/asomiyapratidin/media/media_files/2025/04/17/4AsbHaBcIq6zUSApCiQh.png)
ডিজিটেল ডেস্কঃ পৰিয়ালৰ অমতত বিয়া কৰিলে আৰক্ষীৰ সুৰক্ষা বিচাৰিব নোৱাৰিব নৱ দম্পত্তিয়ে। কেৱলমাত্ৰ প্ৰাণৰ সংশয়ৰ সম্ভাৱনা থাকিলেহে আৰক্ষীৰ নিৰাপত্তা প্ৰদান কৰা হব। এনে এক নিৰ্দেশনাই প্ৰদান কৰিলে এলাহবাদ উচ্চ ন্যায়ালয়ে।
এলাহবাদ উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ, যিসকলে মাক-দেউতাকৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বিবাহ কৰে তেওঁলোকৰ স্বাভাৱিক জীৱন যাপন আৰু স্বাধীনতাত হস্তক্ষেপ নকৰিলে, বা প্ৰাণনাশৰ আশংকা নাথাকিলে অধিকাৰ হিচাপে আৰক্ষী সুৰক্ষা দাবী কৰিব নোৱাৰিব।
সম্প্ৰতি পৰিয়ালৰ অমতত বিয়াত বহা এক দম্পত্তিয়ে আৰক্ষীৰ নিৰাপত্তা বিচাৰি এলাহবাদ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। তেওঁলোকৰ অভিযোগ আছিল দুই পৰিয়ালৰ সদস্যই তেওঁলোকৰ শান্তিপূৰ্ণ বৈবাহিক জীৱনক বিঘ্নিত কৰিছে। পৰিয়ালক সেয়ে এই সন্দৰ্ভত এক নিৰ্দেশনাৰো দাবী জনাইছিল তেওঁলোকে।
সেই আবেদনৰ শুনানিতেই সম্প্ৰতি এই ৰায় প্ৰদান কৰিছে ন্যায়ালয়ে। এই ৰায়ত ন্যায়ালয়ে কয়, উপযুক্ত কাৰণ থাকিলে দম্পত্তিক নিৰাপত্তা প্ৰদান কৰিব পাৰি। কিন্তু প্ৰাণনাশৰ চিন্তা নাথাকিলে এনে ক্ষেত্ৰত দম্পত্তিক আৰক্ষীৰ সুৰক্ষা দিয়া নহ’ব।
ন্যায়াধীশ সৌৰভ শ্ৰীবাস্তৱে কয়,পৰিয়ালৰৰ অমতত বিয়া কৰালে দম্পত্তিয়ে এক ইজনে সিজনৰ কাষত থাকিবলৈ আৰু সমাজৰ মুখামুখি হবলৈ শিকিব লাগিব। ন্যায়ালয়ৰ পৰ্যবেক্ষণ, আবেদনকাৰীৰ জীৱনত এতিয়া কোনো গুৰুতৰ সমস্যাৰ সৃষ্টি হোৱা নাই।
আবেদনকাৰীৰ শাৰীৰিক বা মানসিক নিৰ্যাতন কৰা হৈছে তেনে কোনো প্ৰমাণো নাই। এই প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ এক পুৰণি গোচৰো টানি আনে ন্যায়ালয়ে। ন্যায়ালয়ে কয়, ইয়াৰ পূৰ্বে লতা সিং বনাম উত্তৰ প্ৰদেশ চৰকাৰ গোচৰত দম্পত্তিক আৰক্ষী নিৰাপত্তা দিয়াৰ বিৰোধিতা কৰিছিল উচ্চতম ন্যায়ালয়ে।
সেই ৰায়ত কোৱা হৈছিল নিজৰ ইচ্ছাত পলাই গৈ বিয়া হোৱা দম্পত্তিৰ সুৰক্ষা কৰিবলৈ বাধ্য নহয় আদালত। অৱশ্যে ন্যায়ালয়ে এই কথাও কৈছিল, যদি কোনোৱে নৱ দম্পত্তিৰ সৈতে দুব্যৱহাৰ কৰে নতুবা তেওঁলোকক ধমকি দিয়ে তেনে ক্ষেত্ৰত ন্যায়ালয় আৰু আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিব।