/asomiyapratidin/media/media_files/2025/05/10/5SZZyBVGpwm9UQeVUIL0.jpg)
ডিজিটেল ডেস্কঃ মানৱতাৰ শত্ৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ পাছত ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে আৰম্ভ কৰিছে অপাৰেচন সিন্দূৰ। এই অভিযানৰ আধাৰতে প্ৰথমে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ মুঠ ৯ টা স্থানত আঘাত কৰি সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি প্ৰায় ১০০ ৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰিলে।
সেই অভিযানৰ ক্ৰিয়া, প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। দেশ এনেদৰে অস্থিৰ হৈ থকাৰ সময়তে, দেশপ্ৰেমৰ আৱেগ উথলি থকাৰ সময়তে একাংশই নামি পৰিছে আৱেগৰ বেপাৰ কৰাত। নিজৰ জীৱনকো তুচ্ছ কৰি দেশৰ সেনা বাহিনীয়ে সীমান্তত শত্ৰুৰ এটাৰ পাছত আন এটা আক্ৰমণ প্ৰতিহত কৰি থকাৰ সময়তে একাংশই এই অপাৰেচন সিন্দূৰক লৈ ঘোষণা কৰিছে চিনেমা নিৰ্মাণৰ কথা।
নিকি ভিকি ভগনানী ফিল্মছ আৰু দ্য কণ্টেণ্ট ইঞ্জিনিয়াৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অপাৰেচন সিন্দূৰ নামৰ এখন নতুন চিনেমাৰ কথা। অপাৰেচন সিন্দূৰৰ অধীনত ৬ আৰু ৭ মে’ৰ নিশা পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি প্ৰায় ১০০ সন্ত্ৰাসবাদীক নিধন কৰিছিল ভাৰতীয় সেনাই।
এই অভিযানৰ শিৰোনাম সিন্দূৰ’ৰ ৰখাৰ আঁৰতো আছিল এক গভীৰ তাৎপৰ্য। হিন্দু পৰম্পৰাত সিন্দূৰ বিবাহৰ পবিত্ৰ প্ৰতীক। এই শিৰোনাম ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে ধৰ্মীয় পৰিচয় সুধি ২৬ জনকৈ যুৱক, সদ্য বিবাহিত পুৰুষক হত্যা কৰাৰ বেদনাদায়ক ঘটনাক প্ৰতিফলিত কৰে।
অপাৰেচন সিন্দূৰ নামৰ চিনেমাখন ঘোষণা কৰি যি পোষ্টাৰ মুকলি কৰিছে সেই পোষ্টাৰত এগৰাকী মহিলা সৈনিকে যুদ্ধ পৰিবেশত থিয় হৈ সেনা বাহিনীৰ ইউনিফৰ্ম পিন্ধি আছে। তেওঁৰ লগত আছে ৰাইফল আৰু শিৰত সেন্দূৰ সানিছে। অৱশ্যে চিনেমাখনৰ পোষ্টাৰত থকা নায়িকাগৰাকী কোন সেয়া অস্পষ্ট হৈ আছে।
তাৰোপৰি চিনেমাখনৰ অভিনেতা-অভিনেত্ৰীৰ বিষয়ে এতিয়াও কোনো কথা প্ৰকাশ কৰা নাই। জানিব পৰা মতে চিনেমাখন পৰিচালনা কৰিব উত্তম মহেশ্বৰীয়ে।
দেশপ্ৰেমমূলক চিনেমা অথবা সত্য ঘটনাৰ আলমত চিনেমা নিৰ্মাণ কোনো নতুন কথা নহয়। ‘উৰিঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক’ নামৰ চিনেমাখনো উৰি সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ আলমত জইছ-ই-মহম্মদৰ পাকিস্তানৰ ভূমিত থকা ঘাটিত ছাৰ্জিকেল ষ্ট্ৰাইকৰ ঘটনান দাঙি ধৰা হৈছিল।
কিন্তু এই সকলোবোৰ হৈছিল দেশ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সময়ত। এই সময় মনোৰঞ্জনৰ সময় নহয়। এই সময় অতি সংবেদনশীল। কোনোবাই এই সময়ত নিজৰ স্বামীক হেৰুৱাইছে, আন কোনোবাই পুত্ৰ অথবা আন আত্মীয়ক। এই সময়খিনি সকলোৱে একেলগে দেশ আৰু দেশৰ সেনা বাহিনীৰ কাষত থিয় দিয়াৰহে সময়।
অপাৰেচন সিন্দূৰৰ দ্বিতীয় পৰ্যায় অভিযান চলি থকাৰ সময়তে এইদৰে চিনেমা আৰু পোষ্টাৰ মুকলি কৰি আৱেগৰ বেপাৰৰ কৰা কাৰ্যক বহুতেই সামাজিক মাধ্যমৰ জৰিয়তে সমালোচনা কৰা পৰিলক্ষিত হৈছে। ইয়াৰ পূৰ্বে ৰিলায়েঞ্চে সেনা বাহিনীয়ে অপাৰেচন সিন্দূৰৰ পোষ্টাৰত ব্যৱহাৰ কৰা ল’গ’ৰ স্বত্ব ক্ৰয়ৰ বাবে আবেদন কৰা কাৰ্যয়ো বিতৰ্কৰ সৃষ্টি কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিষ্ঠানটোৱে স্পষ্টিকৰণ দিবলৈ বাধ্য হৈছিল।