অপাৰেচন সিন্দূৰ: ভাৰতৰ আত্ম নিৰ্ভৰশীল সামৰিক শক্তিৰ উজ্জ্বল প্ৰতিচ্ছবি

পাকিস্তানৰ ভূমিত ঘাটি পাতি ভাৰতৰ আভ্যন্তৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত ৰখা সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰৰ জৰিয়তে আঘাত কৰি উচিত শিক্ষা প্ৰদান কৰিলে।

author-image
Tushar Pratim
New Update
অপাৰেচন সিন্দূৰ: ভাৰতৰ আত্ম নিৰ্ভৰশীল সামৰিক শক্তিৰ উজ্জ্বল প্ৰতিচ্ছবি

ডিজিটেল ডেস্কঃ পাকিস্তানৰ ভূমিত ঘাটি পাতি ভাৰতৰ আভ্যন্তৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত ৰখা সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰৰ জৰিয়তে আঘাত কৰি এক উচিত শিক্ষা প্ৰদান কৰিলে। এই অপাৰেচন সিন্দূৰৰ জৰিয়তে কেৱল সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাই নহয়, ভাৰতৰ ঘৰুৱা প্ৰযুক্তি, উদ্ভাৱন আৰু স্ব নিৰ্ভৰ সামৰিক উৎপাদনৰ শক্তিকো বিশ্বত প্ৰতিষ্ঠা কৰিলে। 

Advertisment

অপাৰেচন সিন্দূৰে প্ৰমাণ কৰিলে স্বদেশী প্ৰযুক্তি আৰু আত্মনির্ভৰতা হৈছে ভাৰতৰ সামৰিক ক্ষেত্ৰত নতুন শক্তিশালী ঢাল আৰু প্ৰখৰ অস্ত্ৰ। উল্লেখ্য যে যোৱা এটা দশকত ভাৰত উন্নয়নশীল দেশৰ পৰা আহি পৃথিৱীৰ চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত হৈছে। ভাৰতৰ অৰ্থনীতি এতিয়া ৪.১৯ ট্ৰিলিয়ন ইউ এছ ডলাৰৰ। 

মোবাইল উৎপাদনত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত থকাৰ পৰা আৰম্ভ কৰি বিশ্ব প্ৰযুক্তি, বিশ্ব নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ভাৰতে আগভাগ লৈ আহিছে। তাৰোপৰি মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰতে উদ্যোগখণ্ডত যথেষ্ট আগবাঢ়ি গৈছে।

বিশেষকৈ সামৰিক উৎপাদন ক্ষেত্ৰত, ভাৰতৰ আমদানি নিৰ্ভৰতা যোৱা এটা দশকত ব্যাপকভাৱে হ্ৰাস পাইছে। SIPRI-ৰ তথ্য মতে, ২০১৫-১৯ আৰু ২০২০-২৪ সময়চোৱাৰ ভিতৰত ভাৰতৰ অস্ত্ৰ আমদানি ৯.৩ শতাংশ হ্ৰাস পাইছে, যাৰ অৰ্থ হৈছে দেশৰ ভিতৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি পাইছে।

ভাৰতৰ অপাৰেচন সিন্দুৰত ব্যৱহৃত ব্ৰহ্মছ ক্ৰুইজ মিছাইল ভাৰতৰ ঘৰুৱা প্ৰযুক্তিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। তাৰোপৰি দেশীয় প্ৰযুক্তিৰেই নিৰ্মাণ কৰা আকাশ মিছাইল ছিষ্টেমেও ভাৰতীয় প্ৰযুক্তিৰ শক্তিক প্ৰমাণ কৰিছে।

DRDO-ৰ প্ৰাক্তন প্ৰকল্প অধিকাৰী প্ৰহ্লাদ ৰামাৰাওৰ মতে, “কেৱল ৫০০ কোটি টকাৰ বাজেটত যি আকাশ মিছাইল প্ৰণালীৰ সৃষ্টি হৈছে, তেনে উদাহৰণ বিশ্বতে নাই।” ভাৰত ইলেক্ট্ৰনিকছে নিৰ্মাণ কৰা Akashteer নামৰ নতুন ডিজিটেল কমাণ্ড ছিষ্টেম বাস্তৱ সময়ৰ ডাটা আৰু ৰাডাৰ সমন্বয় কৰি শত্রুৰ ড্ৰোন আৰু মিছাইল চিনাক্ত আৰু ধ্বংস কৰিবলৈ সক্ষম হৈছে।

ISRO-ৰ পৰিচালক ভি. নাৰায়ণনৰ মতে, বৰ্তমানে ১০ টাতকৈ অধিক উপগ্ৰহে সীমান্ত অঞ্চল আৰু উপকূলীয় এলেকাত দৃষ্টি ৰাখিছে। যিয়ে প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ অন্য এক প্ৰমাণ। চন্দ্ৰযান-৩ আৰু গংগায়ন অভিযানো ভাৰতৰ থলুৱা প্ৰযুক্তিৰ উদাহৰণ।

ভাৰতৰ ড্ৰোন উদ্যোগেও বিশ্বমুখি যাত্ৰা আৰম্ভ কৰিছে।২০২১ চনত বিদেশী ড্ৰোন আমদানিত নিষেধাজ্ঞা আৰু PLI (Production Linked Incentive) স্কিমে দেশীয় উদ্যোগ আৰু ষ্টাৰ্টআপসমূহক উৎসাহিত কৰিছে।
Drone Federation of India-এ ইতিমধ্যে ৫৫০ৰো অধিক কোম্পানী আৰু ৫৫০০ ড্ৰোন পাইলটক সংযুক্ত কৰি বৃহৎ গাঁঠনি গঢ়ি তুলিছে। কৃষি, চিকিৎসা, সামৰিক, আৰু বাণিজ্যিক ক্ষেত্ৰত ভাৰতৰ ড্ৰোনসমূহে উল্লেখযোগ্য ভূমিকা পালন কৰি আছে।

 

অপাৰেচন সিন্দুৰ