/asomiyapratidin/media/media_files/2025/05/07/cRS1ZBjPsRrMKwIdcsoV.jpg)
ডিজিটেল ডেস্কঃ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ হিচাপে সীমান্ত অতিক্ৰম কৰি সাহসীকতাৰে অপাৰেচন সিন্দুৰৰ জৰিয়তে ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰি ৩০ টাকৈ সন্ত্ৰাসবাদী নিধন কৰিছে। এই অভিযান সন্দৰ্ভত আজি পুৱা ১০ বজাত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আনুষ্ঠানিক সংবাদমেল সম্বোধন কৰিব।
এই সংবাদ মেলত ২০১৯ চনৰ বালাকোট বিমান আক্ৰমণৰ পিছত হোৱা সৰ্ববৃহৎ প্ৰতিশোধমূলক আক্ৰমণ অপাৰেচন সিন্দুৰৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিব।
অপাৰেচন সিন্দুৰ কি?
২০২৫ চনৰ ৭ মে’ৰ নিশা প্ৰায় ১ বজাত পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ লগতে পাকিস্তানৰ ভূমিত ভাৰতীয় বায়ুসেনা, মিছাইল ইউনিট, আৰু বিশেষ বাহিনীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা সমন্বিত আক্ৰমণৰ অভিযানৰ নাম অপাৰেচন সিন্দুৰ। এই অভিযানৰ সৈতে জৰিয়তে পাকিস্তান আৰু পাকিস্তানে দখল কৰি থোৱা কাশ্মীৰত থকা ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰা হৈছে।
সামৰিক বাহিনীৰ সূত্ৰৰ আধাৰত প্ৰকাশিত খবৰ অনুসৰি এই ৯ টা ঘাটি আছিল লস্কৰ-ই-তৈবা আৰু জয়ছ-ই-মহম্মদৰ। ২২ এপ্ৰিলৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে এই অভিযান চলোৱা হৈছিল। য’ত ২৮ জন সাধাৰণ নাগৰিকক হত্যা কৰা হৈছিল। যাৰ ২৭ জনেই আছিল হিন্দু নাগৰিক। এই আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে আছিল পাকিস্তান সম্পৰ্ক।
আজি পুৱা ১০:০০ বজাত ভাৰতীয় সেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে অপাৰেচন সিন্দুৰৰ সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিব। এই সংবাদ মেলৰ সম্বোধন কৰিব সেনা আৰু বায়ুসেনাৰ জ্যেষ্ঠ বিষয়াই। য’ত সম্ভৱতঃ প্ৰতিৰক্ষা মুৰব্বী (চি ডি এছ) আৰু আই এ এফৰ বায়ুসেনাৰ মুৰব্বীও থাকিব।
এই প্ৰেছ ব্রিফিঙৰ জৰিয়তে অপাৰেচন সিন্দুৰৰ কৌশলগত লক্ষ্য, সন্ত্ৰাসবাদৰ আন্তঃগাঁথনিৰ ওপৰত হোৱা ক্ষতিৰ মূল্যায়ন, অসামৰিক প্ৰভাৱৰ ওপৰত স্পষ্টীকৰণ, নিয়ন্ত্ৰণ ৰেখা (LoC) ৰ কাষেৰে ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে অৱগত কৰাৰ লগতে পাকিস্তান আৰু বিশ্ব বাসীলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে।