Advertisment

'এক দেশ, এক নিৰ্বাচন'ৰ সপক্ষে ২৬৯ টা ভোট, বিপক্ষে মাত্ৰ ১৯৮ টা ভোট...

আজি লোকসভাত উত্থাপন হ’ল ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক। লোকসভাত আজি কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে নিৰ্ধাৰিত সূচী মতেই প্ৰত্যাহ্বানৰ মাজেৰে উত্থাপন কৰে 'এক দেশ, এক নিৰ্বাচন' বিধেয়ক।

author-image
Asomiya Pratidin
New Update
'এক দেশ, এক নিৰ্বাচন'ৰ সপক্ষে ২৬৯ টা ভোট, বিপক্ষে মাত্ৰ ১৯৮ টা ভোট...

ডিজিটেল ডেস্কঃ আজি লোকসভাত উত্থাপন হ’ল ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক। লোকসভাত আজি কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে নিৰ্ধাৰিত সূচী মতেই প্ৰত্যাহ্বানৰ মাজেৰে উত্থাপন কৰে 'এক দেশ, এক নিৰ্বাচন' বিধেয়ক।

Advertisment

বিৰোধী ৰাজনৈতিক দলৰ সাংসদসকলে এই বিধেয়ক উত্থাপনৰ বিৰোধিতা কৰি আপত্তি প্ৰদৰ্শন কৰে। সেয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই বিল উত্থাপনক লৈ ভোটিঙৰ ব্যৱস্থা কৰে।

সেই অনুসৰিয়েই ভোটিঙত বিলখন উত্থাপনৰ সপক্ষে ২৬৯ টা ভোট পৰে আৰু বিৰোধিতাৰে ভোট পৰে ১৯৮ টা। ইয়াৰ পিছতে আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে লোকসভাত এই বিধেয়কখনৰ সন্দৰ্ভত আলোচনাৰ বাবে আহ্বান জনায়।

তেওঁ কয়, বিৰোধীয়ে এই বিধেয়কখনে অনুচ্ছেদ ৩৬০ (এ) উলংঘন কৰিব বুলি দাবী কৰিছে। এই অনুচ্ছেদে সংসদ আৰু ৰাজ্যিক বিধানসভাসমূহৰ নিৰ্বাচনলৈ সংশোধন আনিবলৈ অধিকাৰ দিছে।

কংগ্ৰেছ নেত্ৰী তথা ৱায়নাডৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে এই বিধেয়কক অসাংবিধানিক আখ্যা দিছে। তেওঁ কয়, এই বিধেয়ক অসাংবিধানিক। এই বিধেয়ক আমাৰ দেশৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ বিৰোধী। সেয়ে আমি এই বিধেয়কৰ বিৰুদ্ধে আছো। 

লোকসভা এক দেশ, এক নিৰ্বাচন