নকল সোণ ব্যৱসায়ৰ অন্যতম অভিযুক্ত আজগৰ আলীৰ আত্মসমৰ্পণ

নকল সোণৰ মূল মাফিয়া আজগৰ আলীৰ আত্মসমৰ্পণ। লখিমপুৰ সদৰ থানাত বুধবাৰে আত্মসমৰ্পণ কৰে আজগৰ আলীয়ে।

author-image
Asomiya Pratidin
New Update
নকল সোণ ব্যৱসায়ৰ অন্যতম অভিযুক্ত  আজগৰ আলীৰ আত্মসমৰ্পণ

ডিজিটেল ডেস্কঃ নকল সোণৰ মূল মাফিয়া আজগৰ আলীৰ আত্মসমৰ্পণ। লখিমপুৰ সদৰ থানাত বুধবাৰে আত্মসমৰ্পণ কৰে আজগৰ আলীয়ে। নকল সোণৰ সৈতে ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আত্মসমৰ্পণ আজগৰৰ। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, আৰক্ষীয়ে .কোৱা বাবে তেওঁ আত্মসমৰ্পণ কৰিছে।তেওঁৰ মতে ভাইৰেল হোৱা ভিডিঅ'টো আম কোনোৱে তেওঁক জোৰ কৰিহে কৰাইছিল।

Advertisment

উল্লেখ্য যে, অভিযান চলাই এছ আই জোনমণি ৰাভাই আটক কৰিছিল আজগৰ আলীক। পৰৱৰ্তী সময়ত আজগৰ আলীৰ মাতৃয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে তৰিছিল গোচৰ।

তাৰ কিছুদিন পিছতে এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুয়ে তোলপাৰ লগাই ৰাজ্য। পোহৰলৈ আহে নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত একাংশৰ লগতে বহু শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াও। উল্লেখ্য যে, মঙলবাৰেও বঙালমাৰা আৰক্ষী থানাত নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত একাংশই আত্মসমৰ্পন কৰে।

Also Read: তৎপৰ আনন্দ মিশ্ৰ: আত্মসমৰ্পণ ছয় নকল সোণ মাফিয়াৰ...

Assam police