/asomiyapratidin/media/media_files/2025/02/06/C3dQh6CBvEc08KM4RmGL.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰাৰ সময়ত বিভিন্ন স্থানত থকা টোল প্লাজা সমূহে বাৰে বাৰে অশান্তি দিয়ে সাধাৰণ জনতাক। এই টোল প্লাজাসমূহ অতিক্ৰম কৰাৰ সময়ত FASTag ৰ ৰিচাৰ্জক লৈয়ো নানান জন বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হয়।
পিছে এই সমস্যা আৰু বেছি দিনলৈ নাথাকিব। FASTag ৰ বাৰে বাৰে ৰিচাৰ্জৰ অসুবিধা শীঘ্ৰেই দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।
ভাৰত চৰকাৰে ব্যক্তিগত বাহনসমূহৰ বাবে বাৰ্ষিক আৰু আজীৱন টোল পাছ আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছে। আশা কৰা হৈছে এনে ব্যৱস্থাই ব্যক্তিগত বাহনেৰে নিয়মিত টোল প্লাজাৰে যাতায়ত কৰা লোকসকলক উপকৃত কৰিব।
কিদৰে কাম কৰিব বাৰ্ষিক আৰু আজীবন টোল পাছে?
টাইমছ অফ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি প্ৰস্তাৱিত টোল পাছৰ বাবে বাহনৰ গৰাকীয়ে এবাৰতে দিব লাগিব ৩০০০ টকা। তেওঁ ৩০০০ টকাৰে এবাৰ ৰিচাৰ্জ কৰিলে সকলো ৰাষ্ট্ৰীই ঘাইপথ, এক্সপ্ৰেছৱে এবছৰলৈ ব্যৱহাৰ কৰিব পাৰিব। এই ক্ষেত্ৰত নাথাকিব কোনো সীমা।
তাৰোপৰি আজীৱন টোল পাছৰ বাবে ব্যক্তিগত বাহনৰ গৰাকীয়ে আদায় দিব লাগিব ৩০ হাজাৰ টকা। ৩০ হাজাৰ টকাৰে ৰিচাৰ্জ কৰিলে সকলো ধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে আজীৱন ব্যৱহাৰ কৰিব পাৰিব। এইদৰে ৰিচাৰ্জ কৰাৰ পাছত আৰু বাৰে বাৰে ৰিচাৰ্জ কৰাৰ কোনো প্ৰয়োজন নাথাকিব।
কিয় গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত?
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ইতিমধ্যে ইংগিত দিছিল যে, বেচৰকাৰী বাহনৰ বাবে মাহেকীয়া আৰু বাৰ্ষিক টোল পাছ আৰম্ভ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। তেওঁ প্ৰকাশ কৰা মতে টোল আদায়ৰ ৭৪ শতাংশ বাণিজ্যিক বাহনৰ পৰাই আহে।
বৰ্তমান FASTag ব্যৱহাৰকাৰীসকলে নিৰ্দিষ্ট টোল প্লাজাৰ বাবে ৩৪০ টকা মাহেকীয়া ৰিচাৰ্জ কৰিব পাৰে। বছৰী এই ৰিচাৰ্জৰ পৰিমাণ হয়গৈ ৪,০৮০ টকা। এই ৰিচাৰ্জ কেৱল এখন নিৰ্দিষ্ট টোল প্লাজাৰ ক্ষেত্ৰতহে প্ৰযোজ্য। সেয়ে ৩০০০ টকাৰে বাৰ্ষিক ৰিচাৰ্জ কৰিলে সেই ৰিচাৰ্জৰেই দেশৰ সকলো ৰাজ্যৰ সকলো টোল প্লাজা অতিক্ৰম কৰিব পাৰিব ব্যক্তিগত বাহনে।
এই ব্যৱস্থাই কি কি সুবিধা প্ৰদান কৰিব?
বাৰ্ষিক টোল পাছ- ৩০০০ টকাত এবাৰ FASTag ৰিচাৰ্জ কৰিলে এবছৰলৈ সকলো ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ ব্যৱহাৰৰ সুবিধা পাব।- আজীৱন টোল পাছ- আজীৱন টোল পাছৰ বাবে ব্যক্তিগত বাহনৰ গৰাকীয়ে ৩০ হাজাৰ টকাৰে কৰিব লাগিব ৰিচাৰ্জ। এই ৰিচাৰ্জ কৰিলে ১৫ বছৰলৈ দেশৰ সকলো ব্যক্তিগত বাহনে ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছৱে’ ব্যৱহাৰ কৰিব পাৰিব।
- তাৰোপৰি এই ব্যৱস্থাই টোল প্লাজাসমূহত হ্ৰাস পাব যানজঁটৰ সমস্যা।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে এই নতুন ব্যৱস্থা আৰম্ভ কৰি টোল প্লাজাসমূহৰ যানজঁট হ্ৰাস কৰাৰ লগতে টোল টেক্স সংগ্ৰহৰ ব্যৱস্থা অধিক কাৰ্যকৰী হ’ব বুলি আশা কৰিছে। তাৰোপৰি চৰকাৰৰ ৰাজহৰ ক্ষেত্ৰতো কোন ডাঙৰ সমস্যাৰ সৃষ্টি নকৰিব। কিয়নো টোল টেক্সৰ সৰ্বাধিক টেক্স আছে বাণিজ্যিক বাহনৰ পৰাই। এই প্ৰস্তৱে অৱশ্যে এতিয়ালৈকে অনুমোদন লাভ কৰা নাই।