/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/dc641072-1887-4abe-a503-d739401b7850/mallikarjun_kharge.jpg)
ডিজিটেল ডেস্ক : দেশত বৰ্ধিত অসহিষ্ণুতা আৰু সুবিধাবাদী ৰাজনীতিবিদৰ অপশাসনত যেন এতিয়া কেৱল সাধাৰণ ৰাইজেই নহয় বৰং স্বয়ং কংগ্ৰেছ দলৰ সভাপতিও ক্ষোভিত । শনিবাৰে ঝাৰখণ্ডত অনুষ্ঠিত এক জনসভাত গুৰুতৰ অভিযোগ উত্থাপন কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ।
সভাপতি গৰাকীৰ মন্তব্য অনুসৰি, "সদনেই হওক অথবা ৰাজপথেই হওক, সমগ্ৰ দেশতেই এতিয়া নাই বাক স্বাধীনতা । যিয়েই চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰিছে সিয়েই বৰ্তমান কাৰাগাৰৰ আলহী ।" এনেদৰেই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে । ইয়াৰ ওপৰিও আন এক গুৰুতৰ অভিযোগো উত্থাপন কৰে সভাপতি গৰাকীয়ে । শেহতীয়াকৈ বিৰোধী আৰু শাসনাধিষ্ঠ দলৰ বাক বিতণ্ডাই উত্তাল কৰি ৰখা সদনত হেনো কংগ্ৰেছৰ সভাপতি গৰাকীৰ বক্তব্যৰ কিছু অংশ বাদ দিয়া হৈছিল ইচ্ছাকৃতভাৱে । যাৰ বাবেই সদনতো বাক স্বাধীনতা নথকাৰ কথা ক'বলৈ বাধ্য হয় বৰ্ষীয়ান নেতাগৰাকীয়ে ।
উল্লেখ্য যে, ভাৰত জোড়ো যাত্ৰাৰ সফলতাৰ পিছত এইবাৰ কংগ্ৰেছে ৬০ দিনীয়া "হাথ চে হাথ জোড়ো" যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে য'ত কাৰ্যস্থলীৰ প্ৰত্যেকটো পৰিয়ালৰ বাসগৃহলৈ গৈ কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি সমূহৰ বিষয়ে সচেতন কৰিব ৰাইজক । আৰু এই কাৰ্যসূচী মুকলি কৰা সময়তেই এনে গুৰুতৰ অভিযোগ উত্থাপন কৰে নেতা গৰাকীয়ে ।
আৰু পঢ়ক : লোকে লোকাৰণ্য অধিৱেশনৰ বাকৰি