পাকিস্তানী সেনাৰ গুলীত ৩ ভাৰতীয় নিহত...

পাক অধিকৃত কাশ্মীৰত ‘অপাৰেচন ছিন্দুৰ’ৰ আধাৰত সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলোৱাৰ পাছতে নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাই নিৰ্বিচাৰে গুলী চলোৱাৰ ফলত ৩ ভাৰতীয়ৰ মৃত্যু

author-image
Tushar Pratim
New Update
পাকিস্তানী সেনাৰ গুলীত ৩ ভাৰতীয় নিহত...

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মীৰত অপাৰেচন ছিন্দুৰৰ আধাৰত সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলোৱাৰ পাছতে নিয়ন্ত্ৰণ ৰেখাত নিৰ্বিচাৰে গুলী চলাইছে পাক সেনাই। ফলত ৩ জনকৈ ভাৰতীয় সাধাৰণ লোকৰ মৃত্যু হৈছে।

Advertisment

ভাৰতীয় সেনাই এক বিবৃতিত কয় যে, "নিৰ্দিষ্ট গুলীচালনা/গোলাবৰ্ষণত তিনিজন নিৰীহ সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱালে। ভাৰতীয় সেনাই সমানুপাতিকভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিছে।"

জানিব পৰা মতে এল অচিত এতিয়াও গধুৰ আৰ্টিলাৰী গোলাবৰ্ষণৰ অব্যাহত আছে। প্ৰতিৰক্ষা সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা এ এন আইয়ে প্ৰকাশ কৰা অনুসৰি, পাকিস্তানী সেনাই আৰ্টিলাৰী বন্দুক ব্যৱহাৰ কৰা গুলীচালনা কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই।

ভাৰতৰ এনে প্ৰত্যুত্তৰ ফলত পাকিস্তানী সেনাৰো যথেষ্ট ক্ষতিসাধন হৈছে। পাকিস্তানত ভাৰতে চলোৱা অপাৰেচন ছিন্দুৰৰ প্ৰসংগত ভাৰত চৰকাৰে এক বিবৃতিত কয় যে এই অভিযান স্থল সেনা,  বায়ুসেনা আৰু নৌসেনাৰ যৌথ পদক্ষেপ, ত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি লৈছে যৰ পৰা ভাৰতৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনা আৰু নিৰ্দেশনা দিয়া হৈছে।

 

পেহেলগাম যুদ্ধ পাকিস্তান