/asomiyapratidin/media/media_files/2025/01/17/eckHFLMAmLK90GUplGAx.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: বিদ্যাৰ পবিত্ৰ মন্দিৰ নহয়, যেন পৈতৃক সম্পত্তিহে এখন উচ্চ শিক্ষানুষ্ঠানৰ এগৰাকী অধ্যক্ষৰ বাবে। যেতিয়াই যিহকে মন যায়, তাকেই কৰি চূড়ান্ত মইমতালি চলাই প্ৰশাসনীয় তদন্তৰ সন্মুখীন হৈ মহাবিদ্যালয়খনক বদনামি কৰি তোলা এইজন অদক্ষ অধ্যক্ষ হৈছে ড০ যুগল শইকীয়া।
উত্তৰ অসমৰ অন্যতম প্ৰতিষ্ঠিত মহাবিদ্যালয় নৰ্থ বেংক মহাবিদ্যালয়খনৰ কলংক হিচাবে নিজৰ কাৰ্যকলাপেৰে পৰিচিত হোৱা ড০ শইকীয়াই শুকুৰবাৰে সংঘটিত কৰে অন্য এক মাতব্বৰী আচৰণ। নিজৰ কাৰ্যকালত সুকৰ্মেৰে নহয়, সীমাহীন কুকৰ্মেৰে নৰ্থ বেংক মহাবিদ্যালয়খনক কলংকিত কৰি তোলা যুগল শইকীয়াই শুকুৰবাৰে হাতত ললে অন্য এক নিন্দনীয় পন্থা।
ভোগালী বিহুৰ বন্ধৰ পৰৱৰ্তী সময়ত শুকুৰবাৰে মহাবিদ্যালয় খোলাৰ পাছত মহাবিদ্যালয়ৰ সমূহ শিক্ষক, কৰ্মচাৰীক মহাবিদ্যালয়ৰ কাৰ্য্যালয়ত প্ৰৱেশত বাধা দিয়াৰ কৌশলী চক্ৰান্ত ৰচনা কৰি এইজন উন্নাসিক অধ্যক্ষই পুৱা ৯ঃ২৮ বজা পৰ্যন্ত মহাবিদ্যালয়ৰ কাৰ্য্যালয়ৰ মূল প্ৰৱেশদ্বাৰত প্ৰকাণ্ড তলা ওলমাই ৰাখে।যাৰ পৰিণতিত মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী সমন্বিতে একাংশ শিক্ষাৰ্থী মহাবিদ্যালয়খনলৈ আহি প্ৰৱেশদ্বাৰ বন্ধ থকাত ঘণ্টা ঘণ্টা ধৰি বোন্দাপৰ দি থাকিব লগা হয় গেট খোলালৈ।
যিহেতু উচ্চ শিক্ষা সঞ্চালকালয়ৰ স্পষ্ট নিৰ্দেশ প্ৰতিটো কৰ্মদিনৰ পুৱা ৯ বজাৰ পূৰ্বে পানচিং মেচিনত নিজৰ উপস্থিতি দিব লাগে। উক্ত নিৰ্দেশনা আৰু নিজৰ কৰ্তব্যনিষ্ঠা পালি শিক্ষক, কৰ্মচাৰীসকল অন্যদিনৰ দৰে শুকুৰবাৰেও যথা সময়ৰ পূৰ্বে উপস্থিত হৈছিল ।
কিন্তু মহাবিদ্যালয়ৰ কাৰ্য্যালয়ৰ মূল গেট বন্ধ কৰি ইচ্ছাকৃতভাৱে অধ্যক্ষ ড০ শইকীয়াই শিক্ষক, কৰ্মচাৰীসকলৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ কৰিবলৈ এই দাম্ভিক আচৰণ কৰে । যাৰ বাবে মহাবিদ্যালয়ৰসমূহ শিক্ষক, কৰ্মচাৰী সকলোৱে অনাহকত এদিনৰ বাবে সমূহীয়া ভাবে অনুপস্থিত থকাৰ তথ্য লিপিবদ্ধ হল পানচিং মেচিনত।
অধ্যক্ষৰ বেপৰোৱামীৰ বাবেই ঘণ্টা জুৰি এনেদৰে মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীসকল অপেক্ষা কৰি থকা বিষয় সন্দৰ্ভত সংবাদ মাধ্যমৰ অৱগত হোৱাত পুনৰ বাতৰিৰ শিৰোনাম হোৱাৰ ভয়ত ত্ৰস্তমান হৈ কাণ্ডজ্ঞানহীন অধ্যক্ষগৰাকীয়ে এজন অচিনাক্ত ব্যক্তিৰ জৰিয়তে মহাবিদ্যালয়ৰ অফিচৰ প্ৰৱেশদ্বাৰৰ তলা খুলি দিয়ে পুৱা ৯-২৮ বজাত। এই সন্দৰ্ভত মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু কৰ্মচাৰী সকলে সংবাদ মাধ্যমৰ আগত জনোৱা মতে পানচিং মেচিনত নিৰ্ধাৰিত সময়ৰ পূৰ্বে উপস্থিতি স্বাক্ষৰ নিদি পৰৱৰ্তী সময়ত দিলে সেইদিনাৰ বাবে অনুপস্থিত গণ্য কৰে।
যিহেতু নিৰ্ধাৰিত সময় উকলি যোৱাৰ পাছতহে মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ খুলি দিছিল সেয়ে শিক্ষক, কৰ্মচাৰীসকলে শুকুৰবাৰে পানচিং নকৰাৰ ঐক্যবদ্ধ সিদ্ধান্ত গ্ৰহণ কৰে। এগৰাকী অধ্যক্ষৰ এনে তৰল আৰু অবিবেচকী কাণ্ডত ক্ষুব্ধ ,অসন্তুষ্ট আৰু বিস্মিত শিক্ষক কৰ্মচাৰীসকল ।
মহাবিদ্যালয় শিক্ষক গোটে এই অমানৱীয় আচৰণ আৰু পৰিকল্পিত চক্ৰান্তৰ একেমুখে ধিক্কাৰ, গৰিহণা দি আলোচনাত মিলিত হয় । বিষয়টো উচ্চ শিক্ষা সঞ্চালকালয়ৰ দৃষ্টিগোচৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ শিতানৰ বিশাল পুঁজি অপচয়, বিশ্ববিদ্যালয় অনুদান আয়োগৰ আবন্তিত পুঁজিৰ গোগ্ৰাসে উদৰস্থকৰণ, মহাবিদ্যালয় চৌহদৰ মূল্যবান গছ কাটি হৰলুকী কৰা, শিক্ষক কৰ্মচাৰী নিযুক্তিৰ নামত অৰ্থসংগ্ৰহৰ নির্লজ বেহা পতাকে প্ৰমুখ্য কৰি সীমাহীন স্পৰ্শকাতৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰা হৈছিল।
পবিত্ৰ শিক্ষানুষ্ঠানখনক পৈতৃক সম্পত্তি গণ্য কৰি সুদীর্ঘ দিন ধৰি চলাই অহা উৰ্ধবাহু নৃত্যৰ পৰা পৰিত্ৰাণ বিচাৰি ঘিলামৰাবাসী ৰাইজ আৰু মহাবিদ্যালয় শিক্ষক, কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি জনোৱা অভিযোগ ভিত্তিত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত লখিমপুৰ জিলা প্ৰশাসনে তদন্ত কৰি আছে অধ্যক্ষ গৰাকীৰ কুকৰ্মৰ ওপৰত। তদন্তৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে এইসকল ন্যায়কামী অভিযোগকাৰী শিক্ষক, কৰ্মচাৰীক এসেকা দিয়াৰ কুটিল চক্ৰান্ত কৰি এনে দায়িত্বজ্ঞানহীন পদক্ষেপ লোৱা বুলি শিক্ষক কৰ্মচাৰীসকলে আশংকা প্ৰকাশ কৰিছে।