অমৃতপাল সিঙৰ বিৰুদ্ধে অভিযান অব্যাহত, খালিস্তানী নেতাজনৰ সম্পৰ্কীয়ৰ আত্মসমৰ্পন

আৰক্ষীয়ে জনোৱা অনুসৰি যোৱা শনিবাৰে অমৃপালক বিছাৰি এক অভিযান চলোৱা হৈছিল । ইয়াৰ পিছতেই দেওবাৰে নিশা অমৃতপালৰ খুৰাক হৰজিৎ সিং আৰু সহযোগী হৰপ্ৰীত সিঙে জলন্ধৰৰ মেহাটপুৰ অঞ্চলৰ বুলন্দপুৰ গুৰুদ্বাৰাৰ ওচৰত আত্মসমৰ্পণ কৰে।
খালিস্তানী নেতাগৰাকীৰ খুৰাকৰ আত্মসমৰ্পন
খালিস্তানী নেতাগৰাকীৰ খুৰাকৰ আত্মসমৰ্পন

ডিজিটেল ডেস্কঃ অমৃতপাল সিঙৰ সন্ধানত অভিযান তীব্ৰ কৰিছে পঞ্জাৱ আৰক্ষীয়ে। ৰাজ্যখনত পিয়াপি দি ফুৰিছে আৰক্ষী। ৩০ বছৰীয়া নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে চলোৱা অভিযানে সোমবাৰে ৩ দিনত ভৰি দিলে।

বৰ্তমানে খালিস্তানী নেতাগৰাকীক বিছাৰি চলা অভিযানত ব্যৰ্থ হৈছে ৰাজ্যখনৰ আৰক্ষী বিভাগ । ইতিমধ্যই নেতাগৰাকীৰ বহু কেইজন সতীৰ্থক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ৪ জন সদস্যক অসমলৈ প্ৰেরণ কৰিছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি ৰাষ্ট্ৰীয় তন্দন্তকাৰী সংস্থা (এন আই এ) য়ে শেহতীয়াকৈ এই বিষয়টো সন্দৰ্ভত নিজাকৈ তদন্ত আৰম্ভ কৰিব ।

নেতাজনৰ সমৰ্থিত সদস্যসকলে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতৰ সৃষ্টি যাতে নকৰে তাৰ বাবে কৰ্তন কৰিছে ৰাজ্যখনৰ ইন্টাৰনেটত সেৱাৰ উপৰিও এছ এম এছ সেৱা । শেহতীয়াকৈ ৰাজ্য চৰকাৰখনে মঙলবাৰ তথা ২১ মাৰ্চলৈ দুয়োটা সেৱাই কৰ্তন কৰি ৰখাৰ সিদ্ধান্ত লৈছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি যোৱা শনিবাৰে অমৃপালক বিছাৰি এক অভিযান চলোৱা হৈছিল । ইয়াৰ পিছতেই দেওবাৰে নিশা অমৃতপালৰ খুৰাক হৰজিৎ সিং আৰু সহযোগী হৰপ্ৰীত সিঙে জলন্ধৰৰ মেহাটপুৰ অঞ্চলৰ বুলন্দপুৰ গুৰুদ্বাৰাৰ ওচৰত আত্মসমৰ্পণ কৰে।

খালিস্তানী নেতাগৰাকীৰ খুৰাকৰ আত্মসমৰ্পন
আই এছ আইৰে সম্পৰ্কলৈ কিদৰে আহিছিল অমৃত পাল সিং?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in