NRI একাউণ্টতৰ পুঁজিত এপ্ৰিল-ডিচেম্বৰত ৪৩ শতাংশ বৃদ্ধি হৈ ১৩.৩৩ বিলিয়নত উপনীত...

RBI এ প্ৰকাশ কৰা শেহতীয়া পৰিসংখ্যা অনুসৰি ২০২৩ ৰ তুলনাত ২০২৪ ত বিদেশত কাম কৰা প্ৰবাসী ভাৰতীয়সকলৰ পৰা এন আৰ আই বেংক একাউণ্টলৈ ধনৰ প্ৰবাহ ৪২.৮ শতাংশ বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
NRI একাউণ্টতৰ পুঁজিত এপ্ৰিল-ডিচেম্বৰত ৪৩ শতাংশ বৃদ্ধি হৈ ১৩.৩৩ বিলিয়নত উপনীত...

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা শেহতীয়া পৰিসংখ্যা অনুসৰি ২০২৩ ৰ তুলনাত ২০২৪ ত বিদেশত কাম কৰা প্ৰবাসী ভাৰতীয়সকলৰ পৰা এন আৰ আই বেংক একাউণ্টলৈ ধনৰ প্ৰবাহ ৪২.৮ শতাংশ বৃদ্ধি পাইছে। তথ্য অনুসৰি ২০২৩ ত এন আৰ আই একাউণ্টলৈ ধনৰ প্ৰবাহ আছিল ৯.৩৩ বিলিয়ন ডলাৰ। ২০২৪ ত এই পৰিমাণ হয়গৈ ১৩.৩৩ বিলিয়ন ডলাৰ।

তাৰোপৰি তথ্য অনুসৰি ২০২৪ চনৰ ডিচেম্বৰৰ শেষৰ ফালে মুঠ বাকী থকা প্ৰবাসী ভাৰতীয় জমা ধন ২০২৩ চনৰ ডিচেম্বৰ মাহত ১৪৬.৯ বিলিয়ন ডলাৰৰ সংশ্লিষ্ট সংখ্যাৰ তুলনাত ১৬১.৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। ২০২৪ চনৰ এপ্ৰিল-ডিচেম্বৰৰ সময়ছোৱাত এফ চি এন আৰ (বি) জমা ধনত সৰ্বাধিক ৬.৪৬ বিলিয়ন ডলাৰৰ প্ৰবাহ আহিছে। যি যোৱা বছৰৰ একে সময়ছোৱাত এই একাউণ্টসমূহত জমা হোৱা ৩.৪৫ বিলিয়ন ডলাৰৰ পৰিমাণৰ দুগুণৰ ওচৰ চাপিছে।

ডিচেম্বৰৰ শেষৰ ফালে এফ চি এন আৰ(বি) একাউণ্টত বাকী থকা ধনৰাশি ৩২.১৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। এফ চি এন আৰ(বি) একাউণ্টৰ জৰিয়তে গ্ৰাহকে ভাৰতত মুক্তভাৱে পৰিবৰ্তনযোগ্য বিদেশী মুদ্ৰাত এবছৰৰ পৰা পাঁচ বছৰলৈকে ফিক্সড ডিপ’জিট ৰখাৰ অনুমতি দিয়ে।

যিহেতু এনে একাউণ্ট বিদেশী মুদ্ৰাত ৰখা হয়, গতিকে ই জমা ধনৰ সময়ছোৱাত মুদ্ৰাৰ উঠা-নমাৰ বিৰুদ্ধে ধন সুৰক্ষিত কৰে। এই সময়ছোৱাত এন আৰ আই জমা ধনৰ প্ৰবাহ ৩.৫৭ বিলিয়ন ডলাৰ হৈছে। যি পূৰ্বৰ বছৰৰ একে সময়ছোৱাত ২.৯১ বিলিয়ন ডলাৰ আছিল।

২০২৪ চনৰ ডিচেম্বৰ মাহত এন আৰ আইৰ বাকী থকা জমা ধন আছিল ৯৯.৫৬ বিলিয়ন ডলাৰ। ২০২৪ চনৰ এপ্ৰিল-ডিচেম্বৰ মাহত এন আৰ অ’ জমা ধনৰ পৰিমাণ ৩.২৯ বিলিয়ন ডলাৰৰ প্ৰবাহ হৈছিল, যি এবছৰৰ পূৰ্বৰ একে সময়ছোৱাত ২.৯৭ বিলিয়ন ডলাৰৰ তুলনাত বৃদ্ধি পাইছে।

এন আৰ অ’ৰ জমা ধনৰ মুঠ বাকী থকা ধন ২০২৪ চনৰ ডিচেম্বৰ মাহত আছিল ৩০.০৪ বিলিয়ন ডলাৰ। ডিচেম্বৰৰ আৰম্ভণিতে আৰ বি আইয়ে বিদেশী মুদ্ৰাৰ এফ চি এন আৰ-(বি) জমা ধনৰ সুতৰ হাৰৰ সীমা বৃদ্ধি কৰিছিল। যাতে বেংকে এই জমা ধনৰ ওপৰত অধিক লাভ দিব পাৰে। আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য শক্তিশালী কৰিবলৈ দেশত অধিক বিদেশী মুদ্ৰা আকৰ্ষণ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

অৰ্থনীতি