপুতো আহত হৈছে। তেওঁলোকে কি ভাবিছে? কিদৰে এনে আচৰণ কৰিব পাৰে? বিজেপিৰ দাবী সাংসদ প্ৰতাপচন্দ্ৰই মূৰত আঘাত পাইছে।

অৱশ্যে প্ৰতাপচন্দ্ৰক সতীৰ্থ সাংসদসকলে প্ৰতিবাদস্থলীৰ পৰা আঁতৰাই অনাৰ পাছত ৰাহুল গান্ধীয়েও সাক্ষাত কৰিবলৈ যায়। আনহাতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, মোক সংসদৰ 'মকৰ দ্বাৰ'ৰ কাষত বিজেপি সাংসদসকলে ঠেলা মাৰিছে।

তেওঁ জনোৱা মতে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ তেওঁ এই বিষয়ে সবিশেষ লিখি পত্ৰ প্ৰেৰণ কৰিছে।

কোন এই প্ৰতাপচন্দ্ৰ ছাৰংগী?

প্ৰতাপচন্দ্ৰ ছাৰংগী ওৰিষ্যাৰ বিজেপিৰ সাংসদ। তেওঁ লোকসভাৰ বালোছোৰি সমষ্টিক প্ৰতিনিধিত্ব কৰে। সংসদলৈ নিৰ্বাচিত হোৱাৰ পূৰ্বে তেওঁ আছিল এগৰাকী বিধায়ক।

তাৰো পূৰ্বে প্ৰতাপচন্দ্ৰ আছিল বজৰং দলৰ নেতা। ১৯৯৯ চনত তেওঁৰ নাম এক হত্যাৰ গোচৰৰ সৈতেও জড়িত হৈছিল। ১৯৯৯ চনত ওড়িষ্যাত সংঘটিক হোৱা অষ্ট্ৰেলিয়ান মিছনেৰী গ্ৰাহাম ষ্টুৱাৰ্ট ষ্টেইনছ আৰু তেওঁৰ দুই শিশুপুত্ৰক অগ্নিদগ্ধ কৰি হত্যা কৰাৰ গোচৰত নাম জড়িত হৈছিল বজৰং দলৰ।  

সেই সময়ত ওড়িষ্যাৰ বজৰং দলৰ ৰাজ্যিক সভাপতি আছিল প্ৰতাপচন্দ্ৰ। তেওঁৰ বিৰুদ্ধেও এই হত্যা কাণ্ডৰ সন্দৰ্ভত গোচৰ ৰুজু হৈছিল। এই গোচৰৰ তদন্তৰ অন্তত মূল অভিযুক্ত দাৰা সিঙক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হয় যদিও  প্ৰতাপচন্দ্ৰই গোচৰত ৰেহাই লাভ কৰে। 

 

লোকসভা বিজেপি ৰাহুল গান্ধী কংগ্ৰেছ