কৰ্ণাটকত গো হত্যাক লৈ মুখ্য়মন্ত্ৰী ছিদ্ধাৰামায়াৰ সঁহাৰি...

কৰ্ণাটকত গো হত্যাক লৈ মুখ্য়মন্ত্ৰী ছিদ্ধাৰামায়াৰ সঁহাৰি...

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ পশু আইনে ৰাজ্যখনত গো হত্যাৰ অনুমতি প্ৰদান কৰিছে । এই লৈ ৰাজ্যখনত শাসক বিৰোধীৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে । গো বধৰ বিষয়টোকলৈ বিৰোধী দল বিজেপিয়ে তীব্ৰ বিৰোধীতা কৰিছে । ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ছিদ্ধাৰামাইয়াই গো হত্যাৰ বিষয়টোক লৈ সঁহাৰি প্ৰদান কৰিছে ।

পূৰ্বৰ বিজেপি চৰকাৰখনে ৰাজ্যখনত মহ বধৰ অনুমতি প্ৰদান কৰিছিল । বিজেপিৰ সেই সিদ্ধান্তক উভতি ধৰিছে পশু মন্ত্ৰী কে ভেঙ্কটেশে । মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰি কয় যে, "যদিহে ম'হ হত্যা কৰিব পাৰি, গৰু কিয় নোৱাৰি ?"

লগতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে, পূৰ্বৰ বিজেপি চৰকাৰে এখন বিধেয়ক প্ৰয়োগ কৰিছিল । য'ত চৰকাৰখনে ম'হ বধৰ অনুমতি প্ৰদান কৰিছিল । কিন্তু গৰু হত্যাৰ অনুমতি প্ৰদান কৰা নাছিল । আমি এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিম বুলিও মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰিছে ।

লগতে পশু মন্ত্ৰীগৰাকীয়ে কয় যে, বয়সীয়া গৰু হত্যাই গৰুবোৰ পৰিচালনা কৰাত কৃষকসকলে সন্মুখীন হোৱা সমস্যাৰ পৰা সকাহ লাভ কৰিব ।"

এই বাদ বিবাদৰ মাজতে বিজেপি বিধায়ক অশ্বাথ নাৰায়ণে কয় যে, "কংগ্ৰেছ দলটো হিন্দুসকলৰ অনুভূতিৰ বিৰুদ্ধে গৈ আছে । তেওঁলোকে সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰি আছে।"

উল্লেখ্য যে কৰ্ণাটকৰ পশু আইনে ৰাজ্যখনত গৰু হত্যাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। একমাত্ৰ বধৰ অনুমতি প্ৰদান কৰা হৈছে ১৩ বছৰতকৈ অধিক বয়সৰ দুৰাৰোগ্য-অসুস্থ গৰু আৰু ম'হ বধৰ।

কৰ্ণাটকত গো হত্যাক লৈ মুখ্য়মন্ত্ৰী ছিদ্ধাৰামায়াৰ সঁহাৰি...
সফলতাৰ অনন্য বাট দেখুৱাইছে ৰামানুজনৰ শিক্ষক দিলীপ বৰাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in