উত্তৰ-পূৰ্বৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰৰ চৰকাৰৰ ৮১৩৯.৫০ কোটি টকা অনুমোদন

উত্তৰ-পূৰ্বৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰৰ চৰকাৰৰ ৮১৩৯.৫০ কোটি টকা অনুমোদন

author-image
Asomiya Pratidin
New Update
উত্তৰ-পূৰ্বৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰৰ চৰকাৰৰ ৮১৩৯.৫০ কোটি টকা অনুমোদন

ডিজিটেল ডেস্কঃ 'উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি' ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিছে নতুন নিৰ্দেশনা। এই আঁচনিৰ অধীনত ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ কেবিনেটে ৮১৩৯.৫০ কোটি টকাৰ অনুমোদন জনাইছে।

Advertisment

উল্লেখযোগ্য যে, আঁচনিখনৰ ১০০ শতাংশ পুঁজিয়ে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব। আঁচনিখনৰ পুঁজি অনুমোদন দিয়া হৈছে এনইএছআইডিএছ-পথ আৰু এনইএছআইডিএছ-অন্যান্য পথৰ আন্তঃগাঁথনিত ব্যয়ৰ বাবে। এই আঁচনিখনৰ সৈতে 'উত্তৰ-পূব পথ খণ্ড উন্নয়ন আঁচনি'ক একত্ৰিত কৰাকে ধৰি কেইবাটাও নতুন সিদ্ধান্তৰ সৈতে নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

নতুন নিৰ্দেশনা অনুসৰি, কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ পৰিচালনা আৰু কাৰ্যকৰী কৰাৰ বাবে অংশীদাৰসকলৰ সৈতে আলোচনাৰ মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে। আঁচনিখনৰ উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিশেষ খণ্ডক চিনাক্ত কৰি আন্তঃগাঁথনি উন্নয়নত সহায় কৰা।

আনহাতে কেন্দ্ৰীয় কেবিনেটে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ মুঠ ৩২০২.৭ কোটি টকা ব্যয়েৰে 'এনইচিৰ আঁচনি' অব্যাহত ৰখাৰ বাবেও অনুমোদন জনায়। এই আঁচনিখনৰ বাবেও কেন্দ্ৰীয় চৰকাৰে বিতং আলোচনা কৰি নতুন নিৰ্দেশনা দিছে।

আঁচনি কেইখনৰ উদ্দেশ্য হৈছে কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগৰ প্ৰচেষ্টাত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰা। এই ক্ষেত্ৰত আঁচনিকেইখনে উন্নয়ন তথা কল্যাণমূলক কাৰ্যত গুৰুত্ব দিব। তদুপৰি ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যক পথেৰে একলগ কৰাৰ প্ৰয়োজনীয়তা তথা সামাজিক খণ্ড, আন্তঃগাঁথনি বিকাশ, জীৱিকা আৰু নিযুক্তি বাবে গুৰুত্ব প্ৰদান কৰাৰ কথাও ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Also Read: গঠন হ'ব গ্ৰেটাৰ কোচবিহাৰ ! ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লৈয়ে অনন্ত মহাৰাজৰ হুংকাৰ...

Govt of India