'INDIA'- ২০২৪ ত বিজেপি বিৰোধীৰ একেখন মঞ্চঃ ৰণনীতি চূড়ান্ত...

'INDIA'- ২০২৪ ত বিজেপি বিৰোধীৰ একেখন মঞ্চঃ ৰণনীতি চূড়ান্ত...
'INDIA'- ২০২৪ ত বিজেপি বিৰোধীৰ একেখন মঞ্চঃ ৰণনীতি চূড়ান্ত...

ডিজিটেল ডেস্কঃ 'INDIA'- অৱশেষত চূড়ান্ত হ’ল একত্ৰিত বিৰোধীৰ মৰ্চাৰ নাম। দেশৰ মুঠ ২৬ টা বিৰোধী ৰাজনৈতিক দলে ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ একত্ৰিত হোৱাৰ প্ৰচেষ্টাৰে সুদীৰ্ঘ সময় বহু আলোচনা, বিলোচনা অব্যাহত ৰাখিছিল।

অৱশেষত বেংগালুৰুত অনুষ্ঠিত হোৱা বিৰোধীৰ বৈঠকতে সকলো একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ কঁকালত টঙালি বান্ধিলে। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই বৈঠকত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এক ভংগ কৰি নতুনকৈ এখন মঞ্চ গঠন কৰা হ'ল।

এই মঞ্চখনৰ নাম দিয়া হ'ল- 'INDIA'। যাৰ সম্পূৰ্ণ নাম INDIAN NATIONAL DEMOCRATIC INCLUSIVE ALLIANCE । এই নাম চূড়ান্ত হোৱাৰ পিছতে তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক ও’ব্ৰায়েনে টুইটাৰত লিখিলে ‘চক দে! ইণ্ডিয়া।‘

অৱশ্যে এই নামটোক লৈ এতিয়াও সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যমতত উপনীত হোৱা নাই। তথাপিও গৰিষ্ঠসংখ্যক ৰাজনৈতিক নেতাই এই নামটোকেই চূড়ান্ত কৰাৰ পক্ষত থিয় দিছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে যাতে সকলো সমভাৱাপন্ন বিৰোধী ৰাজনৈতিক দলেই অভিন্ন নূন্যতম কৰ্মসূচী গ্ৰহণ কৰিব পাৰে তাৰ বাবে বেংগালুৰুতেই পুংখানুপুংখ ভাৱে আলোচনা কৰা হ'ব।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এই মৰ্চা গঠন হোৱাৰ পাছতে ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অকলে ৩০৩ খন আসন দখল কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে। ইয়াৰোপৰি তেওঁ বিজেপিয়ে সুদীৰ্ঘ সময়ৰ অন্তত এন ডি এৰ বৈঠক আহ্বান কৰা আৰু এন ডি এ মৰ্চাক শক্তিশালী কৰাৰ বাবে চলোৱা প্ৰচেষ্টাকো কটাক্ষ কৰিছে।

তেওঁ টুইটাৰত লিখিছে এইদৰে- I am happy that 26 parties are present in Bengaluru to work unitedly. Together, we are in government in 11 states today. The BJP did not get 303 seats by itself. It used the votes of its allies and came to power and then discarded them. The BJP President and their leaders are running from state-to-state to patch up with their old allies. They are scared that the unity they see here will result in their defeat next year. Every institution is being turned into a weapon against the opposition. Our intention in this meeting is not to gain power for ourselves. It is to protect Democracy, Secularism and Social Justice. Let us resolve to take India to back to the path of progress, welfare and true democracy.

'INDIA'- ২০২৪ ত বিজেপি বিৰোধীৰ একেখন মঞ্চঃ ৰণনীতি চূড়ান্ত...
২৬ বিৰোধী দলৰ প্ৰচেষ্টাত শংকিত বিজেপি ! ৩৮ দলৰ NDA ৰ দিল্লীত বৈঠক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in