/asomiyapratidin/media/media_files/2025/05/07/CTH1AwB6goOt4GGfnMkx.jpg)
ডিজিটেল ডেস্কঃ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ আছে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক। ইয়াৰ পূৰ্বে তেওঁ ছুপাৰ কেবিনেট হিচাপে পৰিচিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটী (CCS)ৰ বৈঠকতো অধ্যক্ষতা কৰে। ২২ এপ্ৰিলত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এয়া আছিল তৃতীয়খন নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠক।
৭ মে’ৰ নিশা প্ৰায় ১ বজাত ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ ভূখণ্ডৰ লগতে পাকিস্তান অধিকৃত কাশ্মীৰৰ মুঠ ৯ টা স্থানত আক্ৰমণ কৰি প্ৰায় ৯০ টা সন্ত্ৰাসবাদী নিধন কৰাৰ পাছতে অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠক কেইবাটাও কাৰণত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে ভাৰতীয় সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ সমৰ্থন কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ্য যে, অপাৰেচন সিন্দুৰৰ গোটেই অভিযানৰ ওপৰত সম্পূৰ্ণ নজৰত ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
আনহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডাঃ এছ জয়শংকৰে এই যুদ্ধ পৰিস্থিতিত এক্সত বিশ্ববাসীক উদ্দেশ্যি লিখিছে, বিশ্বই সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা দেখুৱাব লাগিব। তাৰোপৰি অপাৰেচন সিন্দুৰৰ পাছতে ভাৰতে ইয়াৰ মিত্ৰ ৰাষ্ট্ৰ আমেৰিকা, ব্ৰিটেইন, চৌদি আৰৱ, ৰাছিয়া আদিৰ সৈতেও আলোচনাত মিলিত হৈছে।
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ভাৰত আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি থকা বুলি উল্লেখ কৰিছে। তেওঁ পাকিস্তানক ভুলতো ভাৰতৰ বিৰুদ্ধে প্ৰত্যাঘাতৰ চিন্তা নকৰিবলৈ সকিয়াই দিছে। ড’নাল্ড ট্ৰাম্পে দুয়োখন ৰাষ্ট্ৰকে যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। তেওঁ ভাৰত আৰু পাকিস্তান দুয়োখনেই আমেৰিকাৰ বন্ধু ৰাষ্ট্ৰ বুলি পূৰ্বেই উল্লেখ কৰিছে।