কেৱল BJPতেই নহয়, NDA তেই নাই মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ ধৰ্মীয় সাংসদ...

তামিলনাডুৰ কংগ্ৰেছ সাংসদ মনিকাম ঠাকুৰে দাঙি ধৰিলে পৰিসংখ্যা
কেৱল BJPতেই নহয়, NDA তেই নাই মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ ধৰ্মীয় সাংসদ...
কেৱল BJPতেই নহয়, NDA তেই নাই মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ ধৰ্মীয় সাংসদ...

ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত দেশবাসীয়ে প্ৰত্যক্ষ কৰিছিল কিদৰে ৰাজনৈতিক নেতাৰ মুখত এটাৰ পিছত এটাকৈ সাম্প্ৰদায়িক মন্তব্যই স্থান লাভ কৰিছিল। কিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজস্থানৰ প্ৰচাৰ সভাত মুছলমানসকলক অনুপ্ৰৱেশকাৰী আখ্যাৰে দেশৰ সম্পদ এইসকল মুছলমানৰ মাজত কংগ্ৰেছে পুনৰ বিতৰণ কৰিব বুলি মুকলিকৈ মন্তব্য কৰি সাম্প্ৰদায়িক মেৰু বিভাজনৰ অপচেষ্টাত লিপ্ত হৈছিল। মোডীৰ দৰেই তেওঁৰ অনুগতসকলে, গৃহ মন্ত্ৰী অমিত শ্বাহৰ পৰা বিজেপি প্ৰাৰ্থীলৈকে কোনো বাদ পৰি ৰোৱা নাছিল সাম্প্ৰদায়িক মন্তব্য কৰাৰ পৰা।

এনে সাম্প্ৰদায়িক মেৰু বিভাজনৰ মুকলি কথা-বতাৰৰ মাজতে ৪ জুনত নিৰ্বাচনী ফলাফল প্ৰকাশ হৈছে। এই নিৰ্বাচনত এইবাৰ বিজেপিয়ে আশা কৰা ধৰণে ফলাফল লাভ নকৰিলে। এই ফলাফলৰ পাছতে এতিয়া পোহৰলৈ আহিছে এক বিশেষ পৰিসংখ্যা।

এই পৰিসংখ্যা অনুসৰি বিজেপিয়ে যি ২৪০ গৰাকী সাংসদ লাভ কৰিলে সেই সাংসদসকলৰ ভিতৰত নাই এজনো মুছলমান সাংসদ। কেৱল বিজেপিয়েই নহয়, সমগ্ৰ এন ডি এতে নাই এজনো মুছলমান সাংসদ। মুছলমান সাংসদ বিজেপিত নথকা বিষয়টো স্বাভাৱিক বুলি ধৰি ললেও বিজেপি আৰু এন ডি এৰ অন্তৰ্গত আন দলসমূহত এজনো মুছলমান, শিখ, বৌদ্ধ আৰু খ্ৰীষ্টান ধৰ্মীয় সাংসদ নথকা বিষয়টোৱে বহুতকে আচৰিত কৰিছে।

পৰিসংখ্যা অনুসৰি বিজেপিৰ লগতে এন ডি এত এইবাৰ দেখা গৈছে কেৱল ব্ৰাহ্মণসকলৰ জয়জয়কাৰ। এন ডি এয়ে এইবাৰ প্ৰক্ষেপ কৰা তেওঁলোকৰ প্ৰাৰ্থীৰ ভিতৰত মুঠ ১৪.৯ শতাংশই আছিল ব্ৰাহ্মণ সম্প্ৰদায়ৰ। ইয়াৰ বিপৰীতে বিজয়ী হৈ আহিছে ১৪.৭ শতাংশ।

সেইদৰে ৰাজপুত আৰু অন্যান্য উচ্চ জাতি মিলাই এইবাৰ এন ডি এত সাংসদৰ সংখ্যা ৩৩.২ শতাংশ। ইয়াৰ বিপৰীতে অ’ বি চি, মাৰাঠা, জাট, পাতিদাৰ, ৰেড্ডী আদিকে ধৰি ইণ্টাৰমেডিয়েট কাষ্টৰ সাংসদৰ সংখ্যা ৪১.৯ শতাংশ। একেদৰে অনুসূচীত জাতিৰ সাংসদৰ সংখ্যা ১৩.৩ শতাংশ আৰু অনুসূচীত জনজাতিৰ সাংসদৰ সংখ্যা ১০.৮ শতাংশ।

ইয়াৰ বিপৰীতে বিজেপি আৰু এন ডি এৰ অন্তৰ্গত এটাও দলত এজনো মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ সম্প্ৰদায়ৰ সাংসদ নাই। তথ্য অনুসৰি এইবাৰৰ লোকসভা নিৰ্বাচনত এন ডি এৰ অন্তৰ্গত দলসমূহে মাত্ৰ ০.৯ শতাংশ মুছলমান, ০.৪ শতাংশ বৌদ্ধ, ০.২ শতাংশ খ্ৰীষ্টান, শিখ ধৰ্মীয় লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল। কিন্তু ইয়াৰ এজনো বিজয়ী হৈ নাহিল।

এক্স হেণ্ডেলত এই পৰিসংখ্যা তুলি ধৰিছে তামিলনাডুৰ কংগ্ৰেছ সাংসদ মনিকাম ঠাকুৰে। তেওঁ লিখিছে, "লোকসভাত নৱ নিৰ্বাচিত এন ডি এ সাংসদসকলৰ ভিতৰত এজনো মুছলমান, খ্ৰীষ্টান, শিখ বা বৌদ্ধ সাংসদ নাই। প্ৰকৃত গণতন্ত্ৰ অব্যাহত ৰখাৰ বাবে ধৰ্মীয় বৈচিত্ৰ্যৰ প্ৰতিনিধিত্ব গুৰুত্বপূৰ্ণ। কিন্তু 'আংকল জী'য়ে সেইটো হ'বলৈ নিদিয়ে। কল্পনা কৰক এই মনোভাৱে দেশৰ গণতন্ত্ৰক কিমান বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে।''

ৰাজনৈতিক বিশ্লেষকসকলৰ দাবী বিজেপিৰ বাহিৰে এন ডি এৰ অন্তৰ্গত দলসমূহে যি কম সংখ্যক মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, শিখ আদি ধৰ্মীয় লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল তেওঁলোক এন ডি এৰ মূল শক্তি বিজেপিৰ অতি হিন্দুত্ববাদী চৰিত্ৰৰ বাবেই বিজয়ী হৈ আহিব নোৱাৰিলে।

এন ডি এৰ এনে দৃশ্যপটৰ বিপৰীতে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াত আকৌ উচ্চ সম্প্ৰদায়ৰ সাংসদ আছে ১২.৪ শতাংশ। ইণ্টাৰমিডিয়েট কাষ্ট আৰু অ’ বি চিৰ সাংসদ আছে  ৪২.৬ শতাংশ। অনুসূচিত জাতিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে ১৭.৮ শতাংশ, অনুসূচীত জনজাতিৰ পৰা সাংসদ হৈছে ৯.৯ শতাংশ। সেইদৰেই ইণ্ডিয়াত মুছলমান সাংসদ আছে ৭.৯ শতাংশ, খ্ৰীষ্টান সম্প্ৰদায়ৰ সাংসদ আছে ৩.৫ শতাংশ, শিখ সম্প্ৰদায়ৰ সাংসদ আছে ৫ শতাংশ আৰু অন্যান্য ১ শতাংশ।

কেৱল BJPতেই নহয়, NDA তেই নাই মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ ধৰ্মীয় সাংসদ...
চৰকাৰৰ কৃপাদৃষ্টি নপৰা অজন্তা নেওগৰ সমষ্টিৰ এখন গাঁৱৰ কাহিনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in